এক্সকেভেটৰেৰে ভাঙিলে নলাতে নির্মাণ কৰা হোটেল প্রেমদাৰ চাৰিসীমাৰ বেৰ
নিয়মীয়া বাৰ্তা ১৯ জুনঃ বছৰ বছৰ ধৰি নলবাৰী চহৰবাসী কৃত্রিম বানত নৰক–যন্ত্রণা ভুগি আহিছে৷ চহৰৰ নলা–নর্দমাসমূহ একাংশ লোকে নিজৰ খেয়াল–খুচিমতে বন্ধ কৰি ৰখাৰ পিছত এনে লোকৰ বিৰুদ্ধে নলবাৰী জিলা প্রশাসন, পৌৰ প্রশাসনে ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আজি নলবাৰী উন্নয়ন প্রাধিকৰণে উচ্ছেদ অভিযান চলায়৷ নলবাৰী উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকা আৰু প্রাধিকৰণৰ সদস্য সচিব, নলবাৰী চহৰ আৰু নগৰ পৰিকল্পনা বিভাগৰ সহকাৰী সঞ্চালক গোবিন্দ সোণোৱালৰ নেতৃত্বত এটা অভিযানকাৰী দলে গোপাল বজাৰস্থিত হোটেল প্রেমদাৰ হোটেলখনৰ চাৰিসীমাৰ পকী বেৰ এক্সকেভেটৰেৰ ভাঙি পেলায়৷ চহৰৰ সমস্ত পানী নলাৰে প্রেমদা হোটেলৰ কাষেৰে ওলাই গৈ সেই পানী ফুলগুৰি জানত পৰে৷ কিন্তু হোটেলখনৰ চাৰিসীমাৰ পকী দেৱাল পথৰ নলাৰ ওপৰত পৰাত নলাৰ পানী ওলাই যোৱা বন্ধ হৈ পৰিছিল৷
নলবাৰী উন্নয়ন প্রাধিকৰণে কঠোৰ পদক্ষেপ গ্রহণ কৰে৷ অভিযোগ অনুসৰি, নলবাৰী চহৰৰ বৰষুণৰ পানী নিকটৱর্তী ফুলগুৰি জানলৈ ওলাই যোৱা পথটোৰ ক্ষেত্রত উক্ত হোটেলখনৰ কাষত নলা–নর্দমাৰ কোনো ধৰণৰ ব্যৱস্থা নথকাৰ ফলতেই পানী আবদ্ধ হৈ কৃত্রিম বানৰ সৃষ্টি হৈছিল৷ এনে পৰিস্থিতিত নলবাৰী সমষ্টিৰ বর্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নির্দেশত আজি নলবাৰী উন্নয়ন প্রাধিকৰণে এনে ইতিবাচক পদক্ষেপ গ্রহণ কৰে৷ উন্নয়ন প্রাধিকৰণৰ এনে কার্যক নলবাৰীৰ সচেতন সমাজে প্রশংসা কৰিছে৷
উল্লেখ্য, ইয়াৰ কিছুদিন পূর্বে নলবাৰী–হাজো পথৰ বীৰেন গেৰেজৰ সন্মুখৰ পৰা আইন মহাবিদ্যালয় হৈ যোৱা পথটোৰ সন্মুখভাগতে থকা সুশীল শর্মা নামৰ ব্যক্তিজনৰ ঘৰৰ সন্মুখত নলাৰ ওপৰতে থকা প্রকাণ্ড পকী বেৰখনো ভঙাৰ ক্ষেত্রত গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এটা গোচৰৰ বাবে দীর্ঘকাল ধৰি ভাঙিব পৰা নাছিল৷ কিন্তু এইবাৰ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ আউতাত সোমাই লৈ উক্ত বেৰখনো প্রশাসনে ভাঙি দিয়াত হাজো পথত বছৰ বছৰ ধৰি আবদ্ধ হৈ থকা পানী এইবাৰ ওলাই গৈছিল৷ নলবাৰীত কৃত্রিম বান ৰোধ কৰাৰ উদ্দেশ্যে অব্যাহত থকা অভিযান সন্দর্ভত নলবাৰী উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকাই কয় যে স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই এইক্ষেত্রত গ্রহণ কৰা কঠোৰ পদক্ষেপৰ বাবেই উন্নয়ন প্রাধিকৰণে দিনে–নিশাই নলা–নর্দমা চাফ কৰা কাম চলাই আছে৷ নলবাৰীৰ একাংশ লোকে পথৰ ওপৰত চাৰিসীমাৰ পকী বেৰ নির্মাণ কৰা বুলি দোহাৰি তেওঁ কয় যে এইবাৰ কিন্তু কৃত্রিম বান ৰোধৰ স্বার্থত তেনে লোকেও সম্প্রতি সহযোগিতা আগবঢ়াইছে৷
তদুপৰি নৱনিযুক্ত উপায়ুক্ত গীতিমণি ফুকন, নলবাৰী পৌৰসভাৰ কার্যবাহী বিষয়া ছয়নিকা ঠাকুৰীয়া, নলবাৰী লোক নির্মাণ বিভাগ, পূব নলবাৰী উন্নয়ন খণ্ডৰ কার্যালয়েও এইক্ষেত্রত সহযোগিতা আগবঢ়োৱা বুলিও কয় এন ডি এৰ অধ্যক্ষ বনদীপ ডেকাই৷ লক্ষণীয়ভাৱে বিগত সময়ত নলবাৰী উন্নয়ন প্রাধিকৰণ (এন ডি এ) নামৰ বিভাগটোৱে কৃত্রিম বান সমস্যা কিম্বা নলা–নর্দমাৰ সমস্যা সন্দর্ভত কোনো ধৰণৰ কার্যকৰী ব্যৱস্থা গ্রহণ কৰা দেখা নগৈছিল যদিও এইবেলি এন ডি এৰ অধ্যক্ষ বনদীপ ডেকাৰ তৎপৰতাত বিগত কিছুদিন ধৰি চহৰৰ লগতে উপকণ্ঠ অঞ্চলসমূহৰ আবদ্ধ পানী নিষ্কাশনৰ বাবে জে চি বিৰে বন্ধ হৈ থকা নলা–নর্দমাবোৰ খান্দি থকা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত জিলাখনত নতুনকৈ যোগদান কৰা চহৰ আৰু নগৰ পৰিকল্পনা বিভাগৰ উপ–সঞ্চালক তথা এন ডি এৰ সদস্য সচিব ফটিক বৰা আৰু চহৰ আৰু নগৰ পৰিকল্পনা বিভাগৰ সহকাৰী সঞ্চালক গোবিন্দ সোণোৱালে নিজে ফিল্ডত নামি এনে কামৰ তদাৰক কৰি থকা দেখা গৈছে৷
উল্লেখ্য, নলবাৰী চহৰৰ কাষেৰে বহুতো জান বৈ গৈছে যদিও নলবাৰী পৌৰসভাৰ অকর্মণ্যতাৰ বাবে চহৰৰ নলা–নর্দমাসমূহ উক্ত জানৰ লগত বিজ্ঞানসন্মতভাৱে সংযোগ কৰিব নোৱাৰাত নলবৰীয়া ৰাইজে দীর্ঘদিন ধৰি জীয়াতু ভুগি আহিছে৷