নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰৰ কাষতে বছৰৰ ১২ মাহে পানীৰ তলত আৰক্ষীৰ বেৰেক

কইনাধৰাত অসম আৰক্ষী বেৰেকত জোৱানৰ জীৱন যন্ত্রণা

নিয়মীয়া বাৰ্তা ১৭ জুনঃ জকাইচুকত নহয়, খোদ ৰাজ্যৰ ৰাজধানী মহানগৰীতে বিলৈ নোহোৱা হৈছে অসম আৰক্ষীৰ একাংশ জোৱানৰ৷বছৰৰ ১২ মাহে গেলা পানীৰ গোন্ধ লৈ থাকিব লগা হৈছে একাংশ আৰক্ষীৰ জোৱান৷ ‘নিয়মীয়া বার্তা’ৰ গ্রাউণ্ড জিৰ ৰিপ’টত পোহৰলৈ আহিছে কইনাধৰাস্থিত আৰক্ষী বেৰেকৰ বিডম্বনাৰ এখন বাস্তৱ ছবি৷ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দিনত কইনাধৰাত স্থাপন কৰা হৈছিল এটা আৰক্ষীৰ বেৰেক৷ কিন্তু সু–সংঘবদ্ধ পৰিকল্পনা অবিহনে নির্মাণ কৰা এই বেৰেক এতিয়া পৰিণত হৈছে পুখুৰীলৈ৷ বছৰৰ ১২ মাহে গেলা পানীৰে পৰিপূর্ণ হৈ থাকে এই বেৰেকটো৷ তেনে অস্বাস্থ্যকৰ পৰিৱেশত দিন কটাইছে ৭৫জনকৈ আৰক্ষী জোৱানে৷ বেৰেকৰ পদূলি, চৌহদ চৌদিশে লেতেৰা পানী, আৱর্জনাৰ দ’ম৷

আনকি এই গেলা পানী গচকি নিতৌ এইসকল জোৱানে গৈ আছে কর্তব্যলৈ৷ কেৱল এয়াই নহয়, এজাক বৰষুণ দিলেই আলৈ–আথানি নোহোৱা হয় জোৱানসকলৰ৷ কাৰণ বৰষুণ দিলে বেৰেকৰ চৌহদৰ লগতে আৱাসতো সোমায় পানী৷ তদুপৰি বেৰেকৰ চৌহদত থকা শিৱ মন্দিৰৰ ভিতৰতো আবদ্ধ হৈ থাকে গেলা পানী৷ আৰু এনে পৰিৱেশৰ মাজত থাকি থাকি এতিয়া অতিষ্ঠ হৈ পৰিছে একাংশ জোৱান৷ কাৰণ আৰক্ষীৰ ঊর্ধ্বতন কর্তৃপক্ষক এই সন্দর্ভত জোৱানসকলে অৱগত কৰাৰ পাছতো আজিলৈ কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

এই সন্দর্ভত নিজৰ ক্ষোভ ব্যক্ত কৰি একাংশ আৰক্ষী জোৱানে ‘নিয়মীয়া বার্তা’ৰ আগত কয়– আমি জোৱানহে, আমাৰ কথা কোনে শুনিব, চাহাব হ’লে আমাৰ এনে অৱস্থা নহ’লহেঁতেন, আমাতকৈ চাহাবৰ কুকুৰকেইটাই বহুত বেছি আৰামত থাকে৷ ইফালে আন একাংশ জোৱানে ক্ষোভ ব্যক্ত কৰি কয়– আমাৰ বেৰেকৰ এনে জঘন্য পৰিৱেশৰ কাৰণে আমি আমাৰ পৰিয়ালৰ সদস্যসকলক ইয়াত থাকোঁ বুলি নকওঁ৷ খোদ ৰাজধানী চহৰতে এনেদৰে এতিয়া বিলৈ–বিপত্তি নোহোৱা হৈছে এওঁলোকৰ৷ যি সময়ত ৰাজ্য চৰকাৰে মৈত্রী আঁচনিৰ জৰিয়তে প্রতিখন থানা জাকত জিলিকা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে, ঠিক সেই সময়তে উপেক্ষিত হৈ ৰৈছে বহু আৰক্ষীৰ বেৰেক৷

You might also like