অষ্ট্রেলিয়াত দুষ্প্রাপ্য প্রজাতিৰ ঘঁৰিয়ালৰ লাওখোলাৰ জীৱাশ্ম উদ্ধাৰ
নিয়মীয়া বাৰ্তা ১৮ মেঃ মধ্য অষ্ট্রেলিয়াত ৮০ লাখ বছৰ পুৰণি ঘঁৰিয়ালৰ মূৰৰ লাওখোলা উদ্ধাৰ হোৱা ঘটনাক লৈ বিজ্ঞানীসকলৰ মাজত সৃষ্টি হৈছে কৌতূহল৷ শেহতীয়াকৈ বিজ্ঞানীসকলে ঘোষণা কৰিছে যে উদ্ধাৰ হোৱা প্রাচীন এই ঘঁৰিয়ালৰ মূৰৰ লাওখোলা অতি দুষ্প্রাপ্য৷ কাৰণ ঘঁৰিয়ালৰ প্রজাতি আছিল সেই সময়তে পৃথিৱীত দুষ্প্রাপ্য৷ ২০০৯ চনত নর্দান টেৰিটৰীৰ এলিছ স্প্রিংছত উদ্ধাৰ হৈছিল এই দুষ্প্রাপ্য প্রজাতিৰ ঘঁৰিয়ালৰ লাওখোলা৷
শেহতীয়া এক বৈজ্ঞানিক অধ্যয়নত প্রকাশ পোৱা অনুসৰি সৰীসৃপবিদ আছিল বাৰু জেনাছৰ অন্তর্ভুক্ত৷ নর্দান টেৰিটৰীৰ আর্থ ছায়েন্স এট দ্য মিউজিয়াম এণ্ড আর্ট গেলাৰীৰ বিজ্ঞানী ড০ আডাম য়েটছে উল্লেখ কৰা অনুসৰি মধ্য এছিয়াৰ আলকূটা জিৱাশ্মক্ষেত্রত এই দুষ্পাপ্য প্রজাতিৰ ঘঁৰিয়ালৰ মূৰৰ লাওখোলা উদ্ধাৰ হৈছিল৷ বিজ্ঞানীগৰাকীয়ে সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি এতিয়ালৈকে বিশ্বৰ বিভিন্ন দেশত ঘঁৰিয়ালৰ দেহৰ জীৱাশ্ম উদ্ধাৰ হৈছে যদিও অষ্ট্রেলিয়াত উদ্ধাৰ হোৱা ঘঁৰিয়ালৰ লাওখোলাত জীৱাশ্মৰ সৈতে এইবোৰৰ কোনো সাদৃশ্য নাই৷
অর্থাৎ মধ্য অষ্ট্রেলিয়াত উদ্ধাৰ হোৱা লাওখোলাৰ জীৱাশ্ম যে দুষ্প্রাপ্য প্রজাতিৰ আছিল তাক সহজেই অনুমান কৰিব পাৰি৷ এতিয়ালৈকে দেশ–বিদেশৰ বিজ্ঞানীয়ে বাৰু জেনাছৰ এই দুষ্প্রাপ্য প্রজাতিৰ ঘঁৰিয়ালৰ লাওখোলাৰ জীৱাশ্মৰ ওপৰত পৰীক্ষা–নিৰীক্ষা চলাইছিল যদিও কোনো ধৰণৰ সিদ্ধান্তত উপনিত হ’বলৈ সক্ষম হোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ অষ্ট্রেলিয়াৰ প্রাণীবিজ্ঞানী সকলে নিশ্চিত কৰিছে ঘঁৰিয়ালটো প্রাচীন কালতেই আছিল পৃথিৱীত দুষ্প্রাপ্য প্রজাতিৰ৷