নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভেঁকুৰ আৰু আমি

ক’ভিড মহামাৰীয়ে সমগ্র দেশৰ লগতে আমাৰ ৰাজ্যতো অতিমাৰী ৰূপ ধাৰণ কৰাৰ লগে লগে সমান্তৰালকৈ আন এক বিৰল ৰোগ মিউকৰমাইক’ছিছ নামৰ বেমাৰে ত্রাস সৃষ্টি কৰিছে৷ এনে বেমাৰ ক’লা ভেঁকুৰৰ সংক্রমণৰ বাবে হয় বুলি নিশ্চিত হৈছে৷ প্রতিবেদন মতে সমগ্র দেশৰ প্রায় চৈধ্যখন ৰাজ্যত এেই ৰোগৰ প্রাদুর্ভাৱ বেছি৷ ২৮ মে’লৈকে সমগ্র দেশত প্রায় ১২০০ৰো অধিক ব্যক্তিক আক্রান্ত কৰিছে৷ গুজৰাটত ৪,০০০ আৰু মহাৰাষ্ট্রত ২,৯৯০জন ব্যক্তিৰ শৰীৰত এনে ভেঁকুৰৰ সংক্রমণ ধৰা পৰিছে৷ দেশৰ ৰাজধানী দিল্লী, হাৰিয়ানা, উত্তৰপ্রদেশ, কর্ণাটক, তেলেংগানা, ৰাজস্থান, অন্ধ্রপ্রদেশৰ লগতে অসমতো এই বেমাৰ দুই–চাৰিজনৰ শৰীৰত পোৱা গৈছে৷ ক’লা ভেঁকুৰৰ লগতে সমান্তৰালকৈ বগা ভেঁকুৰৰ সংক্রমণ বিহাৰ আৰু মধ্যপ্রদেশ ৰাজ্যত ধৰা পৰিছে৷ প্রাপ্ত তথ্য মতে উত্তৰপ্রদেশৰ গাজিয়াবাদ চহৰত অৱস্থিত এখন চিকিৎসালয়ত প্রথম হালধীয়া ভেঁকুৰৰ সংক্রমণ ধৰা পৰিছে৷ প্রতিবেদনত প্রকাশ যে হালধীয়া ভেঁকুৰৰ সংক্রমণৰ বগা আৰু ক’লা ভেঁকুৰৰ সংক্রমণতকৈ তীব্রতা বেছি৷ ক’ভিডৰ তুলনাত ভেঁকুৰৰ সংক্রমণৰ হাৰ কম যদিও মৃত্যুৰ হাৰ বেছি, প্রায় ৫০ শতাংশৰ ওচৰা–উচৰি৷ ক’ভিডৰ লগতে বর্তমান সঘন চর্চাৰ বিষয় হৈছে এনে ভেঁকুৰৰ সংক্রমণ৷ এতিয়া প্রশ্ণ হ’ল, কি এই ভেঁকুৰ? জীৱৰ বর্গীকৰণত আৰ এইচ হুইটেকাৰে (১৯৬৯) ভেঁকুৰক এখন সুকীয়া ৰাজ্যত ৰাখি বর্ণনা কৰিছে যদিও সাধাৰণ অর্থত ভেঁকুৰ অপুষ্পক উদ্ভিদৰ সমাংগদেহী বর্গৰ পৰপুষ্ট, পৰজীৱী, অবিকল্পী পৰজীৱী, মৃতজীৱী, বিষ্ঠাভোজী, পত্রহৰিৎবিহীন উদ্ভিদ৷ বহু ভেঁকুৰ যেনেকৈ অপকাৰী, বহু ভেঁকুৰ আকৌ মানুহৰ বাহিৰেও জীৱকুলৰ বাবে উপকাৰী৷ সেমেকা বা সেমেকি থকা বায়ু–মাটিৰ লগতে পচিব ধৰা কাঠ, কাগজ, তিতা বস্তা, কাপোৰ, পচিব ধৰা শাক–পাচলি আদি উত্তম বাসস্থান যদিও জীৱিত জীৱ–জন্তু, মানুহৰ লগতে উদ্ভিদৰ দেহতো পৰজীৱী হিচাপে জীৱন নির্বাহ কৰে৷ অংগজ, অযৌন তথা যৌন পদ্ধতিৰ দ্বাৰাই বংশ বিস্তাৰ আৰু সংক্রমণ ঘটায়৷ অযৌন প্রজনন স্পষ্ট আৰু প্রভাৱী৷ অযৌন প্রজনন ৰেণু (কনিদিয়া)ৰ দ্বাৰাই সংঘটিত হয়৷ সেমেকি থকা বায়ুৰ লগতে বিভিন্ন উৎসত ভাহি বা লাগি থাকে৷ সুবিধা বা উপযুক্ত পৰিৱেশ পালে অংকুৰিত হয়৷ মানুহৰ ক্ষেত্রত ৰেণু নাকৰ বিন্ধা, গাৰ ছালত ঘটা ঘা, ফটা–ছিটা ছাল আদিৰে দেহত প্রৱেশ কৰে৷ এনে অৱস্থাত ব্যক্তি যদি অসংক্রাম্য সহনশীলতা অৱস্থাত থাকে৷ তেন্তে সংক্রমণ ঘটাব নোৱাৰে যদিও নাকৰ শ্লেষ্মাত বিশ্রাম অৱস্থাত বাহৰ পাতি থাকিব পাৰে আৰু কিবা কাৰণত অসংক্রাম্যস্বল্পতা অর্থাৎ ৰোগ প্রতিৰোধ ক্ষমতা নাথাকে, তেন্তে ৰেণুৰ নাকৰ বিশেষ স্থানত অংকুৰণ ঘটা আৰু বিস্তাৰ লাভ কৰে৷ ভেঁকুৰৰ জীৱনচক্র অংগসংস্থাপন, বাসস্থান এক জটিল প্রক্রিয়া, বৈচিত্র্যময় যদিও সহজ–সৰলভাৱে বুজোৱাৰ চেষ্টা কৰা হৈছে৷ ভেঁকুৰৰ ৰেণু (কনিদিয়া)ৰ অংকুৰণ ঘটি প্রস্থ বেৰবিহীন অনুসূত্র বা হাইফাৰ জন্ম দিয়ে৷ এনে অনুসূত্রবিলাক অতি সূক্ষ্ম, দীঘল চুলি বা কপাহৰৰ আঁহৰ নিচিনা, এনে বহু অনুসূত্র পৰস্পৰ লগ লাগি অনুসূত্রৰ থূপ বা মাইচিলিয়াম গঠন কৰে৷ প্রথম অৱস্থাত অতি সূক্ষ্মকায় হোৱাৰ বাবে খালী চকুৰে মনিব নোৱাৰি যদিও অনুসূত্রপুঞ্জ গঠন হোৱাৰ পিছত খালী চকুৰে ধৰিব পৰা হয়৷ অনুসূত্রবিলাকৰ বিকাশ বৃদ্ধি নাকৰ পৰা আগ কপাল, চকু, শ্বাসযন্ত্র, অন্ত্রৰ বিভিন্ন অংগৰ লগতে মগজুলৈকেও বিস্তাৰ লাভ কৰে৷ ৰেণু অংকুৰণ হোৱা মানে সংক্রমণ ঘটা৷ এনে অৱস্থাত ৰোগীৰ কিছুমান বিশেষ লক্ষণে দেখা দিয়ে৷ জ্বৰ অহা, শ্বাস–প্রশ্বাসত অসুবিধা, নাকেৰে তেজ ওলোৱা, ওজন কমা, ভোক নলগা বা খাবলৈ মন নোযোৱা, বমি ভাব হোৱা, নাক ক’লা পৰা বা বিভিন্ন ৰং ধাৰণ কৰা, চকুৰ পতা ক’লা পৰা, চকুৰ পানী ওলোৱা, ৰঙা পৰা, শৌচ পনীয়া হোৱা, শৌচ ক’লা পৰা, দুর্বল হোৱা ইত্যাদি লক্ষণবোৰ দেখা পোৱা যায়৷ এনেবোৰ লক্ষণ ক’লা, বগা আৰু হালধীয়া ভেঁকুৰৰ সংক্রমণৰ ক্ষেত্রত দেখা যায় যদিও বিশেষজ্ঞৰ মতে বগা ভেঁকুৰৰ সংক্রমণ হাওঁফাওঁত বেছিকৈ আক্রান্ত হয়৷ হাওঁফাওঁৰ ওপৰত ক’লা দাগ পৰে, অক্সিজেনৰ মাত্রা অভাৱনীয়ভাৱে কমি আহে৷ হালধীয়া ভেঁকুৰে অন্ত্রৰ বিভিন্ন অংগত আক্রমণ কৰে৷ ৰক্তক্ষৰণ হোৱাৰ লগতে পনীয়া আৰু ক’লা শৌচ হোৱাৰ প্রৱণতা বেছি হয়৷ সংক্রমণৰ তীব্রতা তিনিওবিধ ভেঁকুৰৰ ক্ষেত্রত বেলেগ বেলেগ হোৱা দেখা যায় যদিও ক’লা ভেঁকুৰৰ সংক্রমণৰ তীব্রতা আন দুবিধৰ তুলনাত বহু বেছি, কাৰণ ক’লা ভেঁকুৰ যি তল বা স্থানত সংক্রমিত হয় সেই স্থানৰ তল, ওপৰ, ইকাষ–সিকাষে অজ্যামিতিক নিয়ম নামানি বৃদ্ধি বিকাশ হয়৷ ইয়াৰ উপৰি মাইকোটক্চিন নামৰ জৈৱ–যৌগৰ উপস্থিতিয়ে এনে ভেঁকুৰৰ সংক্রমণৰ তীব্রতা বঢ়ায়, যাৰ বাবে জটিল অস্ত্রোপচাৰৰ জৰিয়তেহে চিকিৎসা কৰা হয়৷
আনহাতে, বগা ভেঁকুৰৰ ক্ষেত্রত যি তল বা স্থানত বৃদ্ধি হয় সেই স্থানৰ ওপৰে ওপৰে জ্যামিতিক নিয়মৰ দৰে কাপের্টৰ নিচিনা বর্ধন বিকাশ হয়, যাৰ বাবে সহজ অস্ত্রোপচাৰ সম্ভৱ হয়৷ বিজ্ঞানৰ দিশৰ পৰা ক’লা ভেঁকুৰ, ভেঁকুৰ ৰাজ্যৰ ফাইকো’মাইচিটিছ ভাগৰ মিউকৰ আৰু ৰাইজ’পাছ নামৰ ভেঁকুৰৰ দ্বাৰাই সংক্রমিত হয়, যাৰ বৈজ্ঞানিক নাম মিউকৰ’মাইচিটিছ আৰু ইয়ে সৃষ্টি কৰা ৰোগ বিধৰ নাম হ’ল মিউক’ৰমাইকোছিছ৷ আনহাতে বগা ভেঁকুৰ, ভেঁকুৰ ৰাজ্যৰ এচকো’মাইচেটিছ ভাগৰ এছপাৰজিলাছ নামৰ ভেঁকুৰ, যাৰ বৈজ্ঞানিক নাম এছপাৰজিলাছ নাইগাৰ Aspergillus niger), এছপাৰজিলাছ ফুমিগেটাছ Aspergillus fumigatus) আৰু এছপাৰজিলাচ ফ্লেভাছ্ Aspergillus Flavus)৷ এছপাৰজিলাছ নাইগাৰ জাতৰ ভেঁকুৰে খাদ্য দ্রব্যত ক’লা ৰং সৃষ্টি কৰি খাদ্যত সংক্রমণ ঘটায়, এনে খাদ্যৰ সংস্পর্শলৈ আহিলে ভেঁকুৰৰ দ্বাৰা আক্রান্ত হোৱাৰ অৱকাশ থাকে৷ ইয়ে সৃষ্টি কৰা ৰোগবিধৰ নাম এছপাৰজিলোছিছ৷ ৰোগ নিশ্চিতকৰণৰ বাবে নাকত এণ্ড’স্কপী পৰীক্ষা কৰোৱা হয়, প্রয়োজন সাপেক্ষে বায়োপ্সিৰ লগতেContrast gadolinium enhanced MRI কৰাই ৰোগ নিশ্চিত কৰা হয়৷ ৰোগ নিশ্চিত হোৱাৰ পিছতAmphotericin B ভেঁকুৰনাশক ঔষধ ব্যৱহাৰ কৰে৷ বিশেষজ্ঞৰ মতে ভেঁকুৰৰ সংক্রমণ ৰোগ প্রতিৰোধক ক্ষমতাহীন ক’ভিড ৰোগীৰ লগতে কর্কট, এইড্ছ, হেপাটাইটিছ বি, বহুদিন ভুগি থকা মধুমেহ ৰোগী আৰু অংগ সংৰোপিত ব্যক্তিক সহজে আক্রান্ত কৰে৷ প্রাপ্ত তথ্য মতে মহাৰাষ্ট্র আৰু গুজৰাটত এনে বহু আক্রান্ত ব্যক্তি পোৱা গৈছে, যিয়ে এনে কোনো ধৰণৰ ৰোগৰ দ্বাৰাই আক্রান্ত নহয়৷ দুই–এজনৰ আকৌ শৰীৰত একেলগে পাঁচতকৈও অধিক ক’লা ভেঁকুৰৰ সংক্রমণ ঘটিছে৷ নাক, মুখ, চকু বা অন্য অংগ তন্ত্রত সংক্রমণ নঘটাকৈও প্রত্যক্ষভাৱে মগজুত সংক্রমণ ধৰা পৰিছে বুলি বিশেষজ্ঞই প্রকাশ কৰিছে৷
সাৱধানতা আৰু সতর্কতা অৱলম্বন:
ক’ভিডৰ লগতে ভেঁকুৰৰ সংক্রমণত সাৱধানতা, সতর্কতা পৰিষ্কাৰ–পৰিচ্ছন্ন উত্তম উপায়৷ ইয়াৰ লগতে কিছু নীতি–নিয়ম মানি চলিলে এনেবোৰ ৰোগ হোৱাৰ সুবিধা নাথাকে৷ বিশেষকৈ ক’ভিডৰ আক্রমণৰ পিছত ধূলি–বালি, লেতেৰা–পেতেৰা পৰিৱেশ, পৰিত্যক্ত বয়–বস্তু, ঘৰ–দুৱাৰ আদিৰ সংস্পর্শলৈ যাব নালাগে৷
সদায় ব্যৱহাৰ কৰা মাস্ক পৰিষ্কাৰ–পৰিচ্ছন্ন ৰখাৰ দৰকাৰ৷ নাকৰ শ্লেষ্মাৰ লগতে মুখৰ ঘামত ভেঁকুৰৰ ৰেণু লাগি ধৰি নাকেৰে প্রৱেশ ঘটিব পাৰে৷ মধুমেহ ৰোগীয়ে সদায় শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰখাৰ চেষ্টা কৰা উচিত৷ শর্কৰাৰ বিসংগতিয়ে সংক্রমণৰ তীব্রতা বঢ়োৱাৰ অৱকাশ থাকে৷
প্রতিজৈৱিক দৰব আৰু ষ্টেৰইড পৰাপক্ষত ব্যৱহাৰ কৰা উচিত নহয়৷ ক’ভিড চিকিৎসাত এনে দৰব ব্যৱহাৰ হোৱাটো প্রয়োজনীয় যদিও সুদক্ষ চিকিৎসকৰ পৰামর্শ লৈহে নিয়ন্ত্রিত হাৰত ব্যৱহাৰ কৰা উচিত৷ এনেবোৰ ঔষধৰ অবাধ ব্যৱহাৰে ৰোগ প্রতিৰোধক ক্ষমতা বিনষ্ট কৰে৷
পৰাপক্ষত চিকিৎসালয়ত বহুদিন অতিবাহিত কৰাৰ পৰা বিৰত থকা ভাল৷ বহুদিন ধৰি চিকিৎসালয় আৰুICUত কটালে ভেঁকুৰৰ সংক্রমণ বেছি হোৱাৰ সুবিধা থাকে৷
শীত–তাপ নিয়ন্ত্রণ যন্ত্রৰ ব্যৱহূত বন্ধ পানীৰ লগতে, লেতেৰা পাইপ আদিৰ জৰিয়তে ভেঁকুৰৰ সংক্রমণ হোৱাৰ অৱকাশ থাকে৷
পৰিষ্কাৰ–পৰিচ্ছন্ন অক্সিজেন মাস্ক আৰু যাত্রিক সা–সঁজুলিৰ ব্যৱহাৰ কৰাৰ দৰকাৰ৷ অপৰিষ্কাৰ মাস্ক, ফুটা, ফটা–ছিটা পাইপ আদিৰ জৰিয়তেও ভেঁকুৰৰ সংক্রমণ ঘটিব পাৰে৷
ক’ভিডৰ আক্রমণৰ পিছত উদ্যান শস্য বা ফুলনি বাগিচালৈ নোযোৱাই ভাল৷ কাৰণ এনে বতৰত এনে ভেঁকুৰৰ দ্বাৰাই উদ্যান শস্যৰ আলু, বিলাহী, লাউ, কোমোৰা, সৰিয়হ আদিত দুই ধৰণৰ বেমাৰ সৃষ্টি কৰে৷ দাউনিমোল্ড আৰু পাউডাৰিমোল্ড৷ মিউকৰ ৰাইজোপাছৰ নিচিনাই একে শ্রেণীৰ ভেঁকুৰ এলবুগো আকৌ সৰিয়হ জাতীয় গছত পৰজীৱী হিচাপে থাকে৷ ৰেণুবিলাক পৰিপক্ব হোৱাৰ পিছত বতাহত সিঁচৰতি হয়৷ এনে অৱস্থাত এনেবোৰ স্থানত ঘূৰা–ফুৰা কৰিলে সংক্রমণ ঘটাৰ অৱকাশ থাকে৷
গৰম পানী, আহাৰৰ লগতে নিয়মিত ৰূপত মাউথৱাছHex-o বা এনেধৰণৰ ঔষধৰ সহায়েৰে মুখ কুলি–কুলি কৰিব লাগে৷ গৰম পানীৰ ভাপ আৰু শুকান ঠাইত সময় অতিবাহিত কৰাৰ লগতে নিয়মিত যোগ, প্রাণায়াম, সন্তুলিত আহাৰ গ্রহণ তথা মনোবল অটুট ৰাখিব লাগে৷

You might also like