নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৫২সংখ্যক ৰেংকেৰে ইউপিএছচিত উজলিল নগাঁৱৰ ভাস্বত

বিশেষ বাৰ্তা, ১৬ এপ্ৰিল : নগাঁৱলৈ গৌৰব কঢ়িয়াই আনিলে ভাস্বতে । নগাঁৱৰ দিফলুৰ ভাস্বত শইকীয়াই ইউ পি এছ চিৰ পৰীক্ষাত সাফল্য দেখুৱাবলৈ সক্ষম হৈছে । ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ভাস্বতে ৫৫২ ৰেংক লাভ কৰিবলৈ সক্ষম হৈছে। ভাস্বতৰ এই সাফল্যত আনন্দিত নগাঁৱৰ বিদ্বৎ সমাজ । পূৰ্বতে ভাস্বতে আই এফ এছ পাইছিল । মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰা ভাস্বতৰ পিতৃ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু মাতৃ দিব্যজ্যোতি শইকীয়া । গুৱাহাটী আই আই টিৰ পৰা ইঞ্জিনীয়াৰিঙৰ স্নাতক আই পি এছ ভাস্বত শইকীয়া ।

প্ৰেৰক কনক হাজৰিকা

You might also like