নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহৰ ব্যৱধানত পত্নী পুত্রক হেৰুওৱা এফচিআইৰ প্রাক্তন বিষয়াৰো মৃত্যু

নিয়মীয়া বাৰ্তা ১৪ জুনঃ ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্রাপ্ত বিষয়া শৈলেন্দ্র নাথ শর্মাৰ (৭৫) আজি গোলাঘাটৰ লাইফ লাইন চিকিৎসালয়ত মৃত্যু হয়৷ গোলাঘাটৰ বিপ্লৱী বীৰ শংকৰ বৰুৱা পথ নিৱাসী প্রয়াত শশী শর্মাৰ পুত্র শৈলেন্দ্র নাথ শর্মা বর্তমান গুৱাহাটীৰ স্থায়ী নিৱাসী আছিল৷ যোৱা ১৪ মে’ত তেওঁৰ পৰিবাৰ আৰু পুত্রৰ শৰীৰত ক’ভিড–১৯ ধৰা পৰাত স্বামী–স্ত্রী দুয়োকে মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয় আৰু পুত্রক এপল’ চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে ১৭ মে’ত ক’ভিড পজিটিভত তেওঁৰ পত্নী লীনা শর্মাৰ মৃত্যু হৈছিল৷

পত্নীৰ মৃত্যুৰ দহ দিনৰ দিনা ২৬ মে’ত তেওঁৰ একমাত্র পুত্র পার্থজয় শর্মাৰ ক’ভিড নিগেটিভ হৈছিল যদিও পুত্রৰো মৃত্যু হয়৷ ইফালে ক’ভিড নিগেটিভ হৈছিল যদিও শৈলেন্দ্র নাথ শর্মাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত জ্যেষ্ঠ ভাতৃক গোলাঘাটত থকা কনিষ্ঠ ভাতৃকেইগৰাকীয়ে গোলাঘাটলৈ আনি ভাতৃ মৃদুল শর্মাৰ নিজা বেচৰকাৰী চিকিৎসালয় লাইফ লাইন চিকিৎসালয়ত ১১ জুনত ভর্তি কৰিছিল যদিও আজি পুৱা ৫ বজাত তেওঁৰো মৃত্যু হয়৷ ৭৫ বছৰীয়া শৈলেন্দ্র শর্মাৰ নিজা পৰিয়ালত বর্তমান আছে দহ বছৰীয়া নাতিসহ বোৱাৰীয়েক৷ এই মর্মান্তিক ঘটনাই গোলাঘাটত শোকৰ ছছা পৰাৰ লগতে বিভিন্ন দল–সংগঠনে শোক প্রকাশ কৰিছে৷

You might also like