নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ লাখ যুৱক–যুৱতীৰ নিযুক্তিৰ বাবে কমিটী গঠন

প্রথমখন কেবিনেট বৈঠকতে ল’লে গুৰুত্বপূর্ণ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ১২ মেঃ চৰকাৰ গঠনৰ ২৪ ঘণ্টাৰ ভিতৰতেই ঘোষণা অনুসৰি নির্বাচনী প্রতিশ্রুতি পূৰণৰ দিশে আগবাঢ়িল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ কালি শপতগ্রহণৰ পাছতেই প্রথমখন কেবিনেটৰ বৈঠকতে নির্বাচনী প্রতিশ্রুতি পূৰণৰ লক্ষ্যৰে আগবাঢ়িব বুলি ঘোষণা কৰাৰ পাছত মঙলবাৰে সন্ধিয়া জনতা ভৱনত অনুষ্ঠিত প্রথমখন কেবিনেট বৈঠকত এক লাখ যুৱক–যুৱতীৰ নিযুক্তিৰ ক্ষেত্রত নতুন চৰকাৰখনে ল’লে পদক্ষেপ৷

এই কেবিনেট বৈঠকত অহা এবছৰত এক লাখ যুৱক–যুৱতীৰ নিযুক্তিৰ ক্ষেত্রত চৰকাৰখনে কিধৰণে আগবাঢ়িব, সেই সন্দর্ভত বিত্তমন্ত্রী অজন্তা নেওগৰ অধ্যক্ষতাত গঠন কৰা হ’ল এখন কমিটী৷ কেবিনেট বৈঠকৰ সবিশেষ সদৰী কৰি মন্ত্রী পীয়ূষ হাজৰিকা আৰু মন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়া মতে, বিত্তমন্ত্রীৰ অধ্যক্ষতাত গঠন হ’ব লগা কমিটীখনত সদস্য হিচাপে থাকিব মুখ্য সচিব, গৃহ, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ প্রধান সচিব আৰু মুখ্যমন্ত্রীৰ প্রধান সচিব৷ এই কমিটীখনে অহা এমাহৰ ভিতৰত মুখ্যমন্ত্রীৰ ওচৰত দাখিল কৰিব প্রতিবেদন৷ উক্ত প্রতিবেদন অনুসৰিয়েই চৰকাৰখনে নিযুক্তিৰ ক্ষেত্রত গ্রহণ কৰিব পদক্ষেপ৷

উল্লেখ্য যে বিধানসভা নির্বাচনত প্রতিবছৰে এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে প্রতিশ্রুতি দাঙি ধৰিছিল৷ নির্বাচনী প্রতিশ্রুতিসমূহ চৰকাৰ গঠনৰ পাছতেই পূৰণৰ দিশে আগবাঢ়িব বুলি সোমবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা ঘোষণা অনুসৰি আজি কেবিনেটে গ্রহণ কৰে এই সিদ্ধান্ত৷

একেদৰে এই কেবিনেটতে মাইক্র’ ফাইনেঞ্চৰ ঋণ পৰিশোধৰ ক্ষেত্রত চৰকাৰখনে কিধৰণে পদক্ষেপ গ্রহণ কৰিব, সেই বিষয়সমূহ পুংখানুপুংখ ৰূপে পৰীক্ষা কৰিবলৈ মন্ত্রী অশোক সিংঘলৰ নেতৃত্বত আন এখন কমিটী গঠনৰ সিদ্ধান্ত লয়৷ মন্ত্রী সিংঘলৰ নেতৃত্বত গঠন হ’ব লগা কমিটীখনত সদস্য হিচাপে থাকিব বিত্ত বিভাগৰ প্রধান সচিব, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্রধান সচিব আৰু মুখ্যমন্ত্রীৰ প্রধান সচিব৷

ইফালে ক’ভিড পৰিস্থিতি সম্পর্কত কেবিনেট বৈঠকত বিস্তৃত আলোচনা হোৱাৰ কথা উল্লেখ কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়ে যে ক’ভিড প্রতিৰোধৰ ক্ষেত্রত চৰকাৰখনে কিধৰণে আগবাঢ়িব, সেই সম্পর্কে আলোচনা হোৱাৰ লগতে ক’ভিড প্রতিৰোধৰ এলানি নতুন নিয়ম আজি ঘোষণা কৰা হ’ব৷

ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে আজি দিনৰ ১১ বজাত ৰাজ্য চৰকাৰে গ্রহণ কৰা নতুন নিয়মসমূহ ৰাজ্যবাসীক উদ্দেশ্যি অৱগত কৰিব৷ তদুপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিজন মন্ত্রীক দুখন বা ততোধিক জিলা ভ্রমণ কৰি ক’ভিড পৰিস্থিতি সম্পর্কে বিস্তৃত তথ্য সংগ্রহৰ বাবে আজি কেবিনেটত নির্দেশ দিয়া বুলিও আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়ে৷ সেই অনুসৰি প্রতিগৰাকী মন্ত্রীয়ে সংশ্লিষ্ট জিলা ভ্রমণ কৰি উপায়ুক্ত আৰু স্বাস্থ্য বিষয়াৰ সৈতে আলোচনামর্মে তিনি দিনৰ ভিতৰত এক প্রতিবেদন প্রস্তুত কৰি মুখ্যমন্ত্রীক দাখিল কৰিব৷

আনহাতে, ক’ভিড প্রতিৰোধৰ ক্ষেত্রত আজি যি নিয়ম ঘোষণা কৰা হ’ব, সেই নিয়মসমূহ ১৫ দিনতকৈ অধিক দিন বাহাল থকাৰ পাছতো যদি ক’ভিড সংক্রমণ হ্রাস নহয়, তেন্তে নীতি–নিয়ম অধিক কঠোৰ কৰাৰ লগতে ৰাজ্য চৰকাৰে কেবিনেটত অর্থনৈতিক পেকেজ ঘোষণাৰ বাবে এক সিদ্ধান্ত গ্রহণ কৰিব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্  ইয়াকো স্পষ্ট কৰি দিয়ে যে কেবিনেটে ক’ভিড নীতি কঠোৰ কৰাৰ পোষকতা কৰিলেও লকডাউনৰ কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷

আনহাতে, এন আৰ এলৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধিৰ বাবে আজি কেবিনেটে গ্রহণ কৰে এক সিদ্ধান্ত৷ উল্লেখ্য যে এন আৰ এলক ব্যক্তিগত খণ্ডলৈ নিয়া হ’ব বুলি শেহতীয়াকৈ সৃষ্টি হৈ থকা বিতর্কৰ বিপৰীতে ৰাজ্য চৰকাৰে এন আৰ এলৰ অংশীদাৰিত্ব বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে ৷ উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কেবিনেটত এই সিদ্ধান্ত প্রকাশ কৰি উল্লেখ কৰে যে পূর্বে এন আৰ এলত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব আছিল ১২.৩৫ শতাংশ৷ আনহাতে, চৰকাৰে এন আৰ এলত বিনিয়োগ কৰিছিল ৯০.৮০ কোটি টকা৷ এই ধন বিনিয়োগৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰিছিল ১,২৩৫ কোটি ৩৪ লাখ টকা৷ এই অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি কৰি এতিয়া এন আৰ এলত বিনিয়োগ হ’ব ২,১৮৭ কোটি টকা৷

ইতিমধ্যে ৫০০ কোটি টকা বিনিয়োগ কৰা হৈছে৷ বাকী দিব লগা ১,৬৮৭ কোটি টকা মোকলাই দিবলৈ বিত্ত বিভাগক আজি কেবিনেটৰ জৰিয়তে নির্দেশ দিয়া হয়৷ ইফালে প্রতি বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে আজি সিদ্ধান্ত গ্রহণ কৰা হয়৷ কোনো এটা সপ্তাহৰ বুধবাৰে মুখ্যমন্ত্রী গুৱাহাটীৰ বাহিৰত থাকিলে পৰৱর্তী বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হ’ব৷ আনহাতে, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকা আৰু মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক কেবিনেটৰ সিদ্ধান্ত প্রকাশ কৰাৰ বাবে আজি কেবিনেট মুখপাত্র হিচাপে দায়িত্ব অর্পণ কৰা হয়৷
ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি পর্যালোচনা কৰিলে মুখ্যমন্ত্রীয়ে
ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষত জ্যেষ্ঠ মন্ত্রী আৰু শীর্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ উক্ত বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলক অধিক হাৰত ক’ভিড সংক্রমণ হোৱা জিলাসমূহ ভ্রমণ কৰি ক’ভিড চিকিৎসাৰ আন্তঃগাঁথনিকে ধৰি প্রয়োজনীয় সকলো ব্যৱস্থাৱলীৰ বুজ লোৱাৰ বাবে নির্দেশ দিয়ে৷

এই বৈঠকতে মুখ্যমন্ত্রীয়ে ক’ভিডৰ টিকা প্রদান কৰা কেন্দ্রসমূহত যাতে সামাজিক ব্যৱধান, ক’ভিড আচৰণ বিধি সম্পূর্ণৰূপে মানি চলা হয়, সেয়া নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও স্বাস্থ্য বিভাগক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে এই বৈঠকতে ক’ভিড সংক্রমণ প্রতিৰোধ কৰাৰ বাবে স্বাস্থ্য, আৰক্ষী, দুর্যোগ ব্যৱস্থাপনা বিভাগক এটা টীম হিচাপে কাম কৰাৰ নির্দেশ দিয়ে৷

এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব অবিনাশ যোশী, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তা, কামৰূপ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like