সুশীলৰ সন্ধান দিওঁতালৈ এক লাখৰ পুৰস্কাৰ দিল্লী আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ১৯ মেঃ নতুন দিল্লীৰ সত্রশাল ষ্টেডিয়ামৰ বাহিৰত প্রাক্তন জুনিয়ৰ ৰাষ্ট্রীয় চেম্পিয়ন মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাকাণ্ডৰ লগত নাম সাঙোৰ খাই পৰা দুবাৰৰ অলিম্পিয়ান সুশীল কুমাৰৰ সন্ধান দিওঁতালৈ এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে দিল্লী আৰক্ষীয়ে৷ বিগত ৪ মে’ত সংঘটিত সাগৰৰ হত্যাকাণ্ডটোৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ভাৰতৰ তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰ৷
দুবাৰৰ অলিম্পিয়ানগৰাকীক ঘটনাটোৰ সন্দর্ভত সোধা–পোছাৰ বাবে দিল্লী আৰক্ষীয়ে খেলুৱৈগৰাকীৰ বাসগৃহৰ লগতে কেইবাটাও স্থানত অভিযান চলায় যদিও তেওঁক আটক কৰাত ব্যর্থ হয়৷
অৱশেষত সুশীল কুমাৰৰ সন্ধান দিওঁতালৈ এক লাখ টকাৰ পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে দিল্লী আৰক্ষীয়ে৷ সুশীল কুমাৰৰ লগতে সুশীল কুমাৰৰ ব্যক্তিগত সহায়ক অজয় কুমাৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে দিল্লী আৰক্ষীয়ে৷
ইপিনে, মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাকাণ্ডটোৰ লগত নাম সাঙোৰ খাই পৰাৰ পিছত অগ্রিম জামিন বিচাৰি সুশীল কুমাৰে দিল্লীস্থিত ৰোহিনী আদালতত আপীল কৰিছিল যদিও তেওঁৰ সেই আপীল নাকচ কৰে আদালতখনে৷ আজি বিয়লি ৪ বজাত সুশীল কুমাৰে আবেদন কৰা অগ্রিম জামিনৰ সন্দর্ভত ৰোহিনী আদালতে শুনানি জাৰি কৰে আৰু দুবাৰৰ অলিম্পিয়ান সুশীল কুমাৰৰ অগ্রিম জামিনৰ আবেদন নাকচ কৰে৷
যোৱা ৪ মে’ত সংঘটিত ঘটনাটোৰ সন্দর্ভত সুশীল কুমাৰে তেওঁৰ ব্যক্তিগত অধিবক্তাৰ জৰিয়তে কয় যে উক্ত ঘটনাত তেওঁৰ নাম মিছাকৈয়ে সাঙোৰ খাই পৰিছে৷ উক্ত হত্যাকাণ্ডৰ সন্দর্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা ব্যক্তিগৰাকীৰ নাম উল্লেখ কৰা নাই৷ আৰক্ষীয়ে মোক বিচাৰি অভিযান চলাই আছে আৰু আৰক্ষীয়ে মোৰ পাছপ’ট জব্দ কৰিছে৷ এই হত্যাকাণ্ডটোৰ লগত মোৰ নাম কেনেকৈ সাঙোৰ খালে সেইটো সঁচাকৈয়ে আঁচৰিত৷ মন কৰিবলগীয়া যে যোৱা ৪ মে’ত নতুন দিল্লীৰ সত্রশাল ষ্টেডিয়ামৰ বাহিৰত সংঘটিত এক মাৰপিটৰ ঘটনাত প্রাক্তন জুনিয়ৰ ৰাষ্ট্রীয় চেম্পিয়ন সাগৰ ৰাণা বেয়াকৈ আঘাতপ্রাপ্ত হৈছিল আৰু তেওঁক লগে লগে স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও অৱশেষত তেওঁৰ মৃত্যু ঘটিছিল৷ এই ঘটনাটোত আন পাঁচজন মল্লযুঁজাৰু আঘাতপ্রাপ্ত হৈছিল৷