নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠত চিপিআই(এম) কর্মীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ১১ জুনঃ ৰাজ্যৰ বিভিন্ন প্রান্তত চৰকাৰে চলোৱা উচ্ছেদ কার্যক অমানৱীয় আখ্যা দিয়াৰ লগতে পুনঃসংস্থাপনৰ পূর্বে এনে উচ্ছেদ কার্য বন্ধ কৰাৰ দাবীত আজি চিপিআই (এম)ৰ ৰাজ্যিক কমিটীৰ আহ্বানমর্মে দলৰ মহানগৰ শাখাসমূহে গুৱাহাটীত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ মহানগৰীৰ বশিষ্ঠত দলৰ গুৱাহাটী দক্ষিণ–পূব শাখাৰ নেতৃত্ববর্গই ক’ভিড বিধি মানি গ্রহণ কৰা এই প্রতিবাদী কার্যসূচীত নেতা–কর্মীসকলে হাতে হাতে বেনাৰ–প্লেকার্ড লৈ বিভিন্ন ধ্বনিৰে প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে চৰকাৰক সাম্প্রদায়িক মনোভাব পৰিহাৰ কৰি মানৱীয় নীতি গ্রহণ কৰিবলৈ আহ্বান জনায়৷

তদুপৰি চৰকাৰে এই অমানৱীয় উচ্ছেদ কার্যৰ জৰিয়তে মূল্যবৃদ্ধি, মাটি পট্টা, পৰীক্ষা ব্যৱস্থাক লৈ সৃষ্টি হোৱা বেমেজালি আদিৰ ইছ্যু গাপ দিয়াৰ লগতে সর্বসাধাৰণ মানুহৰ মাজত বিভাজন অনাৰ ষড়যন্ত্রত লিপ্ত হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি এই কার্য বন্ধ কৰাৰ দাবী জনায়৷ ইপিনে, উচ্ছেদিত লোকসকলৰ খাদ্য, বাসস্থান আৰু স্বাস্থ্যজনিত বিষয়ৰ ক্ষেত্রতো চৰকাৰে দায়িত্বজ্ঞানহীন মনোভাব প্রদর্শন কৰাৰ অভিযোগ তুলি উচ্ছেদিত লোকসকলৰ বাবে বিকল্প ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷ আজিৰ প্রতিবাদী কার্যসূচীত শ্রমিক নেতা বীৰেন শর্মা, শচীন শর্মা, মাণিক আহমেদ, অজিত চৌধুৰী, নগেন বৈশ্য, বদন ভূঞা আৰু কৈলাস সিঙকে ধৰি বহু নেতা–কর্মী উপস্থিত থাকে৷

You might also like