নিয়মীয়া বাৰ্তা, ১৯ মেঃ কেৰালাত পিনাৰায়ি বিজয়ন নেতৃত্বাধীন বাঁও গণতান্ত্রিক মর্চা (এলডিএফ)ই আজি গঠন কৰিছে নতুন মন্ত্রীসভা৷ শেহতীয়া বিধানসভা নির্বাচনত অভূতপূর্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা চিপিআই(এম) নেতৃত্বাধীন এলডিএফে নতুন কেবিনেটত ১১গৰাকী নতুন মন্ত্রীক স্থান দিছে৷
লক্ষণীয়ভাৱে ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত অতি দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা প্রাক্তন স্বাস্থ্যমন্ত্রী কে কে শৈলাজাক এইবাৰ বিজয়নে মন্ত্রীসভাত স্থান দিয়া নাই৷ এই বিষয়টোক লৈ ৰাজ্যখনত সৰৱ চর্চা চলিছে৷
লক্ষণীয়ভাৱে কেৰালাত একেৰাহে দ্বিতীয়টো কার্যকালৰ বাবে মুখ্যমন্ত্রীৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে বিজয়নে৷ আগন্তুক পাঁচ বছৰীয়া কার্যকালৰ বাবে বিজয়নে নতুন মন্ত্রীসভা গঠন কৰিছে যদিও মন্ত্রীসভা সম্প্রসাৰণ হ’লে জ্যেষ্ঠ নেতাক স্থান দিয়াৰ সম্ভাৱনা আছে৷ কিন্তু বর্তমান সময়ত নতুন নেতা একাংশক মন্ত্রীসভাত স্থান দি বিজয়নে দক্ষতাৰে কাম–কাজ পৰিচালনা কৰাৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰিছে৷ নতুন মন্ত্রীসভা অধিক গতিশীল হ’ব বুলি মুখ্যমন্ত্রী বিজয়নে ঘোষণা কৰিছে৷ এই নতুন মন্ত্রীসভাত আছে বিজয়নৰ উপৰি এম ভি গোবিন্দন, কে ৰাধাকৃষ্ণন, কে এন বালাগোপাল, পি ৰাজীৱ প্রমুখ্যে একাংশ নতুন বিধায়ক৷