মমতা বেনার্জীও হ’ব নোৱাৰে আইনৰ ঊর্ধ্বত
চিবিআয়ে ইচ্ছা কৰিলে ব্যৱস্থা ল’ব পাৰেঃছুপ্রিম ক’ৰ্ট
নিয়মীয়া বাৰ্তা ২৬ মেঃ আইনৰ শাসনক প্রত্যাহ্বান জনাইছে যদি মুখ্যমন্ত্রী মমতা বেনার্জী তথা তেওঁৰ আইন মন্ত্রীৰ বিৰুদ্ধে তদন্তকাৰী সংস্থা চিবিআয়ে ব্যৱস্থা গ্রহণ কৰিব পাৰে৷ এইক্ষেত্রত চিবিআই সম্পূর্ণৰূপে স্বাধীন বুলি আজি উচ্চতম ন্যায়ালয়ে গুৰুত্বপূর্ণ আহ্বান আগবঢ়াইছে৷ উল্লেখনীয় যে যোৱা ১৭ মে’ত চিবিআয়ে তৃণমূল কংগ্রেছৰ দুই মন্ত্রী, এগৰাকী বিধায়ক তথা কলকাতাৰ প্রাক্তন মেয়ৰক নাৰদ উৎকোচ গোচৰ কেলেংকাৰিত গ্রেপ্তাৰ কৰাৰ পিছতে মমতা বেনার্জীয়ে দলীয় কর্মী, সমর্থকক লৈ ৬ ঘণ্টা ধৰি চিবিআইৰ কার্যালয়ত ধর্ণা দিছিল৷
তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি কৰা মমতা বেনার্জীয়ে নিজাম পেলেচস্থিত চিবিআইৰ কার্যালয়ৰ কাম–কাজত বাধা প্রদান কৰিছিল৷ আনকি পশ্চিমবংগৰ আইন মন্ত্রীয়েও এইক্ষেত্রত চিবিআইৰ তদন্ত প্রক্রিয়াত বাধাৰ সৃষ্টি কৰিছিল৷
মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি বিনীত ছাৰণ আৰু বি আৰ গাভাইৰ বিচাৰপীঠে চিবিআইক প্রতিনিধিত্ব কৰা ছ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাক কয় যে চিবিআইৰ কাম–কাজত যদি হস্তক্ষেপ কৰিছে, তেন্তে মমতা বেনার্জী বা আইন মন্ত্রী সকলোৰে বিৰুদ্ধে সংস্থাটোৱে ব্যৱস্থা গ্রহণ কৰিব পাৰে৷ অৱশ্যে এইক্ষেত্রত চিবিআই বা চৰকাৰক পৰামর্শ ন্যায়ালয়ে নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে বিচাৰপীঠখনে৷ ইফালে, একেখন বিচাৰপীঠে পশ্চিমবংগত নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত সৃষ্টি হোৱা সংঘর্ষ সন্দর্ভত মমতা চৰকাৰলৈ জাননী জাৰি কৰিছে৷