শিক্ষকৰ বাবে মনোবিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা
ৰূপলেখা দেৱী
মনোবিজ্ঞান হ’ল বিজ্ঞানৰ এনেকুৱা এটা শাখা, য’ত মনৰ গঠন, ক্রিয়াকলাপ, আচাৰ, আচৰণ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা হয়৷ বর্তমান সময়ত শিক্ষকসকলৰ বাবে মনোবিজ্ঞানৰ অধ্যয়ন বিশেষভাৱে আৱশ্যক৷ এগৰাকী শিক্ষকে ছাত্রসকলৰ কাৰণে পথ প্রদর্শক আৰু দার্শনিকৰ ভূমিকা পালন কৰে৷ তেওঁ ছাত্রৰ বিকাশ আৰু উন্নতিৰ লগতে বিভিন্ন স্তৰত ছাত্র এজনৰ কি প্রয়োজন, তাৰ বিষয়ে ভালদৰে জনা উচিত৷ মনোবিজ্ঞানৰ শিক্ষাই শিক্ষকক ছাত্রসকলৰ অধ্যয়নৰ ক্ষেত্রত থকা সক্ষমতা, মনোযোগ, বুদ্ধিমত্তা আৰু শিক্ষাৰ উন্নতিৰ বাবে সিহঁতৰ প্রয়োজনীয়তা আদি বৃদ্ধিৰ বিষয়ে বিভিন্ন কৌশল আয়ত্ত কৰি ছাত্রসকলক অধ্যয়নৰ প্রতি ধাউতি বৃদ্ধি কৰাত সহায় কৰে৷
মনোবিজ্ঞান শিক্ষাৰ প্রধান উপযোগিতা হ’ল শিক্ষকসকলক তথ্য বিশ্লেষণ কৰাত সহায় কৰাৰ লগতে ব্যৱহাৰিক দিশত গুৰুত্ব আৰোপ কৰি ছাত্রসকলৰ উন্নতিৰ হকে কাম কৰা৷
শিক্ষকৰ মনোবিজ্ঞান শিক্ষাৰ প্রয়োজনীয়তাৰ দুটা প্রধান দিশ হ’ল–
(১) শিক্ষা প্রদান আৰু গ্রহণৰ Teaching learning) পৰিস্থিতি অধ্যয়ন আৰু
(২) শিক্ষা প্রদান আৰু গ্রহণৰ
Teaching learning) বাবে নীতিৰ প্রয়োগ৷
শিক্ষা প্রদান আৰু গ্রহণৰ পৰিস্থিতি অধ্যয়নঃ মনোবিজ্ঞান শিক্ষাই এগৰাকী শিক্ষকৰ বিভিন্ন ক্ষেত্রত শিক্ষাদানৰ দক্ষতা বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰা হ’ল৷
(ক) ব্যক্তি বিশেষৰ মাজত থকা পার্থক্যঃ এই সংসাৰত বিভিন্ন প্রকাৰৰ আৰু স্বভাৱৰ মানুহ আছে অর্থাৎ কোনো মানুহৰে এজনৰ লগত আন এজনৰ অকণো মিল নাই৷ সেয়েহে শিক্ষকসকলে শ্রেণীকোঠাত পাঠদান কৰোঁতে অতি সাৱধানে সকলোৱে বুজি পোৱাকৈ পাঠদান কৰাত গুৰুত্ব আৰোপ কৰা উচিত, কাৰণ সকলো ছাত্রৰে বুদ্ধিমত্তা একে নহয়৷ শিক্ষক এগৰাকীয়ে ছাত্রসকলৰ আগ্রহ, ক্ষমতা, বুদ্ধিমত্তা আদিৰ প্রতি লক্ষ্য ৰাখি প্রয়োজন সাপেক্ষে নিজে কিছু উপায় অৱলম্বন কৰি সিহঁতৰ বিকাশ আৰু উন্নয়নৰ বিষয়ত গুৰুত্ব দিব লাগে৷ এইক্ষেত্রত মনোবিজ্ঞানৰ শিক্ষাই শিক্ষকসকলক যথেষ্ট সহায় কৰে৷
(খ) শ্রেণীত শিক্ষা প্রদান আৰু শিক্ষাগ্রহণ কার্যঃ শিক্ষা প্রদান কৰাৰ বাবে শ্রেণীকোঠাৰ ভিতৰৰ পৰিৱেশ উন্নত হোৱাটো অতি আৱশ্যকীয় কথা৷ শিক্ষক এগৰাকীয়ে দক্ষতাৰে বিভিন্ন উপায় অৱলম্বন কৰি আৰু সঠিক নীতি অনুসৰণ কৰি শ্রেণীকোঠাত পাঠদান কৰিলে ছাত্রসকল নিশ্চয়কৈ উপকৃত হ’ব৷