নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপান কৰোৱাই যুৱতীক নির্যাতন ৰাণীৰ বিতর্কিত ব্যৱসায়ী দীপক বৰুৱাৰ

আৰক্ষীৰ সহযোগত যুৱতীৰ ম’বাইলৰ পৰা ভিডিঅ’–অডিঅ’ ডিলিট

নিয়মীয়া বাৰ্তা ২৩ জুনঃ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে নাৰী নির্যাতনৰ ঘটনা৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ সমীপৱর্তী ৰাণীত এগৰাকী বহু বিতর্কিত ব্যৱসায়ীয়ে কেইগৰাকীমান যুৱতীক নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি ৰাণী ক’চিং চেণ্টাৰৰ নামত ক্রীড়াৰ প্রশিক্ষণ আৰু অনুশীলন কৰাৰ প্রলোভনেৰে বিতর্কিত ব্যৱসায়ী দীপক বৰুৱাই ১০গৰাকী যুৱতীক ৰাণীলৈ আনে৷ নগাঁও, হাউলী, লখৰা, টিহু আৰু ধুবুৰীৰ পৰা অহা এই ১০গৰাকী যুৱতীক ব্যৱসায়ী দীপক বৰুৱাই আর্থিক সহায় কৰাৰো প্রতিশ্রুতি দিছিল৷ এই ১০গৰাকী যুৱতীৰ ভিতৰত ৪গৰাকী যুৱতী নিজ গৃহলৈ উভতি যায়৷ আর্থিক সহায়ৰ প্রতিশ্রুতিৰে ক্রীড়াৰ প্রশিক্ষণৰ বাবে ৬গৰাকী যুৱতীক আনি দীপক বৰুৱাই ৰাণীস্থিত নিজৰ কার্যালয়ত বলপূর্বক সুৰাপান আৰু চিগাৰেট সেৱন কৰাবলৈ বাধ্য কৰোৱাৰ লগতে দুগৰাকী যুৱতীক অশ্লীল প্রস্তাৱ দিয়ে৷

দীপক বৰুৱাৰ কু–ভিপ্রায়ৰ কথা জানিব পাৰি এগৰাকী যুৱতীয়ে ম’বাইলত ভিডি’ কৰে৷ ব্যৱসায়ী দীপক বৰুৱাৰ নির্যাতনৰ পৰা ৰক্ষা পাবলৈ ১৪ জুনৰ নিশাই ৬গৰাকী যুৱতীয়ে ৰাণীৰ পৰা পলায়ন কৰি তিনি কিলোমিটাৰ নিলগৰ মৈৰাপুৰৰ এঘৰ লোকৰ ঘৰত আশ্রয় লয়৷ ইফালে ব্যৱসায়ী দীপক বৰুৱাই এই কথা জানিব পাৰি ছোৱালীকেইগৰাকীক ফোনত অশ্লীল গালি গালাজ কৰি ভাবুকি প্রদান কৰে৷ যুৱতী নির্যাতনৰ ঘটনাৰ পৰা নিজকে বচাবলৈ দীপক বৰুৱাই ১৫ জুনৰ পুৱা ৰাণী আৰক্ষী চকীত ৬গৰাকী যুৱতীয়ে বৰুৱাৰ ঘৰৰ পৰা আলমিৰা ভাঙি ৫ লাখ টকা লুট কৰা বুলি এজাহাৰ দাখিল কৰে৷

ৰাণী আৰক্ষীয়ে ৬গৰাকী যুৱতীক থানালৈ আনি সোধ–পোছ কৰাত সুৰাপান কৰিবলৈ বাধ্য কৰোৱাৰ ভিডিঅ’ আৰু অশ্রব্য গালি–গালাজৰ অডিঅ’ আৰক্ষীক প্রদান কৰে৷ ইয়াৰ পাছতে দীপক বৰুৱাই এজাহাৰখন উঠাই লৈ আৰক্ষীৰ সহযোগত যুৱতীকেইগৰাকীৰ ম’বাইলৰ পৰা ভিডি’ আৰু অডি’ ডিলিট কৰায়৷ ৰাণী আৰক্ষী চকীৰ উপ–পৰিদর্শকগৰাক্ সৈতে পূর্বৰে পৰা থকা ঘনিষ্ঠতা আৰু মোটা অংকৰ ধনৰ বিনিময়ত থানাতে সমগ্র বিষয়টো মীমাংসা কৰে৷ যুৱতীকেইগৰাকীয়েও পৰিয়ালৰ মান–সন্মানৰ কথা চিন্তা কৰি বিষয়টো ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে৷ অৱশ্যে ৰাণীৰ বিভিন্নজনৰ ম’বাইলত দীপক বৰুৱাই যুৱতীকেইগৰাকীক চলোৱা নির্যাতনৰ ভিডিঅ’ আৰু অডিঅ’ আছে৷ কু–চৰিত্রৰ ব্যৱসায়ীৰ হাতত যুৱতী নির্যাতিত হোৱাৰ পাছতো ৰাণী আৰক্ষীয়ে দীপক বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াক লৈ সর্বত্র চর্চা চলিছে৷ ৰাণীত যুৱতী নির্যাতিত হোৱা ঘটনাটো মহানগৰ আৰক্ষীয়ে কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like