নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকে শক্তি বঢ়াব ভাইৰাছৰ

নিয়মনীয়া বাৰ্তা ২৮ মেঃ জাপানত অব্যাহত থকা মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱে আগন্তুক টকিঅ’ অলিম্পিকলৈ গভীৰ অনিশ্চয়তা কঢ়িয়াই আনিছে৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱলৈ মাজত মাথোঁ দুটা মাহহে বাকী থকা অৱস্থাত জাপানৰ কেইবাখনো চহৰত এতিয়াও ক’ভিডজনিত জৰুৰীকালীন অৱস্থা অব্যাহত আছে৷ জাপান চৰকাৰ, আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু আয়োজক কমিটীয়ে সকলো প্রত্যাহ্বান নেওচি সতর্কতামূলক ব্যৱস্থাৰে অলিম্পিক সময় মতে আয়োজন কৰিবলৈ সাজু হৈছে যদিও দেশখনৰ চিকিৎসকৰ এটা দলে মেগা ইভেণ্টখনক লৈ সতর্কবাণী জাৰি কৰিছে৷ জাপানীজ ডক্টর্ছ ইউনিয়নৰ মুৰব্বী নাওটো আয়েমাই আজি কয় যে ২০০ৰো অধিক দেশৰ হাজাৰ হাজাৰ ক্রীড়াবিদৰ সমাগমৰ ফলত টকি’ অলিম্পিক মহামাৰী ক’ৰোনাৰ হটস্পটত পৰিণত হ’ব৷ বিশ্বৰ প্রায় ১০ হাজাৰ ক্রীড়াবিদে অংশ ল’বলগীয়া টকিঅ’ অলিম্পিকে সমগ্র বিশ্বলৈ ভাইৰাছ বিয়পাব বুলিও জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে আশংকা প্রকাশ কৰে৷

‘বিশ্বৰ বিভিন্ন প্রান্তত এতিয়া ক’ভিড–১৯ৰ বিভিন্ন ষ্ট্রেইন (প্রকাৰ) দেখিবলৈ পোৱা গৈছে৷ টকিঅ’ অলিম্পিকত বিশ্বৰ বিভিন্ন প্রান্তৰ এথলীটসকল একগোট হ’লে তেওঁলোকৰ শৰীৰৰ পৰা এক নতুন ৰূপৰ ষ্ট্রেইন সৃষ্টি হ’ব পাৰে৷ এই অলিম্পিকত ভাইৰাছ ষ্ট্রেইন সৃষ্টি হ’লে পৰিস্থিতি অধিক ভয়াৱহ হ’ব আৰু মানৱ জাতিয়ে টকি’ অলিম্পিকক এক ট্রেজেডীৰ ৰূপত চিৰদিন স্মৰণ কৰিব৷ মোৰ মতে, টকিঅ’ অলিম্পিক আয়োজন কৰাতকৈ জাপান চৰকাৰে এতিয়া দেশবাসীৰ স্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰা উচিত৷ কিয়নো সম্প্রতি জাপান বিপজ্জনক স্থিতিত আছে৷’– চিকিৎসকগৰাকীয়ে এইদৰে কয়৷ উল্লেখ্য যে জাপানত অব্যাহত থকা ক’ভিড–১৯ৰ চতুর্থটো জোৱাৰৰ ফলত চৰকাৰে অহা জুন পর্যন্ত জৰুৰীকালীন অৱস্থা বৃদ্ধি কৰাৰ চিন্তাচর্চা কৰি আছে৷ ইফালে, অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টকি’ অলিম্পিক বাতিলৰ দাবীত আজিও দেশখনৰ বিভিন্ন স্থানত প্রতিবাদ অব্যাহত আছে৷

You might also like