পদপথৰ ৫ ব্যক্তিৰ দেহত ক’ভিড
নিয়মীয়া বাৰ্তা ২৭ মেঃ ক’ভিড নিৰাময়ৰ বাবে গ্রহণ কৰা বিভিন্ন কার্যসূচীৰ মাজতে কামৰূপ মহানগৰ জিলা প্রশাসনে পদপথত আশ্রিত লোকসকলক নিৰাপদ আশ্রয় প্রদানৰ এক কার্যসূচী গ্রহণ কৰিছে৷ বুধবাৰে জিলা প্রশাসনে শুক্রেশ্বৰ ঘাট এলেকাৰ পৰা প্রায় ৩০জন পদপথত আশ্রিত লোকক বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আশ্রয়গৃহলৈ স্থানান্তৰ কৰে৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নির্দেশত প্রশাসনৰ তৰফৰ পৰা জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত এই কার্য সম্পাদন কৰা হয়৷ গোলাঘাট মহিলা নির্মাণ বেচৰকাৰী সংস্থা, ইপিচিপি বেচৰকাৰী সংস্থা আৰু নেভার্ড বেচৰকাৰী সংস্থাই আশ্রয়গৃহলৈ পদপথত আশ্রিত লোকসকলক স্থানান্তৰ কার্যত সম্পূর্ণ সহযোগিতা আগবঢ়ায়৷ উল্লেখযোগ্য যে স্থানান্তৰ কৰাৰ আগতে কৰা ক’ভিড পৰীক্ষাত কাৰোৰে শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি পোৱা নগ’ল৷ আনহাতে, জিলাখনৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈকে ড্রাক ৰখোৱা স্থানবোৰত বুধবাৰে জিলা প্রশাসনে ক’ভিড পৰীক্ষাৰ এক কার্যসূচী সম্পন্ন কৰে৷ জিলা পৰিবহণ বিভাগৰ সহযোগত কৰা এই পৰীক্ষাত ৮৪জন লোকৰ ভিতৰত ৫জনৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰাৰ পিছত আক্রান্তসকলক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷