নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী উপায়ুক্তৰ কাৰ্যালয়ত পদ খালী

২০ জানুৱাৰীৰ ভিতৰত আবেদন আহ্বান

ধুবুৰী জিলা উপায়ুক্তৰ কার্যালয়ত খালী হৈছে এডমিনিষ্ট্রেটিভ এছিছটেণ্টৰ ১টা পদ৷ প্রার্থী অসমৰ যিকোনো জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ প্রশাসনীয় বিভাগত অতি কমেও ১৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২২,০০০–৯৭,০০০ টকাসহ ১১,৫০০ টকাৰ গ্রেড পে৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা আৰু এছচি, এছটি শ্রেণীৰ প্রার্থীয়ে ১২৫ টকা ট্রেজাৰী চালানৰ মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রতিলিপিসহ ৩ কপী পাৰপত্র আকাৰৰ ফটো আবেদনৰ সৈতে গাঁঠি’To The Deputy Commissioner, Dhubri’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন গ্রহণৰ অন্তিম দিন ২০ জানুৱাৰী ২০২০৷

You might also like