চচলত কেব চালকৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা, ২১ মে: ক’ভিডসৃষ্ট জটিল পৰিস্থিতিয়ে ৰাজ্যৰ খাটিখোৱা লোকসকলৰ জীৱন সংগ্রামত ব্যাপক প্রভাৱ পেলাইছে৷ মহামাৰীৰ ৰূপ লোৱা ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে এটাৰ পিছত আনটো নতুন এছ অ’ পি জাৰি কৰিছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নির্দেশনাৰ পিছতে খাটিখোৱা লোকসকলে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্রত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত গাড়ী চলাই পৰিয়াল চলোৱা চালকসকলে আর্থিক দৈন্যত ভুগিছে৷
মহানগৰীৰ কেব চালকসকলে সান্ধ্য আইনৰ সময়ছোৱাত আর্থিকভাৱে লোকচানৰ সন্মুখীন হোৱাৰ লগতে মানসিকভাৱে ভাগি পৰিছে৷ আজি সদৌ কামৰূপ মহানগৰ কেব চালক সন্থাৰ উদ্যোগত চচলত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ হাতে হাতে প্লে–কার্ড, বেনাৰ, পোষ্টাৰ লৈ কেব চালকসকলে ক’ৰোনাৰ এই জটিল পৰিস্থিতিৰ সময়ছোৱাত চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়৷ আজি কেব চালকসকলে আঁঠুকাঢ়ি হাতযোৰ কৰি গাড়ীৰ কাগজ–পত্রৰ ক্ষেত্রত এই সময়ছোৱাত ৰেহাই দিয়াৰ লগতে আর্থিক সাহায্য প্রদান কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনায়৷