শিক্ষাত পঠন কৌশলৰ গুৰুত্ব
ভূপেন কুমাৰ দাস, প্ৰবক্তা, ডায়েট, ডিব্ৰুগড়
ভাষা শিকনৰ চাৰিটা কৌশলৰ ভিতৰত ‘পঠন’ এটা অতি গুৰুত্বপূর্ণ কৌশল৷ পঠন কৌশলৰ বিকাশে ছাত্র–ছাত্রীৰ জীৱনত অতি গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে৷ অসমীয়াত এশাৰী অতি গুৰুত্বপূর্ণ কথা আছে– ‘পঢ়ায়, পঢ়ে আৰু ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন৷’ ইয়াত ‘পঢ়ে’ শব্দটোৱে পঠন কৌশলৰ মহত্ত্বৰ কথাকে প্রতীয়মাণ কৰিছে৷ যিকোনো ধৰণৰ পঠন সামগ্রী সুন্দৰ, স্পষ্ট আৰু সাৱলীল গতিৰে পঢ়ি শ্রোতা–দর্শকক আহ্লাদিত কৰিব পৰাতে পঠনৰ দক্ষতা নিহিত হৈ আছে৷ কিতাপৰ লগত যি ব্যক্তিয়ে আত্মিক সম্বন্ধ গঢ়ি তুলিব পাৰিছে, তেওঁ পঢ়াৰ ব্যতিৰেকে আন কথা সমূলি ভাবিব নোৱাৰে বুলি ওপৰত উল্লেখ কৰা আপ্তবাক্য শাৰীয়ে প্রমাণ দাঙি ধৰিছে৷ ভাল পাঠকক সকলো মানুহে আন্তৰিকতাৰে শ্রদ্ধা কৰে৷ এই পাঠকসকলৰ সন্মানৰ কথা অতীত বুৰঞ্জীৰ পাতে পাতে বিৰাজমান৷ মহাঋষি বাল্মীকি, বেদব্যাস, শুকমুনি, সনতকুমাৰ একো একোজন মহান পাঠক৷ কাৰণ তেওঁলোকৰ পাঠেকী কৌশলে যুগ যুগ ধৰি এক সুকীয়া আসন দখন কৰি আছে৷ আমাৰ অসমৰ মহাপুৰুষ শংকৰদেৱৰ ছত্রছায়াত মহাপুৰুষ মাধৱদেৱ, পীতাম্বৰদেৱ, অনুৰুদ্ধদেৱ আদি বহুকেইজন সুদক্ষ পাঠকীৰ সৃষ্টি হৈছিল৷ সাম্প্রতিক সময়ত মহাপুৰুষীয়া সত্রসমূহত ‘পাঠক’ এক শ্রেণীৰ সন্মানীয় পদবী সৃষ্টিৰ অন্তৰালতো এই পঠন কৌশলৰ প্রভাৱৰ কথাই উল্লেখ কৰিব পাৰি৷ অনাতাঁৰ কেন্দ্রৰ ঘোষক, দূৰদর্শনৰ বাতৰি পাঠ কৰোঁতাসকলো সুনিপুণ পাঠক৷
গতিকে, এটা কথা উল্লেখ কৰাটো উচিত হ’ব যে ছাত্র–ছাত্রীয়ে যদি প্রাথমিক বিদ্যালয়ৰে পৰা ভাষা শিকনৰ অন্যতম কৌশল ‘পঠন’ কৌশল গুৰুত্বসহকাৰে আহৰণ কৰিবলৈ প্রয়াস কৰে, অনাগত সময়ত এই কৌশলক জীৱন ধাৰণৰ কৌশল হিচাপে গ্রহণ কৰিব পৰা অনেক সুযোগ আছে৷ প্রতিটো কৌশলৰ লগত এৰাব নোৱৰা সম্বন্ধ আছে৷ যেনে– ভালদৰে শুনিব পাৰিলে ভালদৰে ক’ব পাৰে, ভালদৰে ক’ব পাৰিলে ভালদৰে পঢ়িব পাৰে আৰু পঠন কৌশল শুদ্ধকৈ আয়ত্ত কৰিব পাৰিলে ভালদৰে লিখিব পাৰে৷ প্রতিটো কৌশলৰে গুৰুত্ব সমান৷ বাস্তৱত আমি দেখা পাওঁ আমাৰ বহু অভিভাৱক বা শিক্ষকে পঢ়া আৰু লিখা কৌশলতহে অধিক গুৰুত্ব প্রদান কৰি বাকী দুটা কৌশল এলাগী কৰে৷ তেনে কৰা উচিত নহয়৷ সাধাৰণতে ক’বলৈ গ’লে পঠন মানে হৈছে কোনো লিখিত পাঠৰ দৃশ্যমান আখৰবোৰে প্রতিনিধিত্ব কৰা ধ্বনিবোৰ চিনি–বুজি পাই সেইবোৰে গ্রহণ বা বহন কৰা অর্থ বা তার্ৎপর্য উদ্ধাৰ কৰা৷ ভাষাবিদসকলে পঠন কার্যৰ লগত তিনিটা গুৰুত্বপূর্ণ দিশ জড়িত হৈ থকাৰ কথা উল্লেখ কৰিছে৷ সেইকেইটা হ’ল–
১৷ লিখিত আখৰ আৰু অন্যান্য প্রতীক বা চিহ্ণবোৰ চিনি পোৱা৷
২৷ এই আখৰ/প্রতীকবোৰে কি ধ্বনি বা ধ্বনিসমষ্টিক কি ধৰণে, কি নিয়মে সজ্জিত হোৱা বুলি বুজাইছে তাক জনা৷
৩৷ পঠনীয় বিষয়ৰ অর্থ উদ্ধাৰ কৰা৷
কেৱল শব্দ, বাক্য ফুটাই পঢ়িলেই নহ’ব৷ সিবোৰে কি কথা বুজাইছে, কি অর্থ বহন কৰিছে তাকো জানিব লাগিব৷ তেতিয়াহে প্রকৃততে পঠন হ’ব৷
যেতিয়া ছাত্র–ছাত্রীয়ে লিখিত চিনসমূহ আৰু চিনসমূহৰ দ্বাৰা গঠিত হোৱা শব্দসমূহ, শব্দসমূহৰ সমষ্টিৰে গঢ় লোৱা বাক্যসমূহৰ অর্থ হূদয়ংগম কৰি পঢ়িব পাৰে, তেতিয়াহে পঠনে কার্যকাৰিতা লাভ কৰিছে বুলি ক’ব পৰা যায়৷ ‘পঢ়ন’ আৰু ‘পঠন’ শব্দ দুটাৰ অর্থ পৃথক৷ ‘পঢ়ন’ত কেৱল শব্দ কৰি অর্থ উপলব্ধি নকৰাকৈ পঢ়া কার্যক বুজায়, আনহাতে ‘পঠন’ কার্যত পঢ়াৰ লগে লগে অর্থ উদ্ধাৰ কৰি পঢ়া কার্যক বুজায়৷ প্রথম শ্রেণীৰ পৰা তৃতীয় শ্রেণীলৈকে যদি আমি ‘পঢ়ন’ত গুৰুত্ব দিওঁ, ওপৰৰ শ্রেণীলৈ পর্যায়ক্রমে ‘পঠন’ত অধিক গুৰুত্ব প্রদান কৰা উচিত৷ বাক্ ইন্দ্রিয়ৰ বিকাশৰ বাবে ক্রমপর্যায়ৰ ‘পঢ়ন’তে গুৰুত্ব দিব লাগে৷ ‘পঠন’ শুদ্ধ হ’বৰ কাৰণে বর্ণসমূহৰ উচ্চাৰণৰ স্থান ছাত্র–ছাত্রীক ভালদৰে বুজাই দিব লাগে, বাগেন্দ্রিয়ৰ সঠিক স্থান প্রদর্শন কৰিব লাগে৷ কোনটো বর্ণ ‘অল্পপ্রাণ’ আৰু কোনটো বর্ণ ‘মহাপ্রাণ’, ঘোষ বর্ণ কোনবিলাক, অঘোষ বর্ণ কোনবিলাক ছাত্র–ছাত্রীক উপযুক্ত অনুশীলনৰ সহায়ত বুজাই ক’ব লাগে৷ মুঠতে বর্ণসমূহৰ বর্গীকৰণৰ বিষয়ে উপযুক্ত ধৰণে পৰিচয় কৰাব লাগে৷ বর্ণসমূহৰ সঠিক উচ্চাৰণৰ বাবে উপযুক্ত সমল ব্যক্তিৰো সহায় ল’ব লাগে৷ যিমান বিজ্ঞানসন্মতভাৱে আমি ছাত্র–ছাত্রীক বর্ণসমূহৰ শুদ্ধ উচ্চাৰণ শিকাব পাৰোঁ, পঠনত তাৰ সুদূৰপ্রসাৰী প্রভাৱ পৰাটো নিশ্চিত৷ গ্রাম্য ভাষাৰ প্রভাৱে শুদ্ধ পঠনত বিজুতি ঘটায়৷ উদাহৰণ হিচাপে ক’ব পাৰি– নাৰায়ণনেৰায়ণ, শর্মাচর্মা, সত্যচত্য, শইকীয়াচইকীয়া, স্কুলইছকুল, স্থানীয়ইচ্স্থানীয় ইত্যাদি কৰি পঢ়িলে পঠন বিকৃত হয়৷ গতিকে, আমাৰ ছাত্র–ছাত্রীয়ে যাতে পঠনত এনেধৰণৰ ভুল পঠনৰ চিকাৰ হ’ব নালাগে, তাৰ প্রতি সাৱধানতা অৱলম্বন কৰিব লাগে৷ অর্থ প্রকাশৰ প্রতি গুৰুত্ব দি আমাৰ বাক্যসমূহক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা হৈছে৷ যেনে– (ক) সাধাৰণ বাক্য (খ) প্রশ্ণ সোধা বাক্য (গ) আদেশ বা অনুৰোধ বুজোৱা বাক্য (ঘ) মনৰ সুখ বা দুখ প্রকাশক বাক্য৷ উদাহৰণস্বৰূপে, ‘বাহিৰলৈ যোৱা’– এই বাক্যটো কোৱা বা পঠনৰ কৌশল অনুসৰি চাৰি ধৰণৰ অর্থ প্রকাশ কৰিব৷ পঠনক দৃশ্য নির্ভৰ বাচন প্রক্রিয়া বুলি কোৱা হয়৷ পঠনৰ গুৰুত্বৰ প্রতি লক্ষ্য কৰি বিভিন্ন শিক্ষাবিদে গুৰুত্বপূর্ণ সংজ্ঞা আগবঢ়াইছে৷ কৰলিনা বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ড০ পল চি বার্গে কৈছে– ‘পঠনৰ বহুখিনি গুণ আছে৷ প্রথমতে পঠন হ’ল এক দৃশ্য প্রক্রিয়া৷ ই কোনো বস্তু বা পদার্থ অথবা প্রতীক চকুৰে পৰিষ্কাৰকৈ চোৱা এক দক্ষতা৷ ই এক অনুভৱ প্রক্রিয়াও৷ অনুভৱৰ অর্থ হ’ল আমাৰ চিন্তাধাৰা, অনুভূতিবোৰে উক্ত প্রতীককৰণ গ্রহণ কৰি তাৰ অর্থৰ বিস্তৃতি ঘটোৱা৷ আনহাতে, ইয়াক এটা অভিজ্ঞ প্রক্রিয়াও বুলিব পাৰি৷ কাৰণ অভিজ্ঞতা অবিহনে অনুভৱৰ জন্ম নহয় আৰু অভিজ্ঞ নহ’লে দৃশ্য প্রতীকৰ অর্থ উপলব্ধি কৰিব নোৱাৰি৷ যেতিয়া আমি কোনো ছপা পৃষ্ঠাৰ অর্থ উলিয়াবলৈ প্রয়াস কৰোঁ, তেতিয়াহে পঠন প্রক্রিয়া আৰম্ভ হয়৷ কেৱল পঢ়াৰ বাবে প্রস্তুতি চলালেই ইয়াৰ অর্থ উপলব্ধি কৰিব নোৱাৰি৷’
শিক্ষাবিদ ড০ মাইকেল বেষ্টৰ মতে, ‘পঠন হ’ল দৃশ্য ধ্বনি উৎপাদন অর্থোপলব্ধিৰ মিশ্রিত প্রক্রিয়া৷ পিছে কোনো পাঠ পঢ়ি গ’লেই নহয়, তাৰ অর্থ উপলব্ধি কৰিব নোৱাৰিলে পঠন কার্য সফল নহয়৷ পঠনৰ লগে লগে পর্যবেক্ষণ, চিন্তাধাৰা আৰু অভিজ্ঞতা নিহিত হৈ থাকিব লাগে৷’ উল্লিখিত শিক্ষাবিদসকলৰ সংজ্ঞাৰ পৰা আমি এই কথা নিশ্চিতভাৱে ক’ব পাৰোঁ যে সফল পঠন মানে হৈছে লিখিত চিন বা অন্তৰৰ সমষ্টিৰ বাক্যাংশ বা বাক্যৰ অর্থ উপলব্ধি কৰিব পৰা দক্ষতা আহৰণ কৰা৷ গতিকে আমি আমাৰ ছাত্র–ছাত্রীৰ পৰা এই ধৰণৰ পঠনহে কামনা কৰোঁ৷
পঠন কৌশলক সাধাৰণতে আমি দুটা প্রধান ভাগত ভাগ কৰিব পাৰোঁ৷ যেনে– (ক) সৰৱ পঠন Reading aloud) আৰু নীৰৱ পঠন Silent reading)৷ আনে শুনাকৈ ফুটাই পঢ়িলে সৰৱ পঠন আৰু মুখেৰে কোনো শব্দ নকৰাকৈ পঢ়িলে নীৰৱ পঠন হয়৷ শিক্ষার্থীৰ জীৱনত সৰৱ আৰু নীৰৱ দুয়োবিধ পঠনৰে প্রয়োজনীয়তা আছে৷ নীৰৱ পঠনৰ জৰিয়তে পঠনৰ গতিবেগ ক্ষিপ্রতৰ কৰিব পাৰি৷ আনহাতে, সৰৱ পঠনৰ দ্বাৰা বিভিন্ন বর্ণ, শব্দ স্পষ্টকৈ উচ্চাৰণ কৰিব পৰা যায়৷ কোনো বিষয়ৰ ওপৰত গভীৰতাৰে অধ্যয়ন কৰিবলৈ নীৰৱ পঠন সহায়ক সৰৱ পঠনত ছন্দ, যতি, বিৰাম আদি চিনবোৰৰ যথাযথ প্রয়োগৰ দক্ষতা আহৰণত সহায়ক৷ মুঠতে ক’ব পৰা যায় যে শিক্ষার্থীৰ পঠন অভ্যাস গঢ়ি তোলাৰ সমান্তৰালকৈ বুদ্ধি–বৃত্তি বিকশিত কৰাত দুয়োবিধ পঠনৰ গুৰুত্ব অপৰিসীম৷
অতি সম্প্রতি এটা অতি স্পর্শকাতৰ বিষয় হিচাপে উল্লেখ কৰিব পাৰি যে উঠি অহা প্রজন্মই কিতাপ পঢ়াৰ প্রতি অনীহা প্রদর্শন কৰাটো৷ কিতাপ পঢ়াতকৈ আজিৰ প্রজন্মৰ গৰিষ্ঠসংখ্যকে খেলা–ধূলা, নাচ–গান, ম’বাইলত গেম খেলা আদি দিশসমূহত অধিক সময় ব্যয় কৰি ভালপায়৷ এই ধৰণৰ মানসিকতা মানৱ সমাজৰ বাবেই অতি উদ্বেগজনক৷ কাৰণ কিতাপ নপঢ়া ভৱিষ্যৎ প্রজন্মৰ হাতত আমাৰ সমাজখন কেতিয়াও নিৰাপদ নহয়৷ কিতাপেই এটা জাতিৰ প্রাণ সঞ্চাৰিণি মহৌষধসদৃশ৷ গতিকে, সস্তীয়া আমেজৰ মাজৰ পৰা আমাৰ ভৱিষ্যৎ প্রজন্মক ঘূৰাই আনি কিতাপৰ মাজত আবদ্ধ কৰিব লাগিব৷ শুভ সংবাদ যে বর্তমান আমাৰ অসমত কেইজনমান সচেতন নাগৰিকৰ আহ্বানত ‘কিতাপ পঢ়া’ৰ আন্দোলন গঢ় লৈ উঠিছে৷ আমি সকলোৱে এইক্ষেত্রত হাত উজান দিব লাগে৷ কিতাপ পঢ়াৰ অন্তৰালত চাৰিটা বিশেষ দিশ জড়িত হৈ থাকে বুলি পণ্ডিতসকলে উল্লেখ কৰিছে৷ যেনে–
(ক) নজনা কথা জানিবৰ বাবে পঠন (খ) অভিজ্ঞতা সঞ্চয়ৰ বাবে পঠন (গ) আনন্দ উপভোগৰ বাবে পঠন আৰু (ঘ) অৱসৰ–বিনোদনৰ বাবে পঠন৷
কিতাপৰ মাজত সন্নিৱিষ্ট মহান মনীষীসকলৰ জ্ঞানৰ মৌ–কোঁহ আহৰণ কৰাৰ ফলতহে আজিৰ মানৱ সমাজে অতি মানৱৰ শাৰীলৈ নিজকে উধাব পাৰিছে৷ কিতাপেহে আমাক সঠিক পথৰ সন্ধান দিব পাৰে৷ সেই কাৰণে আমাৰ প্রতিজন সচেতন জ্যেষ্ঠ নাগৰিকৰ নৈতিক দায়িত্ব হ’ব শিশুসকলক কিতাপৰ উপযুক্ত পাঠক হিচাপে গঢ়ি তোলাটো৷ ইয়াৰ বাবে আমি বয়সোপযোগী কিতাপ–পত্র যোগান ধৰিব লাগিব৷ শিশু সাহিত্যৰ ওপৰত সঠিক গুৰুত্ব প্রদান কৰিব লাগিব৷ প্রত্যেক ঘৰতে একোটা সৰু পুথিভঁৰাল গঢ়ি তুলিব লাগিব৷ বিদ্যালয়/মহাবিদ্যালয়ত বিজ্ঞানসন্মত পুথিভঁৰাল স্থাপন কৰি ছাত্র–ছাত্রীৰ মাজত পুথি অধ্যয়নৰ মানসিকতা গঢ়ি তুলিব লাগিব৷ জন্মদিনত পুতলা/পিষ্টল উপহাৰ দিয়াৰ সলনি কিতাপ উপহাৰ দিয়াৰ পৰিৱেশ গঢ়ি লাগিব৷ ছাত্র–ছাত্রীৰ মাজত পুথি অধ্যয়নৰ অভিজ্ঞতা, কোৱাৰ প্রতিযোগিতা আয়োজন কৰিব৷ কবিতা আবৃত্তি, নাটকৰ সংলাপ পাঠ, বাতৰি পাঠ আদিৰ দৰে প্রতিযোগিতা আয়োজন কৰি কিতাপ পঠনৰ প্রতি ছাত্র–ছাত্রীৰ মন ধাৱিত কৰিব লাগিব৷ বছৰটোত কোনে কিমান কিতাপ পঢ়িলে, তাক নির্বাচন কৰি বিদ্যালয়ৰ বার্ষিক ক্রীড়া সমাৰোহত পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিব পাৰিলে কিতাপ পঠনৰ প্রতি নিশ্চয় ছাত্র–ছাত্রীৰ মনৰ ধাউতি জন্মাব পৰা যাব৷….