নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত আৰ কে দত্তৰ বিয়োগ

এনআৰএলৰ প্রথম পৰিচালন সঞ্চালক

নিয়মীয়া বাৰ্তা ২০ মেঃ ঐতিহাসিক অসম চুক্তিৰ ফচল নুমলীগড় শোধনাগাৰৰ প্রথমজন পৰিচালন সঞ্চালক, দেশৰ তেল–গেছ উদ্যোগৰ অগ্রণী ব্যক্তি আৰ কে দত্ত আৰু নাই৷ দীর্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি কলকাতাত তেওঁ  শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত দত্তৰ বয়স হৈছিল ৭৫ বছৰ৷ ডিগবৈস্থিত অসম অইল কোম্পানীত কর্মজীৱন আৰম্ভ কৰা দত্তই উত্তৰ–পূর্বাঞ্চলত তেল–গেছ উদ্যোগৰ বিকাশ তথা প্রসাৰৰ হকে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে৷ তেওঁ ১৯৯৫ চনলৈ দীর্ঘ ১১ বছৰ অসম অইল কোম্পানীৰ মুৰব্বী পদত অধিষ্ঠিত আছিল৷ ১৯৯৫ চনত কেন্দ্রীয় চৰকাৰে তেওঁক নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ৰূপে নিযুক্তি দিয়ে৷ দত্তই ২০০২ চনৰ এপ্রিল মাহপর্যন্ত এই পদত কার্যনির্বাহ কৰে৷ ২০০২ চনৰ মে’ৰ পৰা ২০০৬ চনৰ ফেব্রুৱাৰী মাহলৈ তেওঁ আছিল অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি) পদত৷ দত্তৰ বিয়োগত দেশৰ তেল–গেছ উদ্যোগত শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে দত্তৰ পত্নী জুলি দত্তই যোৱাবছৰ ইহলীলা সম্বৰণ কৰিছিল৷
মুখমন্ত্রীৰ শোক প্রকাশ
নুমলীগড় শোধনাগাৰ লিমিটেডৰ প্রাক্তন পৰিচালন সঞ্চালক আৰু অইল ইণ্ডিয়া লিমিটেডৰ প্রাক্তন অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰ কে দত্তৰ পৰলোকপ্রাপ্তিত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি এক শোকবার্তাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কর্প’ৰেট খণ্ডৰ এই সুদক্ষ বিষয়াজনৰ বিয়োগ ৰাজ্যখনৰ সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি৷ প্রয়াত দত্তই নুমলীগড় শোধনাগাৰ লিমিটেড তথা অইল ইণ্ডিয়া লিমিটেডৰ দৰে দুটা আগশাৰীৰ তৈল প্রতিষ্ঠানৰ শীর্ষ পদবীত কার্যনির্বাহ কৰি প্রতিষ্ঠান দুটাক আগবঢ়াই নিয়াৰ দিশত যথেষ্ট অৰিহণা আগবঢ়াই গৈছে৷ মুখ্যমন্ত্রীয়ে প্রয়াত দত্তৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

You might also like