নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঠঘৰীয়াত ঋণগ্রস্ত মহিলাৰ প্রতিবাদ

চর্ত পৰিহাৰ কৰি মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবী

নিয়মীয়া বাৰ্তা ১৭ জুনঃ ৰাজ্য চৰকাৰে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ক্ষেত্রত নতুন চর্ত আৰোপেৰে ঋণগ্রস্থ মহিলাসকলক চূডান্ত প্রতাৰণা কৰাৰ অভিযোগ তুলি আজি দিনৰ ১১ বজাত মঠঘৰীয়াত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে একাংশ ঋণগ্রস্ত মহিলাই৷ চৰকাৰে নির্ধাৰণ কৰা চর্তসমূহ পুনৰ বিবেচনাৰ দাবী তুলি শিৱনগৰ, পূব শিৱ নগৰ, হৰিপুৰ, গীতানগৰ আদি অঞ্চলৰ পৰা অহা ঋণগ্রস্ত মহিলাসকলে মঠঘৰীয়া, হৰিপুৰস্থিত শংকৰ–মাধৱ আঞ্চলিক প্রাথমিক বিদ্যালয় প্রাংগণত একগোট হৈ প্রতিবাদ সাব্যস্ত কৰে ঋণগ্রস্ত মহিলাসকলে৷

প্রতিবাদী মহিলাসকলে ৰাজ্য চৰকাৰে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ক্ষেত্রত জাৰি কৰা নিয়মাৱলী কোনোপধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি নির্বাচনৰ পূর্বে ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা প্রতিশ্রুতি পালন নকৰিলে লুইতৰ বুকুত আত্মজাহ দিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে৷ ক্ষুব্ধ মহিলাসকলে চৰকাৰে মাইক্র’ফাইনেঞ্চৰ ঋণ মাফ কৰক, দৰিদ্র মহিলাসকলক ঋণৰ পৰা মুক্ত কৰক, ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রতিশ্রুতি পূৰম কৰক আদি প্রতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদী ঋণগ্রস্ত মহিলাসকলে ঋণ ৰেহাইৰ নামত চর্ত আৰোপ কৰি প্রকৃততে বিভাজনমূলক নীতি গ্রহণ কৰা বুলিও অভিযোগ তোলে৷

You might also like