নিয়মীয়া বাৰ্তা ১৭ জুনঃ আক্রান্তৰ সংখ্যাৰে একেৰাহে দ্বিতীয় দিনাও গুৱাহাটীক অতিক্রম কৰিলে শোণিতপুৰ, তিনিচুকীয়া, কাছাৰ আৰু যোৰহাট জিলাই৷ বুধবাৰৰ দিনটোত শোণিতপুৰত ২৮২জন, তিনিচুকীয়াত ২৪৪জন, কাছাৰত ২২৪জন আৰু যোৰহাটত ২০৫জন লোক ক’ভডত আক্রান্ত হৈছে৷ ইয়াৰ বিপৰীতে গুৱাহাটীত ক’ভিডত আক্রান্ত হৈছ ১৫৮জন লোক৷ আনহাতে, আজি ৰাজ্যত মুঠ ৩,৩৮৬জন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১,৩০,০৫৩টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.৬০ শতাংশ৷
ইপিনে আজি ক’ভিডৰ পৰা সুস্থ হৈছে ৪,৮৮১জন লোক৷ সম্প্রতি বিভিন্ন চিকিৎসালয়ত আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৩৮,৩০৬জন৷ বুধবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩৬জন৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ৫জন তিনিচুকীয়াৰ৷ তদুপৰি কামৰূপ মহানগৰ–শোণিতপুৰ্ তিনিজনকৈ, বৰপেটা–কাছাৰ–ডিব্ আংলং–মৰিগাঁও–নগাঁ দুজনকৈ আৰু বিশ্বনাথ–চিৰাং–দৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াকে ধৰি ৰাজ্যত বর্তমানলৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,০৬৪জনলৈ বৃদ্ধি পালে৷