নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষা : এপিএছচিয়ে ১৮ মার্চলৈ পিছুৱালে পৰীক্ষা 

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : অৱশেষত পিছুৱাই দিয়া হ’ল অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষাৰ দিন৷ সেই অনুসৰি অহা ১৭ মার্চৰ পৰিৱর্তে ১৮ মার্চত অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ অসম লোকসেৱা আয়োগে এখন জাননীৰ জৰিয়তে এই কথা সদৰী কৰিছে৷ লক্ষণীয় যে ষ্টেট লেভেল এলিজিবিলিটী টেষ্ট কমিছন আৰু অসম লোকসেৱা আয়োগৰ সিদ্ধান্তই হাজাৰ হাজাৰ পৰীক্ষার্থীক বিমোৰত পেলাইছে৷ ইয়াৰ মূলতে শ্লেট আৰু সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষা একেটা দিনতে অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্ত৷ ষ্টেট লেভেল এলিজিবিলিটী টেষ্ট কমিছনে যোৱা ২১ নৱেম্বৰত এখন জাননীৰ জৰিয়তে ১৭ মার্চত শ্লেটৰ ২৯টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছিল৷ সেইদৰে অহা ১৭ মার্চতে ৩২খন জিলাত সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়সূচী এপিএছচিয়ে নির্ধাৰণ কৰে৷ যোৱা ১৬ ফেব্রুৱাৰীত এপিএছচিয়ে পৰীক্ষা সন্দর্ভত যাৱতীয় নির্দেশনা জাৰি কৰিছিল৷ ইয়াৰ পিছতে বহু মেধাৱী শিক্ষার্থীৰ হাহাকাৰৰ সৃষ্টি হয়৷ কিয়নো দুয়োটা পৰীক্ষাৰ বাবে বহুসংখ্যক পৰীক্ষার্থীয়ে প্র–পত্র পূৰণ কৰিছে৷ একেটা দিনতে দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তই প্রার্থীসকলক যিকোনো এটা পৰীক্ষাৰ পৰা বঞ্চিত কৰাটো নিশ্চিত হৈছিল৷ ইয়াৰ পিছতে সদৌ অসম ছাত্র সন্থাকে ধৰি কেইবাটাও ছাত্র সংগঠনে প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে এপিএছচি পৰীক্ষাৰ দিন সলনি কৰিবলৈ দাবী উত্থাপন কৰিছিল৷ ইয়াৰ ভিত্তিতে আয়োগে ১৭ মার্চৰ পৰীক্ষাৰ দিন ১৮ মার্চলৈ সলনি কৰে৷

You might also like