নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ প্রেমিক বিজয় দাসে ডেগাৰেৰে হত্যা কৰিছিল কৰীশ্মা ডেকাক

নিয়মীয়া বাৰ্তা ১৩ মেঃ হাজোৰ মনাহকুছিত যোৱা ১০ মে’ৰ নিশা সংঘটিত লোমহর্ষক মহিলা হত্যাকাণ্ডৰ ঘটনাক লৈ অদ্যাপি অব্যাহত আছে চেপা উত্তেজনা৷ এই লোমহর্ষক হত্যাকাণ্ডৰ সৈতে জডিত থকাৰ সন্দেহত স্থানীয় ৰাইজ আৰু কৰীশ্মা ডেকাৰ পিতৃ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে হাজো আৰক্ষীয়ে ঘটনাৰ নিশাই স্বামী বিশ্বজিত ডেকাক আটক কৰাৰ লগতে কালি একে গাঁৱৰে বিজয় দাস নামৰ এজন যুৱকক আটক কৰিছিল৷ এইজন যুৱকে কৰীশ্মা ডেকাৰ সৈতে অবৈধ সম্পর্ক ৰাখিছিল বুলি স্থানীয় একাংশ লোকে অভিযোগ তুলিছিল৷ প্রথমে অভিযুক্ত বিজয় দাসে লোমহর্ষক হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাছিল৷

আৰক্ষীৰ উপর্যুপৰি জেৰাত এখন ডেগাৰেৰে কৰীশ্মা ডেকাক নৃশংসভাৱে হত্যা কৰাৰ কথা স্বীকাৰ কৰে যুৱকজনে৷ ঘাটক বিজয় দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নিশাৰ ভাগতে ৩নং মনাহকুছিৰ এটা পুখুৰী হোণ্ডা মটৰেৰে সিঁচি বুধবাৰে পুৱা হত্যাকাণ্ডত ব্যৱহাৰ কৰা ডেগাৰখন উদ্ধাৰ কৰে আৰু এই হত্যাকাণ্ড যে বিজয় দাসে কৰিছিল, সেই সম্পর্কত আৰক্ষী নিশ্চিত হয়৷

ইপিনে, বুধবাৰে দিনৰ ভাগত হাজো আৰক্ষীয়ে ঘাটক বিজয় দাসক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ উল্লেখ্য যে যোৱা ১০ মে’ৰ নিশা প্রায় চাৰে সাত বজাত দুর্বৃত্তই চোকা অস্ত্রৰে ঘপিয়াই হত্যা কৰিছিল এটি কণমানি সন্তানৰ মাতৃ কৰীশ্মা ডেকাক৷ দুর্বৃত্তৰ চোকা অস্ত্রৰ আঘাতত ঘটনাস্থলীতে মৃত্যুমুখত পৰিছিল ৩নং মনাহকুছিৰ প্রয়াত চিৰিশ ডেকাৰ কনিষ্ঠ বোৱাৰী তথা বিশ্বজিত ডেকাৰ পত্নী কৰীশ্মা ডেকা (২২)৷

ঘটনা সন্দর্ভত জানিব পৰা মতে, সিদিনা নিশা প্রায় চাৰে সাত বজাত স্বামী বিশ্বজিত ডেকা ঘৰৰ পৰা পথৰ ফালে ওলাই গৈছিল৷ সেই সময়ত পত্নী কৰীশ্মা ডেকা নিজৰ প্রায় চাৰি বছৰীয়া পুত্র সন্তানৰ সৈতে ঘৰতে আছিল৷ তেনে সময়তে বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাত দুর্বৃত্তই ঘৰৰ ভিতৰত প্রৱেশ কৰি চোকা অস্ত্রৰে কৰীশ্মা ডেকাৰ ডিঙি আৰু হাতত ঘপিয়াই পলাই গৈছিল৷ এই ঘটনাৰ প্রত্যক্ষদর্শী চাৰি বছৰীয়া পুত্র সন্তানৰ কান্দোনত ততালিকে ওচৰ–চুবুৰীয়া আহে যদিও ইতিমধ্যে দুর্বৃত্তৰ চোকা অস্ত্রৰ আঘাতত কৰীশ্মা ডেকাৰ ঘটনাস্থলীতে মৃত্যু হয়৷ ঘটনাৰ খবৰ পাই নিশাই হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল৷

You might also like