নিয়মীয়া বাৰ্তা, ২১ মে: দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ সক্রিয় আৰু সংহাৰী ৰূপ লোৱাৰ আঁৰত আছে ধর্মীয় সমাৱেশ আৰু প্রব্রজিত শ্রমিক৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ চমুকৈ আই চি এম আৰে চলোৱা অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে৷ বিদেশ ভ্রমণকাৰী আৰু ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ প্রব্রজিত শ্রমিকৰ আহ–যাহৰ লগতে ধর্মীয় সমাৱেশত অংশ লোৱা লোকসকলৰ বাবে দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণ বৃদ্ধি পাইছে৷
উল্লেখ্য যে আই চি এম আৰে দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণ বৃদ্ধি পোৱাৰ ক্ষেত্রত ধর্মীয় সমাৱেশ আৰু প্রব্রজিত শ্রমিক কাৰণ হিচাপে উল্লেখ কৰাৰ পূর্বে ব্রিটিছ মেডিকেল জার্নেল লান্সেটতো এই তথ্য প্রকাশ পাইছিল৷ ধর্মীয় সমাৱেশৰ লগতে নির্বাচনৰ বাবেও দেশজুৰি মহামাৰী ভাইৰাছটোৰ সংক্রমণ বৃদ্ধি হোৱা বুলি লান্সেটত প্রকাশ পাইছিল৷