নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড বিধি মানি ৰাজ্যত ঈদ–উল–ফিতৰ উদ্যাপন

নিয়মীয়া বাৰ্তা, ১৫ মে’:  মাহজোৰা ৰোজাৰ অন্তত শুকুৰবাৰে ইছলাম ধর্মাৱলম্বী লোকসকলে পালন কৰিলে পৱিত্র ঈদ–উল–ফিতৰ৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ক’ভিড প্রট’কল আৰু ৰাজ্য চৰকাৰে জাৰি কৰা এছঅ’পি অনুসৰি ৰাজ্যৰ ইছলাম ধর্মাৱলম্বী লোকসকলে ঈদ পালন কৰা পৰিলক্ষিত হয়৷ ৰাজ্যৰ মছজিদ আৰু ঈদগাহ ময়দানসমূহত সমূহীয়া নামাজৰ পৰিৱর্তে এইবাৰ ঘৰে ঘৰে আদায় কৰে ঈদৰ নামাজ৷

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা কার্যকৰী হোৱাকৈ জাৰি কৰা নতুন এছ’পি অনুসৰি পৰৱর্তী ১৫ দিনলৈ সকলো ধর্মীয় অনুষ্ঠান বন্ধ কৰি দিয়া হৈছে৷ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও ঘৰতে ঈদৰ নামাজ আদায় কৰিবলৈ ইছলামধর্মী লোকসকলক আহ্বান জনাইছিল৷ পূর্বে ঈদৰ প্রাক্ক্ষণত ৰাজ্যৰ মছজিদ–ঈদগাহ ময়দানসমূহ সুন্দৰকৈ সজাই–পৰাই তোলা পৰিলক্ষিত হৈছিল৷ কিন্তু এইবাৰ ক’ভিডৰ বাবে মছজিদৰ বাকৰি ঈদৰ দিনটোতো উকা হৈ ৰ’ল৷ সমান্তৰালভাৱে ঈদৰ প্রাক্ক্ষণত ৰাজ্যৰ বজাৰসমূহতো পূর্বৰ দৰে ভিৰ পৰিলক্ষিত নহ’ল৷ ইয়াৰ মাজতে পৰম্পৰা ৰক্ষা কৰি ঘৰতে ঈদৰ নামাজ আদায় কৰি প্রেম, ত্যাগ আৰু ভাতৃত্ববোধেৰে সমাজখন সুন্দৰ কৰি তোলাৰ লগতে ক’ভিড সৃষ্ট পৰিৱেশ আৰু অসূয়া–প্রীতি আঁতৰি যাবলৈ নেদেখাজনৰ ওচৰত দোৱা কৰে৷ ঈদ উপলক্ষে ইছলাম ধর্মাৱলম্বী লোকসকলে সুস্বাদু আহাৰ প্রস্তুত কৰি পৰিয়ালৰ সৈতে গ্রহণ কৰাৰ লগতে এজনে আনজনক আলিংগন কৰি শুভেচ্ছা জনায়৷

You might also like