নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রীক স্কুটী প্রদানৰ বাবে ৯০.২ কোটি ৰিলিজ

‘অৰুণোদয়’লৈ মোকলালে ১৬৭ কোটি

নিয়মীয়া বাৰ্তা ২০ মেঃ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্রীক স্কুটী প্রদানৰ বাবে বুধবাৰে বিত্ত বিভাগে মোকলাই দিলে ৯০ কোটি ২০ লাখ ৯৬ হাজাৰ টকা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে বুধবাৰে বিত্ত বিভাগে  এই ধনৰাশি মোকলাই দিছে৷ বিত্তমন্ত্রী অজন্তা নেওগে টুইটযোগে এই তথ্য প্রকাশ কৰি জানিবলৈ দিয়া মতে, যিসকল কৃতী ছাত্রীয়ে স্কুটী লাভ কৰা নাই সেইসকল ছাত্রীক স্কুটী প্রদানৰ বাবে এই ধনৰাশি অনুমোদন জনোৱা হৈছে৷ বিগত সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশক্রমে বিভিন্ন আঁচনিৰ পুঁজি মোকলাই দিয়াৰ লগতে ইয়াৰ ব্যৱস্থা গ্রহণৰ কথাও  মন্ত্রী অজন্তা নেওগে জানিবলৈ দিয়ে৷

আনহাতে, বিত্ত বিভাগে ৰাজ্যৰ ৩৪খন জিলাৰ কণ্টেইনমেণ্ট জ’ন তথা হোম আইছ’লেচনত থকা লোকসকলক তথা অন্যান্য ক’ভিড সম্পর্কীয় ৰোগীৰ সাহয্যৰ বাবে ৪৩ কোটি ২১ লাখ ৬ হাজাৰ টকা মোকলাই দিছে৷ বিত্তমন্ত্রী অজন্তা নেওগে টুইটযোগে এই তথ্য প্রকাশ কৰাৰ লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবেও ১৬৭ কোটি টকা মোকলাই দিয়া বুলি  সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে৷

You might also like