১০ দিনতে ৩০ টকা পর্যন্ত বাঢ়িল অত্যাৱশ্যকীয় সামগ্রীৰ দাম
ক’ৰোনা মহামাৰীত কোঙা সর্বসাধাৰণ ৰাইজক মাধমাৰ
নিয়মীয়া বাৰ্তা ৭ জুনঃ ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে মূল্যবৃদ্ধিৰ জুয়ে ছানি ধৰিছে ৰাজ্যৰ বজাৰ৷ কার্যতঃ এচাম অসাধু ব্যৱসায়ীয়ে নিযন্ত্রণহীন কৰি তুলিছে বজাৰ ব্যৱস্থা৷ প্রতিবিধ সামগ্রীৰে মূল্যবৃদ্ধিৰে ক’ভিডকেন্দ্রিক পৰিৱেশৰ মাজত সাধাৰণ ৰাইজক মাধমাৰ শোধোৱাই নহয়, এক অনিশ্চিত দিশলৈ ঠেলি দিছে দৰিদ্র আৰু নিম্ন মধ্যবিত্ত পৰিয়ালক৷ সংশ্লিষ্ট বিভাগ তথা জিলা প্রশাসনৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ খাদ্য–সামগ্রীৰ কৃত্রিম নাটনিৰে এটা অসাধু ব্যৱসায়ী চক্রই অত্যাৱশ্যকীয় প্রতিবিধ খাদ্য–সামগ্রীৰ মূল্য বিগত ১০ দিনতে ২০ টকাৰ পৰা ৩০ টকালৈ বৃদ্ধি কৰিছে৷ এনে অৱস্থাত সাধাৰণভাৱে জীৱন নির্বাহ কৰা পৰিয়ালৰ বাবে দৈনন্দিন জীৱন চলাই নিয়াটো দুর্বিষহ হৈ পৰিছে৷
পৰিস্থিতিয়ে এনে পর্যায় পাইছেগৈ যে বজাৰলৈ অহা অসহায় পৰিয়ালৰ মুৰব্বীয়ে অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰিব নোৱাৰি হতাশ হৈ খালী মোনালৈ উভতিব লগা হৈছে৷ উল্লেখ্য যে ক’ৰোনাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা যুদ্ধৰ সুযোগ লৈ ৰাজ্যত চাউল, দাইল, মিঠাতেল, কণী আৰু সাধাৰণ প্রতিবিধ শাক–পাচলিৰ দাম বৃদ্ধিৰে লুণ্ঠনত নামি পৰিছে এইচাম অসাধু ব্যৱসায়ী৷ ব্যৱসায়ীৰ মূল কেন্দ্রস্থল ফাঁচীবজাৰত মে’ মাহৰ মাজভাগত ২৫ কিলোগ্রামৰ এপেকেট আইজং চাউল বিক্রী হৈছিল ৭০০ টকাত৷ কিন্তু একেই চাউলৰ মাহটোৰ শেষত মূল্যবৃদ্ধি ঘটি দাম নির্ধাৰণ হৈছে ৭৭০ টকা৷
আনহাতে, পাইকাৰী বজাৰত ৫৫৫ ব্রেণ্ডৰ ২৫ কিলোগ্রাম চাউলৰ পেকেটৰ দাম ৩০ টকালৈ বৃদ্ধি পাইছে৷ সোণাশক্তি ব্রেণ্ডৰ ২৫ কিলোগ্রাম চাউলৰ পেকেটৰ দাম যোৱা ১০ দিনত ৯৪০ টকাৰ পৰা ৯৮০ টকালৈ বৃদ্ধি পাইছে৷ এনে অনিয়ন্ত্রিত মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক সংকটত পেলোৱাৰ সময়তে যোৱা ১৫টা দিনত মিঠাতেলৰ অভাৱনীয় দাম বৃদ্ধি ঘটিছে৷ মিঠাতেলৰ মূল্যবৃদ্ধিয়ে কার্যতঃ স্পষ্ট কৰি দিছে যে পাইকাৰী বজাৰেই হওক বা খুচুৰা বজাৰেই হওক বর্তমান বিভাগীয় কর্তৃপক্ষ তথা প্রশাসনৰ নিয়ন্ত্রণৰ বাহিৰত৷ মে’ মাহৰ মাজভাগত এক লিটাৰ মিঠাতেলৰ পেকেটৰ দাম আছিল ১৪৫ টকা৷ ২০ মে’ত এই মূল্য ১৬৫লৈ বৃদ্ধি পায়৷ আনহাতে ১০ দিনৰ ভিতৰতে প্রতি লিটাৰ মিঠাতেলৰ পেকেটৰ দাম ১৮৫লৈ বৃদ্ধি পায়৷ ক’ৰোনা আৰু সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ ভিন্ন প্রান্তত একাংশ ব্যৱসায়ীয়ে পাইকাৰী বজাৰৰ মূল্যতকৈও অধিক দামত সামগ্রী বিক্রী কৰি থকাৰ পাছতো এইক্ষেত্রত পদক্ষেপ গ্রহণৰ পৰা ৰহস্যজনকভাৱে আঁতৰি আছে জিলা প্রশাসনসমূহ৷
এনে পৰিস্থিতিত সাধাৰণ খাটিখোৱা ৰাইজে ত্রাহি মধুসূদন সুঁৱৰিব লগা হৈছে৷ বজাৰত জ্বলা মূল্যবৃদ্ধিৰ এই জুইকুৰাত দিক্–বিদিক হেৰুৱাই পেলাইছে সাধাৰণ ৰাইজ৷ দিছপুৰত নতুনকৈ গঠন হোৱা চৰকাৰখনে এইক্ষেত্রত কিধৰণৰ পদক্ষেপ লয়, তালৈ অপেক্ষা কৰিছে ৰাইজে৷ পৰিতাপৰ বিষয় যে চাউল, মিঠাতেলেই নহয়, সাধাৰণ ৰাইজৰ খাদ্য–সামগ্রীৰ তালিকাত থকা দাইলৰ দামো প্রতি কিলোত বৃদ্ধি পাইছে ১০ৰ পৰা ১৫ টকালৈ৷ সৰু মচুৰ দাইলৰ প্রতি কিলোৰ দাম ১০ দিন পূর্বে আছিল ৯৫ টকা৷ বর্তমান এই মূল্য ১২০ টকালৈ বৃদ্ধি পাইছে৷ গুৱাহাটীৰ বজাৰসমূহত যোগান বিভাগ তথা জিলা প্রশাসনৰ টাস্ক ফ’র্চে মাজে–সময়ে অভিযান চলাই আহিছে যদিও অসাধু ব্যৱসায়ী চক্রক নাকী লগাবলৈ সক্ষম হোৱা নাই৷ ক’ৰোনা পৰিস্থিতিৰ বাবে বহিঃৰাজ্যৰ পৰা সামগ্রী আমদানি কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই পাইকাৰী বিক্রেতাসকলে মূল্যবৃদ্ধিৰ পূর্ণ সুযোগ গ্রহণ কৰিছে যদিও এইক্ষেত্রত কঠোৰ স্থিতি গ্রহণ কৰিব পৰা নাই যোগান বিভাগ অথবা প্রশাসনে৷
লক্ষণীয়ভাৱে প্রতি লিটাৰ ৰিফাইন তেলৰ দামে পূর্বৰ সকলো ৰেকর্ড ভংগ কৰিছে৷ পাইকাৰী বজাৰত এতিয়া এক লিটাৰ ৰিফাইন তেলৰ দাম ১৯৫–২০০ টকা৷ চাউল–দাইলৰ দামেই নহয়, পাচলিৰ বজাৰতো এতিয়া জুই লাগিছে৷ ৰাজ্যৰ জটিল পৰিস্থিতিৰ সুযোগ লৈ শাক–পাচলিৰো দামো প্রতিদিনে ঊর্ধ্বমুখী হ’বলৈ লৈছে৷ পামহি বজাৰ ক’ৰোনাৰ পৰিস্থিতিৰ বাবে শেহতীয়াকৈ বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত কেইবাখনো নতুন বজাৰৰ সৃষ্টি হোৱাত পাচলিৰ দামো ভিন্ন ভিন্ন হ’বলৈ লৈছে৷ একমাত্র গুৱাহাটীতেই নহয়, ৰাজ্যৰ আন প্রান্ততো মূল্যবৃদ্ধি ঘটিছে পাচলিৰ৷ যোৱা ১০ দিন পূর্বে ৩০ টকাকৈ বিক্রী হৈ থকা জিকা এতিয়া পাইকাৰী বজাৰতে প্রতিকিলোৰ মূল্য হৈছে ৫০ টকা৷
একেদৰে ৬০ টকীয়া পটল ১০০ টকাকৈ, ২০ টকীয়া তিঁয়হ ৪০ টকাকৈ, ৬০ টকীয়া ভেণ্ডি ৮০ টকাকৈ, ৫০ টকীয়া ভাতকেৰেলা ৮০ টকাকৈ, ৪০ টকীয়া বেঙেনা ৬০ টকাকৈ আৰু ২০ টকীয়া বন্ধাকবি ৫০ টকাকৈ বিক্রী হৈছে৷ ইফালে হঠাতে পুনৰ মূল্যবৃদ্ধি ঘটিছে আলু আৰু পিঁয়াজৰ৷ এসপ্তাহ পূর্বে ১৮ টকাকৈ বিক্রী হোৱা প্রতি কিলো আলু এতিয়া ২৫ টকাকৈ আৰু ২৫ টকাত বিক্রী হোৱা পিঁয়াজ ৩০ টকাকৈ বিক্রী হৈছে৷ এনে ভয়াৱহ মূল্যবৃদ্ধিক লৈ চৌদিশে উঠা প্রতিবাদ আৰু অসন্তুষ্টিৰ পাছত শেহতীয়াকৈ যোগান বিভাগে পাইকাৰী ব্যৱসায়ীক দাম বৃদ্ধি নকৰিবলৈ নির্দেশ দিছে যদিও সেয়া কার্যতঃ ধোঁৱাচাঙতে থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷ ইয়াৰ বিপৰীতে সামগ্রী যোগানৰ নাটনি দেখুৱাই পাইকাৰী বিক্রেতাসকলে প্রায় প্রতিদিনে মূল্যবৃদ্ধি ঘটাই আছে৷ এনে অৱস্থাত নিয়ন্ত্রণহীন হৈ পৰা বজাৰৰ মূল্যই মাধমাৰ শোধাইছে সাধাৰণ ৰাইজক৷ পৰিস্থিতি অপৰিৱর্তিত হৈ থাকিলে জুন মাহৰ মাজভাগত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে যে পৰিস্থিতি অধিক ভয়ংকৰ কৰি তুলিব সেয়া স্পষ্ট হৈ পৰিছে৷