নিয়মীয়া বাৰ্তা ২৩ জুনঃ ড্রাগ্ছ জেহাদৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ড্রাগ্ছবিৰোধী অভিযানত কোটি কোটি টকাৰ ড্রাগ্ছসহ গ্রেপ্তাৰ হৈছে ড্রাগ্ছ সৰবৰাহকাৰী৷ ৰাজ্যজুৰি চলা ড্রাগ্ছবিৰোধী অভিযানৰ পাছতে বন্ধ হৈ পৰিছে ড্রাগ্ছৰ সাম্রাজ্য৷ ড্রাগ্ছৰ ব্যৱসায় প্রায় বন্ধ হৈ যোৱাৰ পাছতে ড্রাগ্ছ আসক্ত যুৱক–যুৱতীসকলে ড্রাগ্ছ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ ড্রাগ্ছ সেৱন কৰিবলৈ নাপাই একাংশ ড্রাগ্ছ আসক্তই উন্মাদ আচৰণ কৰা বহু ঘটনা সংঘটিত হৈছে৷ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ড্রাগ্ছৰ ট্রেনজিৎ পইণ্টত পৰিণত হোৱা গুৱাহাটী মহানগৰীত ড্রাগ্ছৰ ৰমৰমীয়া বেহা বন্ধ হৈ পৰিছে৷
ড্রাগ্ছ আসক্ত যুৱকে ড্রাগ্ছ নাপাই কফ ছিৰাপ, ডেনড্রাইটকে ধৰি অন্যান্য নিচাজাতীয় ঔষধ সেৱন কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মহানগৰীৰ বাঘৰবড়িৰ পূৱেৰুণ পথৰ এগৰাকী একৈশ বছৰীয়া ড্রাগ্ছ আসক্ত যুৱকে বিগত কেইবাদিনো ধৰি ড্রাগ্ছ সেৱন কৰিবলৈ নাপাই আজি ঘৰতে চিপ লৈ আত্মহত্যা কৰা এক শোকাৱহ আৰু উদ্বেগজনক ঘটনা সংঘটিত হয়৷ দীর্ঘদিন ধৰি ড্রাগ্ছ সেৱন কৰিবলৈ নাপাই অসীম দত্ত (২১) নামৰ যুৱকজনে আত্মহত্যাৰ দৰে পথ বাছি লোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে৷
মুখ্যমন্ত্রীৰ নির্দেশত অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখি ড্রাগ্ছৰ ঘাটিসমূহ উৎখাত কৰিছে৷ ড্রাগ্ছৰ ঘাটি উৎখাত কৰিলেও ড্রাগ্ছ আসক্ত যুৱক–যুৱতীসকলৰ্ শাৰীৰিক আৰু মানসিক উৎকর্ষ বিকাশৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই চৰকাৰে৷ সেয়েহে চৰকাৰক ড্রাগ্ছ আসক্ত যুৱক–যুৱতীসকলৰ্ বাবে ৰিহেবিলিটাইজেচন চেণ্টাৰ স্থাপন কৰিবলৈ সচেতন লোকসকলে আহ্বান জনাইছে৷ কেৱল ৰিহেব চেণ্টাৰ চৰকাৰে স্থাপন কৰিলেই ড্রাগ্ছ আসক্ত যুৱক–যুৱতীসকলে যে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰিব এনে নহয়, অভিভাৱকসকলেও এইক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব লাগিব বুলি কেইবাগৰাকী চিন্তাশীল ব্যক্তিয়ে মন্তব্য আগবঢ়াইছে৷