বাসগৃহৰ প্রৱেশদ্বাৰত বোকা–আৱর্জনাৰ দ’ম
নিয়মীয়া বাৰ্তা ২৮ মেঃ মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিছে নলা নিষ্কাশনৰ কাম৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘালৰ নির্দেশত নৱনিযুক্ত পৌৰপতি দেৱাশিস শর্মাই মহানগৰীৰ নলা–নর্দমা আৰু আৱর্জনাৰে ভৰি পৰা ভৰলু, বাহিনী নৈ পৰিষ্কাৰ কৰাৰ বাবে দিনে–নিশাই কাম কৰি থকা পৰিলক্ষিত হৈছে৷ কিন্তু নলাৰ পৰা তুলি অনা জাবৰ আৰু বোকা পথৰ দাঁতিত দ’মাই থোৱাত মহানগৰীৰ পৰিৱেশ বিনষ্ট হৈছে৷ বিশেষকৈ কাহিলিপাৰা পাৱাৰ হাউছৰ সমীপত শ্রমিকে নলা নিষ্কাশনৰ নামত মইমতালি কৰাৰ অভিযোগ উত্থাপন হৈছে৷
অঞ্চলটোৰ স্থানীয় বাসিন্দা হীৰকজ্যোতি ডেকাই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ উপস্থিতিত শ্রমিকৰ এটা দল নলা নিষ্কাশন কৰাৰ বাবে কাহিলিপাৰাত উপস্থিত হয়৷ জি এম চিৰ শ্রমিকসকলে নলাৰ পৰা বোকা আৰু আৱর্জনা তুলি আনি পথৰ দাতিত দ’মাই ৰখাত স্থানীয় লোকে আপত্তি কৰে যদিও পৰৱর্তী সময়ত জাবৰখিনি স্থানান্তৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ কিন্তু বিয়লি ৫ বজাৰ পাছতো জাবৰ তথা বোকা স্থানান্তৰ নকৰাত অঞ্চলটো কদর্যময় হৈ পৰে৷ বিশেষকৈ অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ প্রৱেশদ্বাৰৰ সন্মুখত জাবৰ দ’মাই থোৱাত স্থানীয় লোকে পূতিগন্ধময় পৰিৱেশৰ মাজেৰেই অহা–যোৱা কৰিবলগীয়া হৈছে বুলি ডেকাই জানিবলৈ দিছে৷ ক’ৰোনা মহামাৰীৰ গণ সংক্রমণৰ ভয়াৱহ পৰিস্থিতিৰ সময়ছোৱাত এইদৰে ঘৰৰ সন্মুখত নলাৰ পৰা ওলোৱা বোকা–জাবৰ দ’মাই থোৱাত স্থানীয় লোকে অস্বস্তি অনুভৱ কৰি বিভাগীয় কর্তৃপক্ষক শীঘ্রে বিহিত ব্যৱস্থা গ্রহণৰ বাবে আহ্বান জনাইছে৷