নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰে বন বিভাগৰ ৩ হাজাৰ খালী পদত নিযুক্তি

বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৪ জুনঃ এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰিয়ে খালী হৈ থকা ৩,০০০ পদ পূৰণ কৰিব বন বিভাগে৷  এই কথা স্পষ্ট কৰিলে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ উক্ত বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ লগতে বনপালক আৰু বনৰক্ষীৰ পদসমূহো পূৰণ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত দিয়া নির্দেশনা অনুসৰি ইতিমধ্যে বিভাগৰ খালী হোৱা প্রায় ৩,০০০ পদৰ সবিশেষ বিত্ত বিভাগলৈ প্রেৰণ কৰা হৈছে৷

ইফালে, প্রধান মুখ্য বন সংৰক্ষক এ এম পি সিঙে জানিবলৈ দিয়া মতে খালী হোৱা ৩,০০০ পদৰ বিপৰীতে বিভাগে অচিৰেই বিজ্ঞাপন প্রকাশ কৰিব৷ সেই অনুসৰি লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ শীর্ষ বিষয়াজনৰ মতে বিভাগত বনপালক আৰু বনৰক্ষীৰ অধিক পদ খালী আছে৷ গতিকে এই পদসমূহ অচিৰেই পূৰণ কৰা হ’ব৷ উল্লেখ্য যে নগাঁও জিলাৰ বামুণী পাহাৰত ১৮টাকৈ হাতীৰ মৃত্যু সন্দর্ভত আজি প্রথমখন প্রতিবেদন বিভাগীয় মন্ত্রীৰ হাতত দাখিল কৰে বন বিভাগে৷ এই উপলক্ষে পাঞ্জাবাৰীস্থিত বিভাগৰ মুখ্য কার্যালয় অৰণ্য ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয়৷ এই সংবাদ মেলত বনমন্ত্রী শুক্লবৈদ্যই প্রকাশ কৰা মতে বজ্র পৰিয়ে মৃত্যু হৈছিল ১৮টাকৈ হাতীৰ৷

মৃত্যু হোৱা হাতীকেইটাৰ ভিতৰত আছিল ১০জনী মাইকী হাতী, ৫টা মতা হাতী আৰু বাকীকেইটা আছিল পোৱালি৷ হাতীকেইটাৰ মৃত্যু সন্দর্ভত হোৱা তদন্ত প্রক্রিয়াত ২৯ হাজাৰ এম্পায়াৰৰ বজ্র পৰাৰ বাবেই এই দুখজনক ঘটনা সংঘটিত হোৱাটো স্পষ্ট হৈছে৷ বনমন্ত্রীগৰাকীয়ে ইয়াকো কয় যে বজ্র পৰি ১৮টাকৈ হাতীৰ মৃত্যুৰ ঘটনা অসমত পূর্বে হোৱা নাছিল৷ আমি মর্মাহত, কিন্তু প্রকৃতিৰ লগত আমি যুঁজিব নোৱাৰোঁ৷ এই সংবাদ মেলতে আন্তঃৰাজ্যিক সীমা বিবাদ প্রসংগত মন্ত্রীগৰাকীয়ে কয়– আন্তঃৰাজ্যিক সীমাত থকা বনাঞ্চল ধ্বংস তথা বেদখলৰ বিষয়টো সন্দর্ভত চুবুৰীয়া নাগালেণ্ড, অৰুণাচল, মিজোৰাম আৰু মেঘালয়ৰ সৈতে এক যুটীয়া আলোচনাৰ প্রয়োজনীয়তাৰ কথা বিভাগৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ ওচৰত বিস্তৃতভাৱে লিখিত আকাৰত দাখিল কৰা হৈছে৷ ইতিমধ্যে গৃহ আৰু ৰাজনৈতিক বিভাগক পত্রযোগে অৱগত কৰা হৈছে বনাঞ্চল বেদখলৰ বিষয়টো৷

You might also like