নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰে নিলাম কৰিব নোৱাৰে কাগজ কল

নেচনেল কোম্পানী ল’ ট্রিবিউনেলৰ ৰায়ে কর্মচাৰীলৈ আনিছে আশাৰ বতৰা

নিয়মীয়া বাৰ্তা ১৩ মেঃ দীর্ঘদিন ধৰি বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল এতিয়া আৰু নিলাম কৰিব নোৱাৰে চৰকাৰে৷ নেচনেল কোম্পানী ল’ ড্রিবিউনেলে (এনচিএলটি) শেহতীয়াকৈ প্রদান কৰা এক ৰায়ৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে৷ ২০১৯ চনত এনচিএলটিৰ ঊর্ধ্বতন কর্তৃপক্ষ হিচাপে নেচনেল কোম্পানী ল’ এপলেট ড্রিবিউনেলে (এনচিএলএটি) নির্দেশ প্রদান কৰাৰ পাছতো কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্রত কেন্দ্র আৰু ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰাত লিকিউডেটৰ (নিলামী প্রক্রিয়াৰ দায়িত্বত থকা বিষয়া) কুলদ্বীপ বার্মাই চলিত বছৰৰ এপ্রিল মাহত পুনৰ এনচিএলটিৰ ওচৰত নিলামী প্রক্রিয়া আৰম্ভ কৰাৰ বাবে আবেদন জনাইছিল৷ ঊর্ধ্বতন কর্তৃপক্ষ হিচাপে এনচিএলএটিয়ে প্রদান কৰা নির্দেশনা পুনৰ বিবেচনা কৰাৰ কোনো অৱকাশ নথকা হেতু এনচিএলটিয়ে লিকিউডেটৰ বার্মাৰ আবেদন খাৰিজ কৰি দিয়ে৷ উল্লেখ্য যে যোৱা ২৬ এপ্রিলত গ্রহণ কৰা উক্ত আবেদনৰ অন্তিমখন শুনানিৰ ৰায়দান ন্যায়াধিকৰণে কালিহে ৰাজহুৱা কৰে৷

উল্লেখ্য যে ২০১৯ চনৰ ২ মে’ত এনচিএলটিয়ে হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ সম্পত্তি নিলাম কৰাৰ বাবে ৰায়দান কৰি আনুষ্ঠানিকভাৱে অনুমোদন প্রদান কৰিছিল৷ পিছে সেই চনৰ ২৯ মে’ত কাগজ কল দুটাৰ শ্রমিক সংগঠনবোৰৰ আবেদনৰ ভিত্তিত এনচিএলএটিয়ে এনচিএলটিৰ এই নির্দেশনা খাৰিজ কৰি দি কাগজ কল দুটা কার্যক্ষম কৰি নিলাম কিম্বা বিক্রী কৰাৰ নির্দেশ জাৰি কৰিছিল৷ এইক্ষেত্রত এনচিএলএটিয়ে কেন্দ্রীয় চৰকাৰক বিশেষ পুঁজি আবণ্টন কৰাৰো নির্দেশ প্রদান কৰিছিল৷ কিন্তু ২০১৯ চনৰ ২৯ মে’ত এই নির্দেশ প্রদান কৰাৰ দুবছৰ পাছতো কেন্দ্র কিম্বা ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷

মন কৰিবলগীয়া যে বিগত ১০ ছেপ্টেম্বৰত অসম চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিব বুলি এনচিএলটিত শপতনামা দাখিল কৰি এমাহৰ সময় বিচাৰিছিল৷ পিছে অসম চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰা হেতু এনচিএলটিত লিকিউডিটৰ কুলদ্বীপ বার্মাই দাখিল কৰা আবেদনখনৰ শুনানি বাৰম্বাৰ পিছুৱাই গৈছিল৷ অৱশেযত এনচিএলটিয়ে কাগজ কল দুটা নিলাম কৰাৰ পৰা বিৰত থাকিবলৈ বার্মাক আনুষ্ঠানিক নির্দেশ প্রদান কৰাৰ পাছত কাগজ কল দুটাৰ কর্মচাৰীসকল এতিয়া উৎফুল্লিত হৈ পৰিছে৷ সোণাৱাল চৰকাৰে যিটো কৰিব নোৱাৰিলে এতিয়া ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰখনে সেয়া কৰি দেখাব বুলি কর্মচাৰীসকলে আশা ব্যক্ত কৰিছে৷ এই সন্দর্ভত কাগজ কল দুটাৰ শ্রমিক নেতা মানৱেন্দ্র চক্রৱর্তীৰ বক্তব্য–প্রধানমন্ত্রী নৰেন্দ্র মোদী, প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বাৰম্বাৰ প্রতিশ্রুতি প্রদান কৰাৰ পাছতো কাগজ কল দুটা কার্যক্ষম কৰাটো দূৰৰে কথা, কর্মচাৰীসকলে বকেয়া দৰমহা আৰু অন্যান্য প্রাপ্যখিনিও নাপালে৷ এতিয়া মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শর্মাই নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হ’ব তথা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব বুলি আশা ব্যক্ত কৰে চক্রৱর্তীয়ে৷

তদুপৰি এনচিএলটিৰ শেহতীয়া ৰায়দানৰ পাছত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰা অবিহনে চৰকাৰৰ ওচৰত আৰু কোনো উপায় নাই বুলি মত ব্যক্ত কৰি শ্রমিক নেতাজনে কয় যে চৰকাৰে বিচাৰিলে এনচিএলটিৰ ৰায়দানক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়লয়ত যাব পাৰে৷ চক্রৱর্তীয়ে কয় যে চৰকাৰে স্পষ্ট কৰক যে তেওঁলোক কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব বিচাৰেনে নিবিচাৰে৷ তেনেহ’লে এনচিএলএটিৰ নির্দেশনা অমান্য কৰাৰ অভিযোগেৰে শ্রমিক–কর্মচাৰীসকলক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব৷

চক্রৱর্তীৰ প্রশ্ন– মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ চৌহানে প্রধানমন্ত্রী নৰেন্দ্র মোদীক পতিয়ন নি ৪৫৯ কোটি টকাৰ কেন্দ্রীয় অনুদানেৰে নেপা কাগজ কল যদি পুনৰ কার্যক্ষম কৰিব পাৰে তেনেহ’লে অসম চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটা কিয় পুনৰুজ্জীৱিত কৰিব নোৱাৰিব? পিনাৰাই বিজয়ন নেতৃত্বাধীন কেৰালা চৰকাৰেও ৰাজ্য চৰকাৰৰ পুঁজিৰে হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰে এটা কাগজ কল ৰাজ্যখনত পুনৰুজ্জীৱিত কৰিছে৷ এতিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও নিজৰ দক্ষতাৰ পৰিচয় দি অসমৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰক– এয়াই শ্রমিক–কর্মচাৰীসক্ প্রার্থনা বুলি মানৱেন্দ্র চক্রৱর্তীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷

You might also like