নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ৬–৮ সপ্তাহৰ ভিতৰত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ অনিবার্য

নিয়মীয়া বাৰ্তা, ২০ জুনঃ ভাৰতত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ অনিবার্য৷ পৰৱর্তী ৬ৰ পৰা ৮ সপ্তাহৰ ভিতৰতে দেশত ই আঘাত হানিব৷ এই সকীয়নি নতুন দিল্লী এইমছৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰীয়াৰ৷ দ্বিতীয় জোৱাৰ সংহাৰ সামান্য নিম্নগামী হোৱাৰ লগে লগে দেশজুৰি ৰাজ্যসমূহে কঠোৰ নিষেধাজ্ঞা আঁতৰাই আনলক প্রক্রিয়া আৰম্ভ কৰাৰ সময়তে তৃতীয় জোৱাৰৰ ভয়াৱহতাক লৈ সকীয়নি দিছে এইমছৰ মুৰব্বী ডাঃ গুলেৰীয়াই৷

ইতিপূর্বে বিশিষ্ট চিকিৎসা বিশেষজ্ঞই দেশত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ তীব্রতৰ হ’ব বুলি সকীয়নি দি আহিছে৷ দ্বিতীয়তকৈ তৃতীয় জোৱাৰৰ তীব্রতা অধিক ভয়াৱহ হোৱাৰ ইংগিত দি এইমছৰ মুৰব্বী গুলেৰীয়াই কয়– ‘আমি আনলক আৰম্ভ কৰিছোঁ৷ পুনৰ ক’ভিড–১৯ৰ সঠিক আচৰণৰ অভাৱ ঘটিছে৷ আমি প্রথম আৰু দ্বিতীয় জোৱাৰৰ মাজত কি ঘটিছিল তাৰ পৰা শিক্ষণ লোৱাটো দেখা নাই৷ পুনৰ জনসমাগম বৃদ্ধি পাবলৈ ধৰিছে৷ জনতাই ভিৰ কৰিছে৷ ইয়ে কিছুদিনলৈ পুনৰ ৰাষ্ট্রীয় পর্যায়ত আক্রান্তৰ সংখ্যা বৃদ্ধি কৰিব৷ তৃতীয় জোৱাৰ অনিবার্য আৰু ই ৬ৰ পৰা ৮ সপ্তাহৰ ভিতৰত দেশত আঘাত কৰিব৷ সম্ভৱতঃ ই অধিক দীঘলীয়া হ’ব৷’ প্রথমতকৈ দ্বিতীয় জোৱাৰত দেশজুৰি ক’ভিড–১৯এ বিপজ্জনক পৰিস্থিতি সৃষ্টি কৰাৰ প্রসংগ উল্লেখেৰে এইমছৰ মুৰব্বী গুলেৰীয়াই কয় যে পৰৱর্তী সময়ত ক’ভিডক লৈ সঠিক আচৰণ আৰু কিদৰে জনতাৰ সমাগম নিয়ন্ত্রণ কৰে, তাৰ ওপৰত তৃতীয় জোৱাৰৰ সংহাৰৰ ভয়াৱহতা নির্ভৰ কৰিব৷ তৃতীয় জোৱাৰ আৰম্ভৰ পূর্বে দেশৰ নাগৰিকক টিকাকৰণৰ ওপৰত প্রাধান্য দি ডাঃ গুলেৰীয়াই এই কথাও স্পষ্ট কৰি দিয়ে যে সমগ্র দেশৰ বৃহৎসংখ্যক জনতাক টিকাকৰণ কৰাটো অতি প্রত্যাহ্বানমূলক৷ এতিয়ালৈকে মুঠ জনসংখ্যাৰ মাত্র ৫ শতাংশক টিকাকৰণ কৰা হৈছে৷

চলিত বছৰৰ শেষলৈকে কেন্দ্রই ১৩০ কোটি লোকৰ ভিতৰত ১০৮ কোটিক টিকাকৰণৰ লক্ষ্য লৈছে যদিও ই কিমান ফলপ্রসূ হ’ব ই চিন্তনীয় বুলিও কয় ডাঃ গুলেৰীয়াই৷ গ্রেট ব্রিটেইনত ডেল্টা প্রকৰণ প্রসাৰিত হৈ তৃতীয় জোৱাৰৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি ডাঃ গুলেৰীয়াই কয় যে ভাইৰাছটো এতিয়া পৰিৱর্তিত হৈ আছে৷ গতিকে দেশবাসী সজাগ হোৱাৰ আৱশ্যক আছে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ নতুন জোৱাৰৰ আঘাতৰ সময় হ্রস্বকালীন হৈ পৰাটো উদ্বিগ্ণতাৰ বিষয় বুলিও উল্লেখ কৰি ডাঃ গুলেৰীয়াই কয়– ভাৰতত প্রথম জোৱাৰত ভাইৰাছটো যিমান গতিত সম্প্রসাৰিত হৈছিলস, পিছলৈ দ্বিতীয় পর্যায়ত ভাইৰাছটো পৰিৱর্তিত হৈ অধিক গতিত সম্প্রসাৰিত হৈছে আৰু এতিয়া ভাইৰাছটো অধিক সংক্রমণশীল হৈ উঠিছে৷ ডেল্টা প্রকৰণ অধিক সংক্রমণশীল হৈ দ্রুতগতিত সম্প্রসাৰিত হৈছে৷

উল্লেখ্য যে ডাঃ গুলেৰীয়াই দেশত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ অনিবার্য বুলি সতর্কবাণী দিয়াৰ সময়তেই মহাৰাষ্ট্রত ৭০ শতাংশ লোকক টিকাকৰণ নকৰালৈকে ক’ভিড–১৯ প্রট’কল শিথিল নকৰিবলৈ ৰাজ্য চৰকাৰক পৰামর্শ আগবঢ়াইছে ভাইৰাছটোক লৈ গঠিত টাস্ক ফ’র্চে৷ ইপিনে দেশৰ কেইবাখনো ৰাজ্যই ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ লগে লগে আনলক প্রক্রিয়া আৰম্ভ কৰিছে৷ এই লৈ উদ্বিগ্ণ কেন্দ্রীয় গৃহ মন্ত্রালয়ে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ পত্রযোগে আনলক প্রক্রিয়া আৰম্ভ কৰাৰ পূর্বে ক’ভিডক লৈ পাঁচদফীয়া নীতি মানি চলিবলৈ পৰামর্শ আগবঢ়াইছে৷

কেন্দ্রীয় গৃহ মন্ত্রালয়ে পত্রত উল্লেখ কৰা মতে ক’ভিড–১৯ক লৈ সঠিক আচৰণ, পৰীক্ষা–চিনাক্ত–চিক আৰু টিকাকৰণক গুৰুত্ব দিহে আনলক প্রক্রিয়া ৰাজ্যসমূহক বিবেচনা কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লা স্বাক্ষৰিত পত্রত উল্লিখিত পাঁচদফীয়া নীতি কঠোৰভাৱে মানি চলাৰ লগতে টিকাকৰণ অভিযান ক্ষিপ্রতৰ কৰি তুলিবলৈ আহ্বান জনাইছে৷ আনপিনে, যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ৬০,৭৫৩জন৷ বিগত ৭৪ দিনৰ ভিতৰত এদিনত সর্বনিম্ন এই আক্রান্তৰ সংখ্যা৷ এই আক্রান্তক লৈ দেশজুৰি আক্রান্তৰ সংখ্যা ২,৯৮,২৩,৫৪৬জনলৈ বৃদ্ধি পাইছে৷

আনহাতে, বিগত দুদিন ধৰি মৃতকৰ সংখ্যাও হ্রাস পাবলৈ ধৰিছে৷ এদিনত দুই হাজাৰৰ তললৈ নিম্নগামী হৈছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ১,৬৪৭জনৰ৷ ইয়াকে লৈ মুঠ মৃতকৰ সংখ্যা ৩,৮৫,১৩৭লৈ বৃদ্ধি পাইছে৷ লক্ষণীয় যে বিগত ৩৬ দিন ধৰি এদিনত আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৯৭,৭৪৩জন৷ ইয়াকে লৈ সুস্থ হোৱা লোকৰ সংখ্যা ২,৮৬,৭৮,৩৯০জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সাপ্তাহিক পজিটিভিটী হাৰ ৩.৫৮ শতাংশলৈ নিম্নগামী হৈছে৷ দৈনিক পজিটিভিটী হাৰ ২.৯৮ শতাংশ৷ সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৭,৬০,০১৯জন৷ আনপিনে এতিয়ালৈকে দেশজুৰি ২৭.২৩ কোটি ভেকচিন ড’জ প্রদান কৰা হৈছে৷

You might also like