নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মালৈ বাংলাদেশৰ প্রধানমন্ত্রী হাছিনাৰ পত্রঃ ক’ভিডৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ অংগীকাৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’: অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এক অভিনন্দনসূচক পত্র প্রেৰণ কৰিছে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰি বাংলাদেশৰ প্রধানমন্ত্রীগৰাকীয়ে পত্রখনত উল্লেখ কৰে যে বিভিন্ন ভাষা–ভাষী, ধর্মাৱলম্বী লোকৰ বাসস্থান অসমে নতুন মুখ্যমন্ত্রীগৰাকীৰ নেতৃত্বত প্রগতিৰ পথত আগবাঢ়িব বুলি তেওঁ আশাবাদী৷

চুবুৰীয়া দেশখনৰ প্রধানমন্ত্রীগৰাকীৰ মতে ২০২১ চনটো ভাৰত আৰু বাংলাদেশ উভয় দেশৰ বাবে গুৰুত্বপূর্র্ণ৷ দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কৰ ক্ষেত্রত চলিত বর্ষটোৰ বিশেষ তাৎপর্য আছে৷ কাৰণ এই বছৰতে বাংলাদেশে স্বাধীনতাৰ ৫০ বছৰ আৰু দেশৰ পিতৃপুৰুষ শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী পালন কৰাৰ বাবে আগবাঢ়িছে৷

সম্প্রতি বাংলাদেশ এখন মধ্য উপার্জনশীল দেশ৷ দেশখনৰ আর্থ–সামাজিক উন্নয়ন আৰু অর্থনৈতিক প্রগতিৰ লাভ আদায় কৰিবলৈও অসমক তেওঁ আহ্বান জনায়৷ উত্তৰ–পূর্বাঞ্চলৰ সৈতে বাংলাদেশৰ যোগাযোগ ব্যৱস্থা উন্নতিৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰি শ্বেখ হাছিনাই এইদৰে কয়– দক্ষিণ আৰু দক্ষিণ–পূব এছিয়াৰ কানেক্টিভিটী হাব হিচাপে বাংলাদেশে ভাৰতৰ এক্ট ইষ্ট পলিচীৰ প্রতি সদায়ে সমর্থন জনাই আহিছে৷ তদুপৰি সাম্প্রতিক সময়ত ক’ভিড মহামাৰীও আন এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে৷ এই মহামাৰী প্রতিৰোধৰ ক্ষেত্রত যৌথভাৱে কাম কৰিবলৈও বাংলাদেশ প্রস্তুত৷ সমগ্র ভাৰতৰ লগতে অসমৰো জীৱন–জীৱিকা যাতে সুৰক্ষিত হৈ ৰয়, তাৰ বাবে বাংলাদেশৰ প্রার্থনা সদায় অসমৰ জনসাধাৰণৰ লগত আছে৷

You might also like