নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত মৃতকৰ অধিকাংশই ৬০ ঊর্ধ্বৰ

নিয়মীয়া বাৰ্তা ২৮ মেঃ কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ত মৃত্যু হোৱাসকলৰ ভিতৰত সর্বাধিক হৈছে ৬০ বছৰৰ ঊর্ধ্বৰ ব্যক্তি৷ স্বাস্থ্য বিভাগৰ ১ এপ্রিলৰ পৰা ২৬ মে’লৈ পৰিসংখ্যাত প্রকাশ পাইছে এই তথ্য৷ এই পৰিসংখ্যাৰ পৰিপ্রেক্ষিতত ৫০ বছৰৰ ঊর্ধ্বৰ ৰোগীৰ চিকিৎসালয়ত ভর্তি কৰা আৰু ক’ভিড ৰোগীৰ সংস্পর্শলৈ অহা সকলো ব্যক্তিৰ পৰীক্ষা কৰা বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ জিলাখনৰ সকলো জ’নৰ ভিতৰত সোণাপুৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অধীনত সংক্রমণৰ হাৰ সর্বাধিক (৭.৪৭ শতাংশ) পোৱা গৈছে৷ সংক্রমণৰ হাৰ নিয়ন্ত্রণৰ বাবে কণ্টেক্ট ড্রেচিং নিশ্ছিদ্রকৈ কৰাৰ নির্দেশ দিয়া হৈছে যাতে ৰোগীৰ সংস্পর্শলৈ অহা কোনো ব্যক্তি পৰীক্ষাৰ পৰা বাদ পৰি নাযায়৷

বৃহস্পতিবাৰে জিলা উপায়ুক্তগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত জিলাখনৰ পৰীক্ষা আৰু টিকাকৰণ অভিযানৰ পর্যালোচনা বৈঠকত এই নির্দেশ জাৰি কৰা হয়৷ জিলাখনৰ চহৰাঞ্চলত সংক্রমণ হ্রাস পাইছে যদিও সোণাপুৰত এতিয়াও পৰিস্থিতি উদ্বেগজনক হৈ থকাত সোণাপুৰত বিশেষ পৰীক্ষা অভিযান চলোৱাৰ নির্দেশ দিছে উপায়ুক্তগৰাকীয়ে৷ গ্রামাঞ্চল আৰু চাহ বাগিচাসমূহ যাতে পৰীক্ষা আৰু টিকাকৰণৰ পৰা বাদ পৰি নাযায় তাৰ বাবে বিশেষ সতর্ক হ’বলৈ নির্দেশ দিছে প্রশাসনে৷

পঞ্চায়ত সদস্য আৰু গাঁওবুঢ়াসকলৰ সহযোগত প্রতিখন গাঁৱত পৰীক্ষা কৰিবলৈ এই বৈঠকত নির্দেশ দিয়া হয়৷ টিকাকৰণ কেন্দ্রসমূহত বিশেষকৈ গ্রামাঞ্চলত হেল্প ডেস্ক স্থাপনৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে যাতে স্মার্টফোন বা ইণ্টাৰনেট ব্যৱহাৰ কৰিব নজনাসকলে ভেকচিন লোৱাৰ পৰা বঞ্চিত হ’ব লগা নহয়৷

উল্লেখ্য যে জিলাখনৰ ৫টা জ’নৰ ভিতৰত ৱেষ্ট জ’নে নিজ এলেকাত সর্বাধিক লোকৰ পৰীক্ষা কৰিবলৈ সক্ষম হৈছে৷ এই সাফল্যৰ বাবে আজিৰ বৈঠকত জিলা উপায়ুক্তই জ’নটোক পুৰস্কৃত কৰাৰ লগতে আন জ’নসমূহতো পৰীক্ষা অধিক কৰাৰ বাবে উৎসাহ যোগায়৷ আজিৰ বৈঠকখনত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শর্মিষ্ঠা বৰা, অতিৰিক্ত উপায়ুক্ত (টিকাকৰণ) গুণজিৎ ৰয়চৌধুৰী, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গণেশ শইকীয়া, চক্র বিষয়া, জ’নেল মহকুমা স্বাস্থ্য বিষয়াসকল আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ জিলা পর্যায় আৰু খণ্ডসমূহৰ প্রতিনিধি উপস্থিত থাকে৷

You might also like