নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰে ক’ভিডে প্রাণ ল’লে ৭৬জনৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’: ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ দ্রুত সংক্রমণ৷ ক্রমাৎ ভয়াৱহ ৰূপ লোৱা ক’ৰোনাৰ সংক্রমণত পুনৰ শুকুৰবাৰে ৭৬জন লোকৰ মৃত্যু হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি শুকুৰবাৰে মৃত্যু হোৱা লোকসকলৰ ভিতৰত ২০জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি তিনিচুকীয়াৰ ৬জন, কামৰূপ–কোকৰাঝাৰৰ্ ৫জনকৈ, বৰপেটা–ডিব্রুগড়–  ৪জনকৈ, কার্বি আংলং–দক্ষিণ শালমৰাৰ ৩জনকৈ, বাক্সা–বঙাইগাঁও–গোৱা দুজনকৈ আৰু চিৰাং–ধেমাজি–ধুবুৰী– এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷

সেইদৰে শুকুৰবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪,০৭৮জন লোক৷ আক্রান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১,১০৭জন লোক আছে৷ তদুপৰি ডিব্রুগড়ত ৩৫২, কামৰূপত ৩২৩ আৰু নগাঁৱত ২২৪জন লোক শুকুৰবাৰে ক’ভিডত আক্রান্ত হৈছে৷ ইপিনে, বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৪৪,০৫৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ৯.২৬ শতাংশ৷

সমান্তৰালভাৱে সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ৪,১৬৮জন৷ সম্প্রতি বিভিন্ন হাস্পতাল আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৪১,৯৭৮জন৷

উল্লেখ্য যে হোম আইছ’লেচনত থকা ৰোগীৰ ক্ষেত্রত আজিৰ পৰা বিশেষ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷ সেই অনুসৰি ক’ভিড ৰোগী হোম আইছ’লেচনত থাকিলে তেওঁলোকৰ ঘৰৰ সন্মুখত সংশ্লিষ্ট প্রশাসনে লগাব লাগিব পোষ্টা, যাতে উক্ত পৰিয়ালটোৰ কোনো ব্যক্তি ক’ভিডত আক্রান্ত হৈছে বুলি ওচৰ–চুবুৰীয়াই জানিব পাৰে৷ একাংশ ৰোগী হোম আইছ’লেচনত থকা সত্ত্বেও পৰিয়ালে যাৱতীয় ক’ভিড প্রট’কল পালন নকৰা বুলি উত্থাপিত অভিযোগৰ পাছতে মুখ্য সচিবে এই নির্দেশনা জাৰি কৰিছে৷

অৱশ্যে হোম আইছ’লেচনত থাকিলেহে সংশ্লিষ্ট প্রশাসনে এনেদৰে বেনাৰ আঁৰিব পাৰিব৷ তেনে ৰোগী সুস্থ হোৱাৰ লগে লগে আঁতৰাই দিব লাগিব উক্ত বেনাৰ৷ ইফালে, শুকুৰবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ওম প্রকাশ দাসৰ৷ তেওঁৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শোকবার্তাত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই জটিল সময়ত এগৰাকী আগশাৰীৰ ক’ভিড যোদ্ধাৰ মৃত্যু ৰাজ্যখনৰ বাবে অপূৰণীয় ক্ষতি৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ ডাঃ দাসে আগবঢ়াই যোৱা অৱদান ৰাজ্যবাসীয়ে শ্রদ্ধাৰে স্মৰণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে৷

You might also like