নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত সক্ৰিয় গাড়ী চোৰৰ চক্ৰঃ সান্ধ্য আইনৰ মাজতে চোতালৰ পৰাই চুৰি কৰি নিলে বলে’ৰ

  নিয়মীয়া বাৰ্তা ১৪ জুনঃ- সমগ্র ৰাজ্যতে কৰ’না মহামাৰীৰ পৰিপ্রেক্ষিতত সান্ধ্য আইন চলি থকাৰ মাজতে চোৰৰ উপদ্রৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত এক গাড়ী চুৰি ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে । গাড়ী চুৰিৰ ঘটনাই সমগ্র অঞ্চল টোতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ঘৰৰ গেটৰ তলা ভাঙি পুৱতি নিশা মাৰ্ঘেৰিটা পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিবাসী জ্যোতিষ ৰাইৰ নিজৰ বাসগৃহৰ পৰা AS-23w-2747 নম্বৰৰ বগা ৰংঙৰ Bolero বাহনখন চুৰি কৰি দুৰ্বৃত্ত উধাও হয়।

পুৱা ৰাইৰ পত্নী প্রাতঃ ভ্রমণলৈ বুলি ওলাই দেখে চোতালত থোৱা গাড়ী খন নাই । লগে লগে মাৰ্ঘেৰিটা আৰক্ষীক ঘটনা সন্দৰ্ভত অবগত কৰে জ্যোতিষ ৰাইয়ে । উল্লেখ্য যে ৰাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ তথা ভাস্কৰ শৰ্মা ফেনচ ক্লাবৰ সভাপতি | ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখাৰ পৰলৈকে উদ্ধাৰ হোৱা নাই গাড়ী খন। গুৰুত্বপূৰ্ণ কথা – মাৰ্ঘেৰিটাত এইয়া নতুন ঘটনা নহয় । বিভিন্ন সময়ত গাড়ী, মটৰ চাইকেল চুৰি হৈ আহিছে ।

You might also like