নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাধিবক্তা দেৱজিৎ শইকীয়াক সম্বর্ধনা এচিএৰ

নিয়মীয়া বাৰ্তা ৪ জুনঃ  অসম চৰকাৰৰ নৱনিযুক্ত মহাধিবক্তা তথা অসম ক্রিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াক আজি সন্থাৰ বিষয়ববীয়াসকলে সম্বর্ধনা জনায়৷ বর্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত এ চি এৰ সভাপতি ৰমেন দত্ত, উপ–সভাপতি পৰীক্ষিত দত্ত, যুটীয়া সম্পাদক কামাখ্যা শইকীয়া, এপেক্স কাউন্সিলৰ সদস্য তাপস চক্রৱর্তী, ৰাজ্যিক ক্রিকেট একাডেমীৰ টেকনিকেল ডাইৰেক্টৰ গণেশ দত্ত আৰু হোজাই জিলা ক্রীড়া সন্থাৰ সভাপতি শিলাদিত্য দেৱে শইকীয়াক সম্বর্ধনা জনায়৷

অনুষ্ঠানত সভাপতি ৰমেন দত্তই কয় যে বিগত সময়ছোৱাত দেৱজিৎ শইকীয়াৰ নেতৃত্বত অসম ক্রিকেট সন্থাই ৰাজ্যৰ ক্রিকেটৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্রত অভূতপূর্ব গতি লাভ কৰিবলৈ সক্ষম হৈছে৷

ইফালে, অনুষ্ঠানত ৰাজ্যৰ অষ্টাদশসংখ্যক মহাধিবক্তা তথা এ চি এৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে তেওঁৰ কার্যকালত ৰাজ্যত আৰম্ভ হোৱা উন্নয়নমূলক প্রকল্পসমূহ প্রায় সম্পূর্ণ হোৱাৰ দিশত আগবাঢ়িছে৷

You might also like