নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহে বন্ধ তিনি সহস্রাধিক কর্মচাৰীৰ মাহিলি পেন্সন

নিয়মীয়া বাৰ্তা ২১ জুনঃ ক’ৰোনাসৃষ্ট পৰিৱেশৰ মাজত মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ লোকক মাধমাৰ শোধাইছে৷ মহামাৰীৰ সময়ছোৱাত ব্যৱসায়িক প্রতিষ্ঠান, দোকান–পোহাৰ আদি একপ্রকাৰ বন্ধ হৈ পৰাত সর্বসাধাৰণ লোকৰ উপার্জনৰ পথ নোহোৱা হৈছে৷ একে সময়তে গুৱাহাটী পৌৰ নিগমৰ অৱসৰপ্রাপ্ত অস্থায়ী কর্মচাৰীসকলৰ মাহিলি পেন্সন যোৱা ছমাহ ধৰি বন্ধ হৈ আছে৷ ফলত অৱসৰপ্রাপ্ত কর্মচাৰীসকলে আর্থিক সংকটৰ সন্মুখীন হৈছে৷ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত ছমাহ ধৰি মাহিলি পেন্সন নোপোৱাত জিএমচিৰ অৱসৰপ্রাপ্ত কর্মচাৰীসকলে গভীৰ আর্থিক সংকটত পৰাৰ লগতে দুর্বিষহ জীৱন পাৰ কৰিছে৷ তদুপৰি, একাংশ ৰুগ্ণ কর্মচাৰীয়ে অর্থৰ অভাৱত প্রয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হৈছে৷

ইপিনে, পেন্সনৰ ধনেৰে পৰিয়াল চলোৱা অৱসৰপ্রাপ্ত কর্মচাৰীসকলে ক’ৰোনা মহামাৰীৰ সময়ছোৱাত নিজ নিজ পৰিয়ালৰ বাবে প্রয়োজনীয় নিত্যব্যৱহার্য সামগ্রী ব্যয় কৰিব পৰা নাই বুলি একাংশ অৱসৰপ্রাপ্ত কর্মচাৰীয়ে অভিযোগ কৰিছে৷ পৌৰ নিগমৰ পানী যোগান সেৱাত শ্রমদান কৰি অৱসৰগ্রহণ কৰা কর্মচাৰী শ্বাহিদ আলীয়ে জানিবলৈ দিয়া মতে, বিগত ছমাহ ধৰি জিএমচি কর্তৃপক্ষই পানী যোগান সেৱাৰ প্রায় তিনি হাজাৰ অৱসৰপ্রাপ্ত অস্থায়ী কর্মচাৰীৰ মাহিলি পেন্সন আদায় দিয়া নাই৷ ফলত অৱসৰপ্রাপ্ত কর্মচাৰীসকল গভীৰ আর্থিক সংকটত পৰিছে৷

ক’ৰোনা মহামাৰীৰ সময়ছোৱাত আনকি বহু অৱসৰপ্রাপ্ত কর্মচাৰীয়ে প্রয়োজনীয় ঔষধ আদি ক্রয় কৰিব পৰা নাই৷ একেই অভিযোগ যুগেন্দৰ প্রসাদৰো৷ তেওঁ কয় যে ছমাহ ধৰি পেন্সনৰ ধন আদায় নিদিয়াৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ বিশেষকৈ ক’ভিড পৰিস্থিতিৰ সময়ছোৱাত পেন্সনৰ ধন বন্ধ ৰখাৰ বাবে তেওঁৰ দৈনন্দিন জীৱিকা একপ্রকাৰ অচল হৈ পৰিছে৷ পূর্বেও এবাৰ জিএমচি কর্তৃপক্ষই অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ মাহিলি পেন্সন বন্ধ কৰিছিল যদিও কর্মচাৰীসকলৰ হেঁচাত মুকলি কৰি দিয়ে৷ এইবেলিও যোৱা ছমাহ ধৰি অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ মাহিলি পেন্সন আদায় দিয়া নাই৷ সেয়েহে অস্থায়ী কর্মচাৰীসকলৰ পেন্সনৰ বকেয়া ধন শীঘ্রে মোকলাই দিবলৈ অৱসৰপ্রাপ্ত কর্মচাৰী শ্বাহিদ আলী, যুগেন্দৰ প্রসাদ, বাবুল দাস, ৰতন দাস, গোবিন্দ ডেকা, নগেন বড়ো আৰু নৰকাসুৰ থাপাই পৌৰ আয়ুক্ত দেৱাশিস শর্মাক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷

You might also like