মাৰপিটৰ ঘটনাৰ সময়ত উপস্থিত আছিল সুশীল কুমাৰ
নিয়মীয়া বাৰ্তা ২৪ মেঃ প্রতিভাৱান মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাকাণ্ডৰ অভিযোগত গ্রেপ্তাৰ হোৱা ভাৰতৰ দুবাৰৰ অলিম্পিয়ান সুশীল কুমাৰক ৬ দিনৰ আৰক্ষীৰ জিম্মাত দিছে দিল্লীৰ ৰোহিণী আদালতে৷ দিল্লী আৰক্ষীয়ে সুশীল কুমাৰক ১২ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতখনে ছয় দিনৰহে জিম্মাত ৰখাৰ ৰায় দিয়ে৷
প্রাক্তন ৰাষ্ট্রীয় জুনিয়ৰ মল্লযুঁজ চেম্পিয়ন সাগৰ ৰাণাৰ হত্যাকাণ্ডত নাম সাঙোৰ খাই পৰা সুশীল কুমাৰে বিগত ১৯ দিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল যদিও শনিবাৰে নিশা দেশৰ তাৰকা মল্লযুঁজাৰুগৰাকীক দিল্লীৰ মুণ্ডকাত আটক কৰিবলৈ সক্ষম হয়৷ সুশীল আৰু অজয়ে এখন স্কুটাৰত উঠি কোনো ব্যক্তিক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে দিল্লী আৰক্ষীয়ে দুয়োকে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
সুশীল কুমাৰৰ লগতে এই হত্যাকাণ্ডত নাম সাঙোৰ খাই পৰা অজয় কুমাৰকো দেওবাৰে পুৱা স্পেচিয়েল ইনভেষ্টিগেটিং দলে ৰোহিণী আদালতত হাজিৰ কৰায়৷ কাঠগড়াত ৩০ মিনিট ধৰি সুশীল কুমাৰক ২৩ বছৰীয়া প্রতিভাৱান মল্লযুঁজাৰুগৰাকীৰ হত্যাকাণ্ড সন্দর্ভত জেৰা কৰা হয়৷
উল্লেখ্য যে যোৱা ৪ মে’ত দিল্লীৰ সত্রশাল ষ্টেডিয়ামৰ বাহিৰত সংঘটিত এক মাৰপিটৰ ঘটনাত প্রাণ হেৰুৱাইছিল সাগৰ ৰাণাই৷ এই ঘটনাটো সন্দর্ভত গ্রেপ্তাৰ হোৱা সুশীল কুমাৰক আৰক্ষীয়ে জেৰা কৰে আৰু সুশীল কুমাৰে উক্ত মাৰপিটৰ ঘটনাৰ সময়ত তেওঁ উপস্থিত আছিল আৰু ইয়াৰ পিছতে তেওঁ শুবলৈ ঘৰলৈ গৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে৷