নলবাৰীত খিলঞ্জীয়া মুছলমানক উচ্ছেদৰ ষড়যন্ত্র
নিয়মীয়া বাৰ্তা ১৯ জুনঃ হিন্দু–মুছলমানৰ সাতামপুৰুষীয়া সম্প্রীতিত ব্যাঘাত জন্মাই এজন বিজেপি নেতাই শতাধিক খিলঞ্জীয়া মুছলমান পৰিয়ালক উচ্ছেদ কৰাৰ ষডযন্ত্রত লিপ্ত হোৱাক লৈ নলবাৰী জিলাৰ নাহেৰবাৰীত শুকুৰবাৰে উত্তেজনাৰ সৃষ্টি হয়৷
উল্লেখ্য যে সম্প্রীতিৰ ‘মিলনপুৰ’ খ্যাত নাহেৰবাৰীত প্রায় ডেৰশ বছৰ পূর্বৰে পৰা শতাধিক খিলঞ্জীয়া মুছলমান, হিন্দু, সাম্প্রদায়ৰ লোকে বাস কৰি আছে যদিও একাংশ পৰিয়ালৰ ভূমি স্বত্ত নাই৷ কেৱল তেওঁলোকৰ ভূমিৰ খাজনা দিয়া ৰছিদহে আছে৷ ইয়াৰে আছিলা লৈ স্থানীয় সৰকাৰ উপাধিৰ বিজেপি নেতা এগৰাকীয়ে নাহেৰবাৰীত বাস কৰা একাংশ খিলঞ্জীয়া মুছলমান পৰিয়ালক উচ্ছেদ কৰাৰ ষডযন্ত্রত নামি পৰাৰ অভিযোগ উত্থাপন কৰিছে৷
শুকুৰবাৰে আতংকিত পৰিয়ালসমূহে একমুখে অভিযোগ কৰে যে তেওঁলোকে আতা–পিতাৰ দিনৰ পৰাই বাস কৰি থকাৰ পিছত বিগত ১৯৯০–৯১ চনত স্থানীয় নাগৰিক সমাজে ৰিজার্ভ ভূমিত ভূমিহীন একাংশ দুখীয়া হিন্দু–মুছলমান লোকক দুই–তিনি কঠাকৈ ভূমি দি তাত বাস কৰিবলৈ দিয়ে৷ সেই তেতিয়াৰে পৰা লোকসকলে উক্ত ভূমিৰ খাজনা পর্যন্ত চৰকাৰক প্রদান কৰি আহিছে৷ উল্লেখ্য যে উক্ত নাহেৰবাৰীত পূর্বৰে পৰা দুই শতাধিক হিন্দু বাঙালী পৰিয়াল বাস কৰি আছে৷ এই হিন্দু বাঙালীৰ নেতা সৰকাৰে কেইজনমান পালিনেতাক লগত লৈ শেহতীয়াকৈ কেৱল মুছলমান পৰিয়ালকেইটাক উচ্ছেদ কৰিব বুলি প্রচাৰ কৰি আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিগত কেইদিন ধৰি নাহেৰবাৰী চ’কত একাংশ দোকানীক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে৷
বিগত ২০১৬ চনত লগোৱা ষ্ট্রীট লাইটৰ খুঁটা পর্যন্ত কেইদিনমান পূর্বে উভালি পেলাইছে৷ চ’কত থকা ১২খন দোকানৰ ভিতৰত মুছলমান লোকৰ দোকান চাৰিখনক কেন্দ্র কৰি বিভিন্ন হাৰাশাস্তি কৰি আছে৷ স্থানীয় কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ উন্নয়নৰ নামত ধন ধার্য কৰি আত্মসাৎ কৰাৰ অভিযোগ থকা নন্দলাল সৰকাৰে চক্র বিষয়া লাট মণ্ডলৰ উপৰি বিভিন্ন বাহিৰৰ মানুহ আমদানি কৰি আনি অঞ্চলটোত এক আতংকৰ পৰিৱেশ সৃষ্টি কৰা বুলি শুকুৰবাৰে ৰাইজে অভিযোগ কৰিছে৷
ইফালে অঞ্চলটোত একাধিক জাতি জনগোষ্ঠীৰ লোক বাস কৰা বাবে অঞ্চলটোৰ নাম দিছে ‘মিলনপুৰ’৷ গতিকে এনে মিলনপুৰৰ ঐতিহ্য বিনষ্ট নকৰিবলৈ সকীয়াই দি অঞ্চলটোৰ ৰাইজে এই সন্দর্ভত জিলা প্রশাসনক উচিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে৷