নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ দুজনৰ শৰীৰত মাৰাত্মক ব্লেক ফাংগাছ

নিয়মীয়া বাৰ্তা ১৯ মেঃ ক’ভিডে ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যবাসীলৈ আহিছে আন এক দুঃখবৰ৷ দিল্লী, মুম্বাইত সংহাৰী ৰূপ লোৱা মাৰাত্মক ব্লেক ফাংগাছত আক্রান্ত ৰোগী এইবাৰ চিনাক্ত হৈছে ৰাজ্যত৷ প্রাপ্ত তথ্য অনুসৰি, ৰাজ্যত দুজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে এই মাৰাত্মক ৰোগৰ অৱস্থিতি৷ সম্প্রতি এই দুয়োজন ৰোগীয়ে মহানগৰীৰ দুখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে৷ এক সূত্রই সদৰী কৰা অনুসৰি গুৱাহাটীৰ এপল’ হাস্পতালত এজন ব্লেক ফাংগাছত আক্রান্ত ৰোগী মঙলবাৰে চিনাক্ত কৰা হৈছে৷

তেওঁ নগাঁৱৰ ধিঙৰ বাসিন্দা বুলিও জানিব পৰা গৈছে৷ ভ্রমণ বৃত্তান্ত থকা এই যুৱকজন ক’ভিডত আক্রান্ত হোৱাৰ পিছতে এপল’ত ভর্তি কৰোৱা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে তেওঁৰ শৰীৰত ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা পৰিছে৷ চিকিৎসকসকলে তেওঁৰ উপযুক্ত চিকিৎসা ইতিমধ্যে আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে৷ অৱশ্যে ২৭ বছৰীয়া এই যুৱকজনৰ স্বাস্থ্য এতিয়াও সংকটজনক অৱস্থাতে আছে৷

ইফালে, মহানগৰীৰ আন এখন হাস্পতালতো ইতিমধ্যে ব্লেক ফাংগাছত আক্রান্ত এজন ৰোগী চিনাক্ত কৰা হৈছে৷ দুয়োজন ৰোগীৰ চিকিৎসাৰ বাবে যাৱতীয় ইনজেকচনকে ধৰি আন আন ঔষধ মুম্বাইৰ পৰা অনাৰ ব্যৱস্থা কৰিছে সংশ্লিষ্ট চিকিৎসালয় কর্তৃপক্ষই৷ উল্লেখ্য যে ইতিমধ্যে গুজৰাট–মহাৰাষ্ট্র– এই ভয়ানক ব্লেক ফাংগাছৰ উপস্থিতি চিকিৎসালয় কর্তৃপক্ষই ধৰা পেলাইছে৷ এইমছৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰিয়াই ব্লেক ফাংগাছ ধৰা পৰাৰ পিছতে ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত চিকিৎসকসকলক পৰামর্শ আগবঢ়াইছে৷ এই ৰোগত আক্রান্ত হ’লে ৰোগীয়ে দৃষ্টিশক্তি হেৰুৱাই পেলাব পাৰে৷

You might also like