উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল মুছলিম লীগ
চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা অমুছলিমক নাগৰিকত্ব প্রদানৰ বিৰোধিতা
নিয়মীয়া বাৰ্তা ২ জুনঃ চুবুৰীয়া ৰাষ্ট্রৰ অমুছলমান লোকসকলক নাগৰিকত্ব প্রদান কৰিবলৈ সদ্যহতে কেন্দ্রই জাৰি কৰা জাননীক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে৷ লক্ষণীয়ভাৱে ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন (কা) সংসদৰ অনুমোদন লাভ কৰাৰ ঠিক পাছতেই প্রথম আবেদনকাৰী হিচাপে মুছলিম লীগে কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ৷ ‘কা’ সংক্রান্ত গোচৰত মুছলিম লীগৰ দাবী আছিল– নাগৰিকত্ব সংশোধনী আইনখন সাংবিধানিক নে অসাংবিধানিক সেয়া নির্ধাৰণ নকৰালৈকে ন্যায়ালয়ে ‘কা’ৰ ওপৰত স্থগিতাদেশ জাৰি কৰা হওক৷ পিছে ‘কা’ৰ নীতি–নিয়ম জাৰি নোহোৱা হেতু উচ্চতম ন্যায়ালয়ে ‘কা’ৰ ওপৰত স্থগিতাদেশ জাৰি কৰাৰ পৰা বিৰত আছিল৷
পিছে আজি মুছলিম লীগে ন্যায়ালয়ৰ মজিয়াত দাখিল কৰা লেখ আবেদনত ‘কা’ সংক্রান্ত গোচৰৰ কথা উল্লেখ কৰি কয় যে চুবুৰীয়া ৰাষ্ট্রৰ ধর্মীয় সংখ্যালঘুক নাগৰিকত্ব প্রদানৰ বাবে কেন্দ্রই নীতি–নিয়ম প্রস্তুত কৰা নাই যদিও পিছ দুৱাৰেদি ৰাজপত্রিত জাননী জাৰি কৰি চৰকাৰে নিজৰ অভিসন্ধি সিদ্ধি কৰিব বিচাৰিছে৷ সেয়েহে যোৱা ২৮ মে’ত কেন্দ্রীয় চৰকাৰে জাৰি কৰা ৰাজপত্রিত জাননীখনত স্থগিতাদেশ জাৰি কৰাৰ বাবে মুছলিম লীগে ন্যায়ালয়ত আবেদন জনাইছে৷ উল্লেখ্য যে কেন্দ্রই জাৰি কৰা শেহতীয়া জাননীত দেশৰ পাঁচখন ৰাজ্যৰ মুঠ ১৩খন জিলাৰ উপায়ুক্ত তথা সংশ্লিষ্ট ৰাজ্যৰ গৃহ সচিবক চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ শৰণার্থীসকলক ভাৰতৰ নাগৰিকত্ব প্রদানৰ সম্পূর্ণ কর্তৃত্ব প্রদান কৰা হৈছে৷