নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰিতুল শইকীয়াৰ মুক্তিত অসম আৰক্ষীৰ কোনো ক্রেডিট নাই’

নিয়মীয়া বাৰ্তা, ২৩ মেঃ অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াৰ মুক্তিত অসম আৰক্ষীৰ কোনো কৃতিত্ব নাই৷ শনিবাৰে এই কথা স্পষ্ট কৰিলে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ আলফা (স্বাধীন)–এ শনিবাৰে পুৱাৰ ভাগত নাগালেণ্ডৰ মন জিলাত ৰিতুল শইকীয়াক মোকলাই দিয়াৰ পাছতে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি ভাস্কৰজ্যোতি মহন্তই কয়– ৰিতুল শইকীয়াৰ মুক্তি সম্ভৱ হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিচক্ষণ, অধ্যয়নশীল আহ্বানৰ বাবে৷ এই আহ্বানেহে ৰিতুল শইকীয়াৰ মুক্তিৰ কৃতিত্ব ল’ব পাৰে৷ অসম আৰক্ষীয়ে কেৱল ৰিতুল শইকীয়াৰ মুক্তিৰ ক্ষেত্রত তিনিজন লোকক নাগালেণ্ডৰ ভাৰত–ম্যানমাৰ সীমান্তলৈ নিৰাপত্তা দি লৈ গৈছিল৷

অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষী আৰু অসম ৰাইফলছৰ সহযোগত দুর্গম অঞ্চলৰ পৰা ৰিতুল শইকীয়াক নিৰাপত্তা দি অসমলৈ লৈ আহিছে৷ এয়াহে আমাৰ কাম আছিল৷ তাৰ ওপৰত অসম আৰক্ষীয়ে এই মুক্তিৰ ক্ষেত্রত কোনো ভূমিকা পালন কৰা নাই৷ কিন্তু ৰিতুল শইকীয়াৰ লগত ২১ এপ্রিলত অপহৰণ কৰি নিয়া মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ মুক্তিৰ ক্ষেত্রত সবল ভূমিকা গ্রহণ কৰিছিল৷ ৰিতুল শইকীয়াক মোকলাই দিবলৈ অসম আৰক্ষীয়েও আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষক আহ্বান জনাইছিল যদিও সেই আহ্বানক তেওঁ গুৰুত্ব নিদিলে৷ মুখ্যমন্ত্রীৰ আহ্বানৰ প্রতিহে সঁহাৰি দিলে৷ আৰক্ষী সঞ্চালকপ্রধানগৰা ৰিতুল শইকীয়াৰ মুক্তিৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে লোৱা ভূমিকাক অসম আৰক্ষীৰ তৰফৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷

You might also like