নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা শক্তি বিভাগৰঃ কর্তব্যত গাফিলতি মুখ্য মহাপ্রবন্ধকক নিলম্বন

নিয়মীয়া বাৰ্তা, ১২ জুন: শক্তি বিভাগৰ অধীনস্থ তিনিটা প্রতিষ্ঠান অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল), অসম শক্তি উৎপাদন কোম্পানী লিমিটেড আৰু অসম ইলেক্ট্রিচিটী গ্রিড নিগম লিমিটেডক লাভজনক প্রতিষ্ঠান হিচাপে গঢ় দিবলৈ কঠোৰ পদক্ষেপ গ্রহণ কৰিছে সংশ্লিষ্ট বিভাগটোৱে৷ বিশেষকৈ বিদ্যুৎ চুৰি ৰোধ কৰাৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ শক্তি বিভাগে গ্রহণ কৰিছে৷ বিদ্যুৎ চুৰিত লিপ্ত প্রতিষ্ঠান অথবা ব্যক্তিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ লগতে এইক্ষেত্রত গাফিলতি প্রদর্শন কৰা উচ্চপদস্থ বিষয়াক অব্যাহতি প্রদান কৰিছে শক্তি বিভাগে৷

এক প্রেছ বিজ্ঞপ্তিত সদৰী কৰা অনুসৰি এ পি ডি চি এলৰ মুখ্য মহাপ্রবন্ধক (চুৰি প্রতিৰোধ) শুভ্রজ্যোতি হাজৰিকাক তৎকালে অব্যাহতি প্রদান কৰা হৈছে৷ সেইদৰে বাণিজ্যিক আৰু ই ই শাখাৰ মুখ্য মহাপ্রবন্ধক দীপক কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰিছে বিভাগটোৱে৷ তদুপৰি এজন কনিষ্ঠ অভিযন্তা, এজন উপ–সংমণ্ডল বিষয়া আৰু দুজন সহকাৰী মহাপ্রবন্ধকলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছে৷

উল্লেখ্য যে বিভাগটোত প্রশাসনীয় সংস্কাৰ সাধন কৰাৰ বাবেও কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি উজনি, নামনি আৰু কেন্দ্রীয় অসম অঞ্চলৰ মুখ্য মহাপ্রবন্ধকসকল কার্যালয় গুৱাহাটীৰ পৰা ক্রমে যোৰহাট, বঙাইগাঁও আৰু শিলচৰলৈ স্থানান্তৰিত কৰা হৈছে৷ গুৱাহাটীস্থিত জ্যেষ্ঠ তদাৰকী বিষয়াৰ কার্যালয় শিলচৰলৈ স্থানান্তৰিত কৰা হৈছে৷ বিভাগটোৰ কাম–কাজ সুচল আৰু অধিক কার্যকৰী কৰাৰ বাবে তেওঁলোকক বদলি কৰা হৈছে৷

ইতিমধ্যে তিনিওটা প্রতিষ্ঠানত নতুনকৈ গঠন কৰা হৈছে গৱেষণা আৰু বিকাশ শাখা৷ নতুন প্রযুক্তিৰ সৈতে খাপ খুৱাই প্রতিষ্ঠানকেইটাক এক নতুন স্তৰলৈ যাতে লৈ যাব পাৰে, তাৰ বাবে এই নতুন শাখাটো আৰম্ভ কৰা হৈছে৷ এই নতুন শাখাই দেশৰ বিভিন্ন সংশ্লিষ্ট প্রতিষ্ঠানসমূহৰ কার্যাৱলী অধ্যয়ন কৰি ৰাজ্য চৰকাৰক প্রতিবেদন দাখিল কৰিব৷

উল্লেখ্য যে বর্তমান এ পি ডি চি এলৰ মাহিলি গড় উপার্জন হৈছে ৪৫.৮২ কোটি টকা৷ ইয়াৰ বিপৰীতে তেওঁলোকৰ গড় ব্যয় হৈছে ৪৯২.৩১ কোটি টকা৷ অর্থাৎ এ পি ডি চি এলৰ বিত্তীয় ঘাটি হৈছে ৩৭.৩৯ কোটি টকা৷ অনাদায় বিদ্যুৎ আৰু বিদ্যুৎ চুৰিৰ বাবেই এই প্রতিষ্ঠানটো লোকচান ভৰি আছে বুলি প্রকাশ কৰিছে শক্তি বিভাগে৷ ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পাছতেই শক্তিমন্ত্রী বিমল বৰাই বৰাগাঁৱৰ দুটা উদ্যোগ প্রতিষ্ঠান পৰিদর্শন কৰি বিদ্যুৎ চুৰি হৈ থকা কার্য উন্মোচন কৰে৷ মেছার্ছ শিৱ এলয়, ষ্টীল প্রাইভেট লিমিটেড আৰু মেছার্ছ জয়ছোৱাল এলয় প্রাইভেট লিমিটেডে বিগত ৬ মাহ ধৰি বিদ্যুৎ চুৰি কৰি আহিছে৷ যাৰ বিনিময়ত ৭৫ লাখৰ পৰা ১ কোটি টকা মূল্যৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে এই দুয়োটা প্রতিষ্ঠানৰ বিৰুদ্ধে বিদ্যুৎ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে৷

ইপিনে, সংবাদ মাধ্যমৰ আগত শক্তিমন্ত্রী বৰাই কয় যে বিদ্যুৎ ৰোধ কৰাৰ বাবে তেওঁলোকে যথাসম্ভৱ ব্যৱস্থা গ্রহণ কৰিব৷ একে সময়তে তেওঁ বিভাগটোত কাম কৰিবলৈ ইচ্ছা নথকা বিষয়া–কর্মচাৰীসক পিছুৱাই থাকিবলৈ সকীয়াই দিয়ে৷ এই প্রসংগত তেওঁ কয়– ‘বিভাগটোৰ ৯৯ শতাংশ লোকে ভাল কাম কৰি আহিছে৷ মাত্র এক শতাংশ বিষয়া–কর্মচাৰীয়ে সমগ্র পৰিৱেশ বিনষ্ট কৰিছে৷ গতিকে কাম কৰিবলৈ ইচ্ছা নথকাসকল পিছুৱাই থাকক৷’

You might also like