নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিএছইৰ দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল; শিক্ষার্থীৰ স্বাস্থ্যক লৈ আপোচ নহয়ঃ মোদী

নিয়মীয়া বাৰ্তা, ২ জুনঃ অৱশেষত শিক্ষার্থী–শিক্ষক আৰু অভিভাৱকৰ চিবিএছইৰ দ্বাদশ শ্রেণীৰ পৰীক্ষাক লৈ উৎকণ্ঠাৰ অন্ত পৰিল৷ চিবিএছইৰ দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল কৰা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত মঙলবাৰে সন্ধিয়া এক উচ্চস্তৰীয় পর্যালোচনা বৈঠকত এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷

চিবিএছইৰ দ্বাদশ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত ক’ভিড–১৯সৃষ্ট অনিশ্চিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শিক্ষার্থীৰ স্বার্থতে গ্রহণ কৰা হৈছে বুলি প্রধানমন্ত্রী মোদীয়ে বৈঠকত মন্তব্য কৰিছে৷ চিবিএছইৰ দ্বাদশ শ্রেণীৰ পৰীক্ষা সন্দর্ভত সিদ্ধান্ত দুদিনৰ ভিতৰতে গ্রহণ কৰিব বুলি উচ্চতম ন্যায়ালয়ক কেন্দ্রীয় চৰকাৰে অৱগত কৰাৰ এদিন পিছতেই প্রধানমন্ত্রী মোদীয়ে চিবিএছইকে ধৰি সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়৷ এই বৈঠকত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে পৰীক্ষা বাতিল কৰা সন্দর্ভত কয় যে শিক্ষার্থীৰ স্বাস্থ্য আৰু সুৰক্ষা সবাতোকৈ গুৰুত্বপূর্ণ আৰু ইয়াৰ বাবে কোনো কাৰণতেই আপোচ কৰা নহ’ব৷ এই সিদ্ধান্তৰ পিছতেই শিক্ষার্থী–শিক্ষক আৰু অভিভাৱকে পৰীক্ষাক লৈ চলি থকা অনিশ্চয়তাৰ অন্ত পৰিল৷ আজিৰ সময়ত এনে ধৰণৰ পৰীক্ষাৰে দেশৰ যুৱক বিপজ্জনক পৰিস্থিতিলৈ ঠেলি দিব নোৱাৰে বুলি মন্তব্য কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ‘এনে চাপযুক্ত পৰিস্থিতিৰ সময়ত শিক্ষার্থীক পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে বল প্রয়োগ কৰা উচিত নহয়৷ সেয়েহে অংশীদাৰসকলে শিক্ষার্থীৰ প্রতি সংবেদনশীলতা প্রদর্শন কৰা উচিত৷’ আজিৰ বৈঠকত কেন্দ্রীয় গৃহ, প্রতিৰক্ষা, বিত্ত, বাণিজ্য, তথ্য আৰু সম্প্রচাৰ, পেট্র’লিয়াম, মহিলা শিশু বিকাশ মন্ত্রী, প্রধানমন্ত্রীৰ প্রধান সচিব, কেবিনেট সচিব, বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা বিভাগৰ সচিব আৰু আন শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে চিবিএছইৰ দশম শ্রেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্রেণীৰ পৰীক্ষা পিছুৱাই দিয়া হৈছিল৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ অৱনতি ঘটাৰ বাবে দ্বাদশ শ্রেণীৰ পৰীক্ষাক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হয়৷ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ যোৱা ২১ মে’ত প্রধানমন্ত্রী মোদীয়ে এখন উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈছিল যদিও উক্ত দিনা এই সন্দর্ভত একো সিদ্ধান্ত গ্রহণ কৰা নাছিল৷

পৰৱর্তী সময়ত যোৱা ২৩ মে’ত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ অধ্যক্ষতাত ৰাজ্যসমূহৰ শিক্ষামন্ত্রীৰ সৈতে বৈঠক অনুষ্ঠিত হৈ যায়৷ এই দুখন গুৰুত্বপূর্ণ বৈঠকৰ পিছত প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত উচ্চ পর্যায়ৰ বৈঠকত পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ উল্লেখ্য যে বৈঠক আৰম্ভ হোৱাৰ পূর্বে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জনাইছিল৷

You might also like