নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিতেন্দ্র সিঙলৈ দহ জ্যেষ্ঠ কংগ্রেছীৰ পত্র

নির্বাচনী বিপর্যয় পর্যালোচনাৰ কার্যনির্বাহক

নিয়মীয়া বাৰ্তা ১৪ জুনঃ বিধানসভা নির্বাচনৰ ফলাফল প্রকাশৰ এমাহ পাৰ হৈ যোৱাৰ পাছতো অসমত কংগ্রেছ দলে এই পর্যন্ত নির্বাচনী বিপর্যয় সন্দর্ভত আলোচনা কৰাৰ বাবে কোনো পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা নাই৷ ইয়াকে কেন্দ্র কৰি দলৰ অভ্যন্তৰত তীব্র প্রতিক্রিয়া, ক্ষোভ–সন্তুষ্টি চলি থকাৰ সময়তে প্রদেশ কংগ্রেছৰ ১০গৰাকী জ্যেষ্ঠ নেতাই নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙলৈ যোৱা ১০ জুনত এখন পত্র প্রেৰণ কৰিছে৷ পত্রখনত প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক সিঙক অচিৰেই নির্বাচনী বিপর্যয় পর্যালোচনাৰ বাবে দলৰ কার্যনির্বাহক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনায়৷

দলৰ উপ–সভাপতি, প্রাক্তন মন্ত্রী শৰৎ বৰকটকী, উপ–সভাপতি, প্রাক্তন সাংসদ দ্বিজেন শর্মা, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক (প্রশাসন) শৈলেন বৰা, প্রাক্তন সাংসদ বলীন কুলী, প্রাক্তন মন্ত্রী নীলমণি সেন ডেকা, প্রাক্তন মন্ত্রী পৃথিৱী মাঝি, প্রদেশ কংগ্রেছৰ সদস্য চিৰাজুল হুছেইন, প্রদেশ কংগ্রেছৰ সম্পাদক দীপ মজিন্দাৰ বৰুৱা, প্রাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু প্রাক্তন সাংসদ আব্দুল হামিদ স্বাক্ষৰিত পত্রখনত বিধানসভা নির্বাচনৰ ফলাফল প্রকাশৰ এমাহৰ পাছতো কংগ্রেছৰ নির্বাচন বিপর্য সম্পর্কত দলীয় মঞ্চত কোনো আলোচনা হোৱা নাই বুলি উল্লেখ কৰি তত্ত্বাৱধায়ক সিঙক দলৰ জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত প্রদেশ কংগ্রেছৰ কার্যনির্বাহক বৈঠক এখন অচিৰেই অনুষ্ঠিত কৰাৰ দাবী জনায়৷

সম্প্রতি দল স্তব্ধ হৈ পৰাৰ বিষয়ে পত্রখনত উল্লেখ কৰি কয় যে বর্তমান ৰাজীৱ ভৱনলৈ কোনো নাহে৷ নির্বাচনী ফলাফল সম্পর্কে আলোচনাৰ বাবে এখনো বৈঠক আহ্বান কৰা নাই৷ সেয়ে দলৰ তত্ত্বাৱধায়ক হিচাপে সিঙক নিজাকৈ উদ্যোগ লৈ পর্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দাবী জনোৱাৰ লগতে দলৰ নতুন সভাপতি নিযুক্তি নিদিয়া পর্যন্ত প্রদেশ কংগ্রেছৰ জ্যেষ্ঠ উপ–সভাপতি এগৰাকীক ভাৰপ্রাপ্ত সভাপতিৰ দায়িত্ব দিয়াৰ দাবী জনায়৷ পত্রখনৰ প্রতিলিপি নিখিল ভাৰত কংগ্রেছ কমিটীৰ প্রাক্তন সভাপতি ৰাহুল গান্ধলৈও প্রেৰণ কৰিছে৷

You might also like