শুকুৰবাৰে ২.১৬ শতাংশলৈ হ্রাস পজিটিভিটী হাৰ
নিয়মীয়া বাৰ্তা, ১২ জুন: ৰাজ্যত ক্রমাৎ হ্রাস পাবলৈ ধৰিছে ক’ভিডৰ সংক্রমণ৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যত পজিটিভিটীৰ হাৰ ২.১৬ শতাংশলৈ হ্রাস পাইছে৷ শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৩,৬৬৬জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত অভিলেখসংখ্যক ১,৬৯,৫২৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৪১জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কাছাৰৰ ৩০০জন, শোণিতপুৰৰ ২৫৭জন আৰু গোলাঘাটৰ ২৪২জন লোক আক্রান্ত হৈছে৷
ইপিনে, শুকুৰবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ২৯জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ৪জন কাছাৰ জিলাৰ৷ শুকুৰবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৫,২৪১জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ৪৫,৪৭৭জন লোক৷
উল্লেখ্য যে শুকুৰবাৰে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱা৷ বিগত ৫ জুনত তেওঁ ক’ভিডত আক্রান্ত হোৱাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ সুস্থ হৈ তেওঁ ঘৰলৈ ওভতে৷
ইপিনে, ক’ভিডত আক্রান্ত হৈছে প্রাক্তন মন্ত্রী তথা বিধায়ক ছিদ্দিক আহমেদ৷ আৰ টি পি আৰ পৰীক্ষাত তেওঁৰ শৰীৰত ক’ভিডৰ সংক্রমণ ধৰা পৰে৷ সম্প্রতি শিলচৰ হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছে৷
উল্লেখ্য যে ক’ভিড সংক্রমণ হ্রাস পোৱাৰ সময়তে ৰাজ্যত প্রতিষেধক প্রদান প্রক্রিয়া দ্রুত কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ ক’ভাক্সিনৰ দ্বিতীয় ড’জ প্রদানৰ বাবে ৰাজ্যজুৰি বিশেষ প্রতিষেধক প্রদান কার্যসূচী গ্রহণ কৰা হৈছে৷ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক ক’ভিড প্রতিষেধক প্রদানৰ বাবে অহা ১২, ১৩ আৰু ১৪ জুনত প্রতিখন জিলাত এই কার্যসূচী ৰূপায়ণ কৰা হ’ব৷ ইয়াৰ অধীনত ৭ মে’ৰ পূর্বে ক’ভাক্সিনৰ প্রথম ড’জ গ্রহণ কৰা লোকসকলক দ্বিতীয় ড’জ প্রদান কৰা হ’ব৷