১৫ বছৰলৈ একেৰাহে মুখ্যমন্ত্রী হোৱাৰ যোগ ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা ১৭ মেঃ অহা ১৫ বছৰলৈ ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হৈয়ে থাকিব৷ –এই দাবী তেজপুৰৰ জ্যোতিষী দিব্যজ্যোতি শইকীয়াৰ৷ জ্যোতিষগৰাকীয়ে সংবাদ মাধ্যমক জনায় কয় যে ১৯৬৯ চনৰ ১ ফ্রেব্রুৱাৰী শনিবাৰ শুক্লাচতুর্দ্দশী, প্রীতি যোগত, কর্কট ৰাশি, পুনর্বসু নক্ষত্রৰ ৪থ চৰণত, মকৰ লগ্ণত, ৰবি, বুধ নৱমত গুৰু বক্রী ভাৱত, কেতু যুক্ত হৈ সপ্তমত চন্দ্র স্বক্ষেত্র, দশমত মংগল অৱস্থান হৈ আংশিক বাসুকীকালসর্প যোগত বৃহস্পতি দশাত বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা স্থানসূত্রে যোৰহাটত জন্ম হয়৷ বিগত দিনত অসমৰ সমাজ জীৱনত ছাত্র ৰাজনীতিৰ পৰা জডিত হৈ জয়যাত্রা আৰম্ভ কৰিছিল৷ তাৰ আগতেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ বৌদ্ধিক বিকাশৰ জয়যাত্রা প্রথম আৰম্ভ হৈছিল ১৭/৭/৭৮ চনৰ পৰা ১৫/৫/৮২ চনলৈ৷ আৰু জীৱনৰ স্বাভাৱিক সময় আৰম্ভ হৈছিল ১৫/৬/৮৮ৰ পৰা৷
উল্লেখ্য যে তেজপুৰৰ জ্যোতিষী দিব্যজ্যোতি শইকীয়াই এইকথা প্রকাশ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ভৱিষ্যৎ গণনা কৰি কয়– মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ যোৱা ২৬/৭/১৪ চনৰ পৰা জীৱনৰ উচ্চ ৰাজনৈতিক সুখ, উল্লেখযোগ্য সফলতা, মহান কর্তব্যৰ লগত জডিত, মহানুভৱতাৰ প্রকাশ, সঠিক গৃহ সুখৰ লগতে সোণত সুৱাগা চৰা সময় আগন্তুক ২০৩৪ চনৰ আগষ্টলৈ৷ বর্তমান বর্ষচক্রত গুৰুশনিৰ অৱস্থান চাই এটা কথা নিশ্চয়তা দিব পাৰি যে অসমৰ আভ্যন্তৰীণ অৱস্থা উত্থান–পতনৰ যোগ৷ বিশেষকৈ ২ জুনৰ পৰা ২২ জুলাইলৈ সাম্প্রতিক ভাৰতবর্ষত ক’ৰোনা মহামাৰীৰ কাৰণে সংকটজনক অৱস্থা হ’ব৷ এই সময়ত আমাৰ মুখ্যমন্ত্রীৰ তীব্র জ্বৰ, আঘাতৰ ভয় লগতে মাতৃৰ ৰোগ, পীডাৰ যোগ৷ যদি মুখ্যমন্ত্রীৰ ৰাশিচক্রৰ চন্দ্রৰ অৱস্থান চাই গ্রহস্ফুট উলিওৱা যায় তেতিয়া হ’লে দশমত ৰবি–বুধ অৱস্থানে গুপ্ত লক্ষ্য–উদ্দেশ্যত সফলতা, কার্যসিদ্ধি, যুদ্ধত বিনাযুদ্ধে জয়ৰ যোগ৷ গুৰুৰ অষ্টম অৱস্থানে বাধা–বিঘিনি কৰিলেও একাদশৰ ৰাহুৰ অৱস্থানে সর্বপ্রকাৰৰ কার্যসিদ্ধি যোগ সূচায় ২০২২ চনৰ মার্চলৈ৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ যদি ৰাশি চক্রৰ লগ্ণৰ ভাব বিচাৰ কৰা যায় তেতিয়া হ’লে দেখা যাব লগ্ণত ৰবি অৱস্থানে তেজস্বী, ন্যায় প্রিয়, পিতৃ বিৰোধ আৰু গোটেই জীৱন গুপ্ত শত্রুৰ দ্বাৰা পীডিত হ’ব৷ আৰু লগ্ণত বুধ বক্রী ভাবৰ অৱস্থানে সংস্কাৰী, বৌদ্ধিক চাতুৰী প্রয়োগত সিদ্ধহস্ত, কর্তব্যনিষ্ঠ হ’ব৷ লগ্ণৰ দশমত মংগলৰ অৱস্থানে কুলশ্রেষ্ঠ তথা ৰাজ সন্মানপ্রাপ্ত পৰিশ্রমৰ দ্বাৰা পূর্ণ লাভৰ যোগ৷ নৱমত বৃহস্পতি–কেতু অৱস্থানে গুৰু বক্রী ভাবত থকাত ধর্মভীৰু হ’লেও কর্মকাণ্ড অনুষ্ঠানত গভীৰ বিশ্বাসী, আত্মউন্নতিত একাগ্রচিত্তে অগ্রসৰ, সামজিক কর্মত ব্যক্তিগত উন্নতিৰ যোগ আৰু ৰাজ পদবী ৰক্ষাৰ কাৰণে আজীৱন চেষ্টা অব্যাহত থাকিব৷ মকৰ লগ্ণৰ তৃতীয়ত শুক্র উচ্চ হৈ থকাত আৰু ৰাহু শনিযুক্ত হোৱাত প্রবল পৰাক্রমী, ধৈর্যৱান হ’ব৷ তৃতীয়ত ৰাহুৰ অৱস্থানে পৰাক্রমী কৰিলেও আত্মীয়, মিত্র, ভাতৃৰ পৰা হতাশ আৰু শনি যুক্ত হোৱাত কন্দলপ্রিয়, বিসম্বাদী হোৱাৰ যোগ৷ ওপৰত উল্লেখিত ৰাশি চক্র বিচাৰ কৰি দেখা যায় যে আগন্তুক ২০৩৪ চনৰ আগষ্ট মাহলৈ গুৰু শনিৰ অৱস্থান অনুযায়ী আৰু শুক্র মহাদশা চলি শুক্র উচ্চ ভাবত পৰাক্রম স্থানত থকাত অহা ১৫ বছৰলৈ মুখ্যমন্ত্রীৰ পদ প্রশস্ত হৈ আছে৷