ৰমাকান্ত আচৰেকাৰৰ মৃত্যুবার্ষিকীত শচীনৰ আৱেগিক শ্রদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ প্রয়াত গুৰু ৰমাকান্ত আচৰেকাৰৰ প্রথম মৃত্যুবার্ষিকীত তেওঁৰ প্রিয় শিষ্য মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে আৱেগিক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ ইংৰাজী আৰু মাৰাঠী ভাষাত টুইটযোগে তেণ্ডুলকাৰে প্রয়াত গুৰুৰ প্রতি শ্রদ্ধাঞ্জলি জনাই কয়– ‘আপুনি সদায় আমাৰ অন্তৰত সজীৱ হৈ থাকিব, আচৰেকাৰ ছাৰ’ ক্রিকেটৰ কিংবদন্তিগৰাকীয়ে গুৰু আচৰেকাৰৰ সৈতে লোৱা এখন পুৰণি ফটো টুইটাৰত আপলোড কৰে৷
উল্লেখ্য যে ২০১৯ চনৰ ২ জানুৱাৰীত বার্ধক্যজনিত কাৰণত মৃত্যু হৈছিল ৰমাকান্ত আচৰেকাৰৰ৷ দ্রোণাচার্য বঁটাবিজয়ী প্রশিক্ষকজনে শচীনৰ উপৰি বিনোদ কাম্বলী, প্রবীণ আমৰেকে ধৰি বহু প্রখ্যাত ক্রিকেটাৰক দাদৰৰ শিৱাজী পার্কত প্রশিক্ষণ দিছিল৷
প্রয়াত প্রশিক্ষকজনৰ স্মৃতিত প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিনোদ কাম্বলীয়েও শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷