নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতিৰ মেৰুদণ্ড মেৰামতিত প্রাধান্য দিব কেন্দ্রই

ভিভাটেক সন্মিলনত প্রধানমন্ত্রী মোদী

নিয়মীয়া বাৰ্তা ১৭ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছে দেশৰ অর্থনীতিৰ মেৰুদণ্ডস্বৰূপ খণ্ডসমূহক সংকটত পেলাইছে৷ এই খণ্ডসমূহক উজ্জীৱিত কৰি তুলিবলৈ ‘মেৰামতি আৰু প্রস্তুত’ক প্রাধান্য দিব লাগিব৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ভাৰত আৰু ফ্রান্সৰ প্রযুক্তিগত দৃষ্টিভংগীক প্রতিফলিত কৰা মঞ্চ ভিভাটেকৰ সন্মিলন সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য আগবঢ়াই কয়– ‘বিগত বছৰ ধৰি আমি বিভিন্ন খণ্ডত ব্যাঘাত জন্মাটো আমি প্রত্যক্ষ কৰিছোঁ৷ এতিয়াও অধিকাংশতে চলি আছে৷ এই ব্যাঘাতৰ অর্থ হতাশ নহয়৷’ দেশৰ স্বাস্থ্যসেৱা খণ্ডৰ আন্তঃগাঁথনিৰ আৱশ্যকতা আৰু অর্থনীতিক উজ্জীৱিত কৰাৰ বাবে দুই ভেটি মেৰামতি আৰু প্রস্তুতক প্রাধান্য দিব লাগিব বুলি দেশবাসীক আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে৷

ক’ভিড–১৯ লকডাউনৰ পৰিপ্রেক্ষিতত অর্থনৈতিক কার্যকলাপ বন্ধ হৈ পৰাত ২০২১ বর্ষৰ ৩১ মার্চত সামৰণি পৰা বিত্তীয় বর্ষটোত দশকটোৰ ভিতৰতে দেশৰ অর্থনীতি ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা বুলি কয় প্রধানমন্ত্রীয়ে৷ অৱশ্যে ভাৰতে বিভিন্ন খণ্ডত খনিৰ পৰা মহাকাশলৈ, ৰেংকিঙৰ পৰা পাৰমাণৱিক শক্তিলৈকে বৃহৎ সংস্কাৰ সাধনেৰে বিকাশৰ হাৰ বৃদ্ধি কৰাৰ পদক্ষেপ লৈছে বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷ লক্ষণীয় যে ভাৰতে উদ্ভাৱক আৰু বিনিয়োগকাৰীৰ আৱশ্যকতাক গুৰুত্ব দি প্রস্তাৱ আগবঢ়াইছে বুলি প্রধানমন্ত্রীগৰাকীয়্ কয়৷ ভাৰতত পাঁচ স্তম্ভ প্রতিভা, বজাৰ, মূলধন, জৈৱ–বৈচিত্র্য আৰু মুক্ত সংস্কৃতিৰ আধাৰত বিশ্বক বিনিয়োগ কৰিবলৈ প্রধানমন্ত্রীগৰাকীয়্ আহ্বান জনায়৷ প্রধানমন্ত্রীগৰাকীয়্ মহামাৰী ক’ৰোনা কালত ডিজিটেল প্রযুক্তিৰ দেশৰ অনেক সহায়ক হৈছে বুলি কয়৷ বিশ্বৰ বৃহত্তম ষ্টার্ট আপ পৰিৱেশতন্ত্রৰ অন্যতম দেশ ভাৰত বুলি আখ্যা দি প্রধানমন্ত্রীগৰাকীয়্ কয় যে বিশ্বৰ প্রযুক্তি আৰু ষ্টার্ট আপৰ বাবে দেশখনৰ উত্তৰণ জনাজাত৷

You might also like